ETV Bharat / state

ডিব্ৰুগড়ত চিচিটিভি নিয়ন্ত্ৰণ কেন্দ্ৰ পৰিদৰ্শন উপায়ুক্তৰ

author img

By

Published : Feb 26, 2021, 1:20 PM IST

ডিব্ৰুগড়ত চিচিটিভি নিয়ন্ত্ৰণ কেন্দ্ৰ পৰিদৰ্শন উপায়ুক্তৰ
ডিব্ৰুগড়ত চিচিটিভি নিয়ন্ত্ৰণ কেন্দ্ৰ পৰিদৰ্শন উপায়ুক্তৰ

অপৰাধমূলক কাৰ্যকলাপ ৰোধৰ বাবে ডিব্ৰুগড় জিলাৰ কেইবাটাও স্পৰ্শকাতৰ অঞ্চলত স্থাপন কৰা হৈছে চিচিটিভি কেমেৰা । এই চিচিটিভি কেমেৰাসমূহৰ নিয়ন্ত্ৰণ কেন্দ্ৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই শুকুৰবাৰে পৰিদৰ্শন কৰে ।

মৰাণ,২৬ ফেব্ৰুৱাৰী: ৰাজ্যত বৃদ্ধি হৈছে অপৰাধমূলক কাৰ্যকলাপ । অপৰাধ নিৰ্মূল কৰিবলৈ ভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখা যায় ৰাজ্যৰ প্ৰশাসনক । এইবাৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰিবলৈ ডিব্ৰুগড় জিলা প্ৰশাসনেও গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ । শেহতীয়াকৈ জিলাখনত চিচিটিভি নিৰীক্ষণ আঁচনিৰ অধীনত ৬৫ টা স্পৰ্শকাতৰ অঞ্চলত স্থাপন কৰা হৈছে চিচিটিভি কেমেৰা । ডিব্ৰুগড় পৌৰ সভাৰ পুঁজিৰে স্থাপন কৰা এই চিচিটিভি কেমেৰা সমূহৰ নিৰীক্ষণ লগতে নিয়ন্ত্ৰণ কেন্দ্ৰ শুকুৰবাৰে পৰিদৰ্শন কৰে জিলাখনৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ।

ডিব্ৰুগড়ত চিচিটিভি নিয়ন্ত্ৰণ কেন্দ্ৰ পৰিদৰ্শন উপায়ুক্তৰ
ডিব্ৰুগড়ত চিচিটিভি নিয়ন্ত্ৰণ কেন্দ্ৰ পৰিদৰ্শন উপায়ুক্তৰ

প্ৰশাসনে লোৱা এই পদক্ষেপৰ বাবে জিলাখনত অসামাজিক কাৰ্যকলাপ কিছু হ্ৰাস হ'ব বুলি আশাবাদী জিলা উপায়ুক্তগৰাকী । জিলা উপায়ুক্তগৰাকীৰ লগত আৰক্ষী অধীক্ষক প্ৰতীক থুবে আৰু অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰো উপস্থিত থাকে ।

লগতে পঢ়ক:বিশেষভাবে সক্ষম যুৱকক সহায় জিলা উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.