চাউলত ছবি আঁকি বিশ্ব ৰেকৰ্ড ডিমৌৰ বাগ্মিতা দত্তৰ

author img

By

Published : Sep 22, 2021, 5:32 PM IST

Sivsagar

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ধৰণে সুনাম অৰ্জন কৰিছে অসমৰ যুৱক-যুৱতীয়ে । এইবাৰ বিশ্ব ৰেকৰ্ড গঢ়িলে শিৱসাগৰৰ থাওৰা সমষ্টিৰ ডিমৌৰ বাগ্মিতা দত্ত নামৰ এগৰাকী ছাত্ৰীয়ে । কেনেদৰে ছাত্ৰীগৰাকীয়ে নাম সন্নিৱিষ্ট কৰিলে ইন্টাৰনেশ্যনেল বুকছ অৱ ৰেকৰ্ডছত ?

মৰাণ,২২ ছেপ্টেম্বৰ : অসমত প্ৰতিভাৰ অভাৱ নাই । বিভিন্ন ক্ষেত্ৰত অসমৰ প্ৰতিভাই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । এইবাৰ পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ সন্তান । নিজ প্ৰতিভাৰে অভিলেখ গঢ়িলে শিৱসাগৰৰ থাওৰা সমষ্টিৰ ডিমৌৰ এগৰাকী ছাত্ৰীয়ে ।

চাউলত ছবি আঁকি বিশ্ব ৰেকৰ্ড ডিমৌৰ বাগ্মীতা দত্তৰ

আটাইতকৈ ক্ষুদ্ৰ ছবি অংকন কৰি ইন্টাৰনেশ্যনেল বুকছ অৱ ৰেকৰ্ডছত (International Book of Records) নাম সন্নিৱিষ্ট কৰিলে বাগ্মিতা দত্ত নামৰ ছাত্ৰীগৰাকীয়ে । এটা চাউলত এগৰাকী ব্যক্তিয়ে জাতীয় পতাকা লৈ থকা ছবিখন মাত্ৰ তিনি মিনিটৰ ভিতৰতে অংকন কৰিছে বাগ্মিতাই । যাৰ বাবে তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছে ইন্টাৰনেশ্যনেল বুকছ অৱ ৰেকৰ্ডছত ।

ডিমৌৰ লম্বোদৰ বৰগোহাঁই শংকৰদেৱ শিশু নিকেতনৰ দশম শ্ৰেণীৰ ছাত্ৰী বাগ্মিতা । বিগত ২৫ জুলাইত ছবিখন অংকন কৰি ইন্টাৰনেশ্যনেল বুকছ অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছিল আৰু যোৱা ১২ ছেপ্টেম্বৰত ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট হোৱা কথাটো কৰ্তৃপক্ষই মেইলযোগে তেওঁক জানিবলৈ দিয়ে ।

ইতিমধ্যে ইন্টাৰনেশ্যনেল বুকছ অৱ ৰেকৰ্ডছে এখন মানপত্ৰ আৰু এটি মেডেলেৰে সন্মানিত কৰিছে বাগ্মিতাক । ইফালে কন্যাৰ এই সফলতাত পিতৃ বুবু দত্ত আৰু মাতৃ মাধুৰীমা দত্ত যথেষ্ট আনন্দিত । আনকি বাগ্মিতাক তেওঁৰ এই সাফল্যত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষাগুৰুসকলৰ লগতে থাওৰা সমষ্টিৰ ৰাইজেও শুভেচ্ছা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক : স্বচ্ছ গাঁৱৰ খিতাপ লাভ কৰা অসমৰ এখন বিশেষ গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.