ETV Bharat / state

কাহিলি পুৱাতেই সূৰ্য দেৱতাক আৰাধনা কৰিলে শ শ ভক্তই

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 9:47 AM IST

Chhath puja celebration in Assam
কাহিলি পুৱাতেই সূৰ্য দেৱতাক আৰাধনা কৰিলে শ শ ভক্তই

ৰাজ্যৰ ভিন্ন প্ৰান্তত তৃতীয় আৰু চতুৰ্থ দিনাও বিহাৰী সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰিছে ষঠ পূজা ।পুৱাই কেইবা হাজাৰ ভক্তৰ অংশগ্ৰহণৰে শক্তি পূজন আৰু প্ৰকৃতিৰ আৰাধনা কৰে ৷

কাহিলি পুৱাতেই সূৰ্য দেৱতাক আৰাধনা কৰিলে শ শ ভক্তই

নিউজ ডেস্ক, 20 নৱেম্বৰ : দেওবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে বিহাৰী সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰিছে ষঠ পূজা । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়ৰ চেঁচা নৈত ধৰ্মীয় ৰীতি-নীতিৰে ষঠ পূজা পালন কৰে ৷ সোমবাৰে পুৱাই কেইবা হাজাৰ ভক্তৰ অংশগ্ৰহণৰে শক্তি পূজন আৰু প্ৰকৃতিৰ আৰাধনা কৰা হয়। ধূপ-ধূনা, নৈবেদ্য আৰু অগনণ বন্তিৰে চৌদিশে ভক্তি ভৰা এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয় চেঁচা নৈৰ পাৰত।

আকাশত সূৰ্যই ভুমুকি মৰাৰ লগে লগে চেঁচা নৈৰ বুকুত স্নান কৰি সূৰ্য দেৱতাক আৰাধনা কৰিলে শ শ ভক্তই । প্ৰতিবছৰে ষঠ পূজাৰ উপলক্ষে এনেদৰে ডিব্ৰুগড়ৰ চেঁচা নৈৰ পাৰত দেখা যায় আধ্যাত্মিক পৰিৱেশ।

ইয়াৰ সমান্তৰালকে ৰঙিয়াতো পৰম্পৰাগত ৰীতি-নীতি অনুসৰি পালন ষঠ পূজা । ৰঙিয়া নগৰৰ গাতে লাগি থকা বৰলীয়া নদীৰ পাৰত উখল মাখল পৰিৱেশৰ সৃষ্টি হয় । সূৰ্য দেৱতাক পূজা অৰ্চনাৰ লগতে প্ৰণাম কৰাৰ উদ্দেশ্যৰে পুৱতি নিশা সহস্ৰাধিক ভক্তৰ সমাগম হয়।

বৰলীয়া নৈৰ পাৰৰ শিৱমন্দিৰ ঘাটৰ নদীত স্নান কৰি সূৰ্য দেৱতাক স্তুতিৰ জৰিয়তে নিজৰ লগতে সমাজৰ অপায় অমংগল দূৰ হোৱাৰ কামনা কৰে ভক্তগণে । তিনিদিন ধৰি মহিলাসকলে উপবাসে থাকি পুৱতি নিশালৈ সূৰ্য দেৱতাক পূজা কৰাৰ অন্তত উপবাসৰ অন্ত পেলায় । ফলত এক আনন্দমুখৰ পৰিবেশৰ সৃষ্টি ষঠ পূজাস্থলীত ৷ ইফালে ষঠ পূজা পৰিচালনা সমিতিয়ে ভক্তসকলৰ সুবিধাৰ বাবে সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

সমান্তৰালকৈ ৰঙিয়া আৰক্ষী প্ৰশাসনে নিৰপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে এছ ডি আৰ এফ বাহিনীয়ে সষ্টম হৈ থকা পৰিলক্ষিত হৈছে ।

আনহাতে, হোজাই জিলাৰ বিভিন্ন স্থানত দেওবাৰে ষঠ পূজাৰ তৃতীয় আৰু চতুৰ্থ দিনটোত অস্ত যোৱা সূৰ্যক অৰ্ঘ প্ৰদান কৰি ব্ৰতত থকা মহিলাসকলে আবেলি উপাসনাৰ বাবে থেকুৱা, পুৰী আদি ব্যঞ্জন প্ৰসাদ হিচাপে তৈয়াৰ কৰে ৷ তাৰ পিচত সন্ধিয়া সকলোৱে ষঠ পূজা দিবলৈ ঘাটসমূহত উপস্থিত হৈ সূৰ্যক অৰ্ঘ আগবঢ়ায় ৷

আজি পুৱাই ভক্তসকলে সূৰ্যোদয় হোৱাৰ পূৰ্বে পানীত থিয় হৈ হাতত নাৰিকল আৰু ধূপ লৈ ভগৱান সূৰ্যৰ উদয় হোৱালৈ অপেক্ষা কৰে। সূৰ্যোদয়ৰ সময়ত, সূৰ্য দেৱক অৰ্ঘ প্ৰদান কৰে ভক্তসকলে ৷ তাৰ পিচত সকলো উপবাস কৰা মহিলাই প্ৰসাদ গ্ৰহণ কৰি উপবাস সম্পূৰ্ণ কৰে ৷

লগতে পঢ়ক: পৰম্পৰাগত ৰীতি-নীতিৰে মৰিগাঁৱত পালিত হ’ল ষঠ পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.