শ্বাহ-নাড্ডাৰ সভালৈ মৰাণৰ বিজেপি কৰ্মীক নিজা খৰচত নিব বিধায়ক চক্ৰধৰ গগৈয়ে

author img

By

Published : Sep 27, 2022, 7:29 PM IST

BJPs preparatory meet in Moran

দুৰ্গা পূজাৰ পিছতেই অসম ভ্ৰমণলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ (Home minister Amit Shah) আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা(BJP President J P Nadda) ৷ নেতা দুগৰাকীয়ে এখন দলীয় সভাত অংশগ্ৰহণ কৰিব ৷ তদুপৰি ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ লগতো মিলিত হ’ব গৃহমন্ত্ৰী শ্বাহে ৷

মৰাণ, ২৭ ছেপ্টেম্বৰ: অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ (Home minister Amit Shah) আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (BJP national President J P Nadda) ৷ অহা ৭ অক্টোবৰত অসমত উপস্থিত হৈ ৯ অক্টোবৰলৈকে অসমতে থাকিব নেতা দুগৰাকী ৷

ইতিমধ্য ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ পৰা দলীয় কৰ্মকৰ্তাক সভালৈ নিয়াৰ দায়িত্ব প্ৰদান কৰিলে মন্ত্ৰী-বিধায়ক সকলক (BJPs preparatory meet in Moran)। মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ সমষ্টিৰ বাহিৰত থকা বাবে মন্ত্ৰী যোগেন মহনে প্ৰস্তুতি সভাত অংশগ্ৰহণ কৰি মৰাণ সমষ্টিৰ পৰা তিনি শতাধিক কৰ্মী ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটীৰ সভালৈ যোৱাতো নিশ্চিত কৰে । ৰাজ্যৰ আন সমষ্টি সমূহৰ দৰে মৰাণ সমষ্টিৰ বিজেপি কৰ্মীসকল চাৰিখনকৈ বাছ আৰু ৰেল যোগে যাব সভালৈ লৈ যোৱা হ’ব ।

অমিত শ্বাহক আদৰিবলৈ মৰাণত বিজেপিৰ প্ৰস্তুতি সভা

মৰাণ সমষ্টিৰ সকলো বিজেপি দলৰ পঞ্চায়ত প্ৰতিনিধি, মণ্ডল আৰু বুথ সভাপতিৰ লগতে বুথৰ দায়িত্বশীল কৰ্মী সকল যাব বুলি খোৱাং মণ্ডলৰ বিজেপি সভাপতি গৰাকীয়ে জানিবলৈ দিছে । মৰাণৰ দলীয় কৰ্মী সকলক সভালৈ নিয়াৰ সকলো খৰচ বহন কৰিব বিধায়ক চক্ৰধৰ গগৈয়ে ।

দলৰ দুই শীৰ্ষ নেতাৰ অসম আগমণৰ আগমুহুৰ্তত আজি মৰাণত মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত অনুষ্ঠিত হ'ল মৰাণ বিধানসভা সমষ্টিৰ লৰুৱা আৰু খোৱাঙ মণ্ডল বিজেপিৰ নেতা-কৰ্মীৰ মাজত সাংগঠনিক আৰু প্ৰস্তুতি সভা । মৰাণৰ পৰা কেনেকৈ কিমান কৰ্মীক ৮ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত সভালৈ নিয়া হ'ব সেই সম্পৰ্কত বিজেপি কৰ্মী সকলৰ সৈতে আলোচনা কৰে মন্ত্ৰী মহনে ।

লগতে পঢ়ক: লখিমপুৰত নদীবান্ধ বিৰোধী আন্দোলনে লৈছে তীব্ৰ ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.