ETV Bharat / state

মৰাণত বিজেপি কৰ্মীৰ "চক্ৰ হটাও মৰাণ বচাও" প্ৰতিবাদ

author img

By

Published : Mar 1, 2021, 10:57 PM IST

bjp-worker-protest-against-bjp-mla
মৰাণত বিজেপি কৰ্মীৰ "চক্ৰ হটাও মৰাণ বচাও" প্ৰতিবাদ

বিজেপি বিধায়ক চক্ৰধৰ গগৈৰ প্ৰাৰ্থীত্বৰ বিৰোধিতাৰে মৰাণত বিজেপি কৰ্মীৰ মুকলি প্ৰতিবাদ ৷ মৰাণ সমষ্টিৰ বিজেপি বিধায়ক চক্ৰধৰ গগৈক পুনৰ প্ৰাৰ্থীত্ব প্ৰদান নকৰিবলৈ দাবী জনাই সোমবাৰে ৰাজপথলৈ ওলাই আহিল দলীয় কৰ্মকৰ্তা ৷ বিধায়কজনৰ বিৰুদ্ধে সীমাহীন দূৰ্নীতি, স্বজন-তোষণৰ অভিযোগত সোমবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুটোহাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দলীয় কৰ্মীসকলে ৷

মৰাণ,1 মাৰ্চ: বিজেপি বিধায়ক চক্ৰধৰ গগৈৰ প্ৰাৰ্থীত্বৰ বিৰোধিতাৰে মৰাণত বিজেপি কৰ্মীৰ মুকলি প্ৰতিবাদ ৷ মৰাণ সমষ্টিৰ বিজেপি বিধায়ক চক্ৰধৰ গগৈক পুনৰ প্ৰাৰ্থীত্ব প্ৰদান নকৰিবলৈ দাবী জনাই সোমবাৰে ৰাজপথলৈ ওলাই আহিল দলীয় কৰ্মকৰ্তা ৷ বিধায়কজনৰ বিৰুদ্ধে সীমাহীন দূৰ্নীতি, স্বজন-তোষণৰ অভিযোগত সোমবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুটোহাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দলীয় কৰ্মীসকলে ৷

প্ৰতিবাদী কৰ্মীৰ অভিযোগ বিগত পাঁচ বছৰে দলৰ জেষ্ঠ কৰ্মীসকলক অৱমাননা কৰি আহিছে বিজেপি বিধায়কজনে ৷ সমষ্টি উন্নয়নৰ নামত বিধায়ক চক্ৰধৰ গগৈয়ে নামে-বেনামে সম্পতিৰ পাহাৰ গঢ়াৰ অভিযোগো কৰে প্ৰতিবাদী কৰ্মীসকলে ৷ তদুপৰি নিজৰ একাংশ ঘনিষ্ঠ কৰ্মীক লগত লৈ দুৰ্নীতিৰে সম্পত্তি গঢ়াৰ অভিযোগ উত্থাপন হৈছে বিজেপি বিধায়কজনৰ বিৰুদ্ধে ৷ সাধাৰণ দলীয় কৰ্মীৰ আবেগ-অনুভূতিক গুৰুত্ব প্ৰদান কৰাৰ পৰিৱৰ্তে প্ৰতাৰণা কৰা, অপমান কৰাৰ বাবেই বিধায়কজনক পুনৰ প্ৰাৰ্থীত্ব প্ৰদান নকৰিবলৈ দাবী জনাইছে বিজেপি কৰ্মীসকলে ৷

লগতে পঢ়কঃ দিনটোৰ বিশেষ ৰাজনৈতিক খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.