ETV Bharat / state

Assam Bandh: ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ অসম বন্ধৰ কাৰ্যসূচী পিছুৱাই দিয়াৰ আহ্বান

author img

By

Published : Nov 12, 2022, 10:03 PM IST

ছয় জনগোষ্ঠীয় যৌথ মঞ্চই আহ্বান জনোৱা অসম বন্ধৰ কাৰ্যসূচী স্থগিত ৰখাৰ আহ্বান জনাইছে অসম মুণ্ডা মহাসভাই(Assam Munda Mahasabha) ৷ ১৫ নৱেম্বৰৰ পৰিৱৰ্তে অন্য দিনত বন্ধৰ আহ্বান জনালে মহাসভাই নৈতিক সমৰ্থন আগবঢ়াব বুলি জানিবলৈ দিছে ৷

Assam Bandh
ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ অসম বন্ধৰ কাৰ্যসূচী পিছুৱাই দিয়াৰ আহ্বান

ডিব্ৰুগড়, 12 নৱেম্বৰ : জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী অব্যাহত ৰাখি 15 নৱেম্বৰত ছয় জনগোষ্ঠীয় যৌথ মঞ্চই ইতিমধ্যে আহ্বান জনাইছে 12 ঘন্টীয়া অসম বন্ধ ৷ ১৫ নৱেম্বৰৰ পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে নৱগঠিত ছয় জনগোষ্ঠী যৌথ মঞ্চই (Assam Bandh on 15 November)। শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে ছয় জনগোষ্ঠী যৌথ মঞ্চৰ নেতৃত্বই (Six tribe joint forum)।

কিন্তু এই বন্ধৰ কাৰ্যসূচী উক্ত দিনটোৰ বাবে স্থগিত ৰাখি পৰৱৰ্তী এটা ৰূপায়ণ কৰাৰ আহ্বান জনাইছে অসম মুণ্ডা মহাসভাই(Assam Munda Mahasabha) ৷ শনিবাৰে এক সংবাদমেল সম্বোধন কৰি অসম মুণ্ডা মহাসভাই কয় যে, ১৫ নৱেম্বৰৰ পৰিৱৰ্তে অন্য দিনত অসম বন্ধ আহ্বান জনালে সেই বন্ধলৈ নৈতিক সমৰ্থন আগবঢ়াব অসম মুণ্ডা মহাসভাই ৷ কিন্তু 15 নৱেম্বৰত আহ্বান জনোৱা অসম বন্ধই মুণ্ডা মহাসভাক বিপদত পেলাব বুলি মন্তব্য কৰে সংবাদমেলখনৰ জৰিয়তে ৷

ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ অসম বন্ধৰ কাৰ্যসূচী পিছুৱাই দিয়াৰ আহ্বান

উল্লেখ্য যে, ১৫ নৱেম্বৰত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্মদিন (Martyr Birsa Munda Birthday)। ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্ম দিৱসটি মৰাণৰ বামুনবাৰী চাহ বাগিচাৰ খেলপথাৰত উদযাপনৰ যো-জা চলাইছে অসম মুণ্ডা মহাসভাই ৷ অসম মুণ্ডা মহাসভাৰ অবিভক্ত ডিব্ৰুগড়-তিনিচুকীয়া জিলা সমিতি, জিলা মহিলা সমিতিৰ উদ্যোগত তথা বামুণবাৰী, মৰাণ, খোৱাং, বৰবৰুৱা আৰু টিংখং ৰাজগড় আঞ্চলিক সমিতিৰ সহযোগত ৰূপায়ণ কৰা হ’ব উক্ত কাৰ্যসূচী ৷

ইয়াৰে লগতে উক্ত দিনটোতেই উদযাপন কৰা হ’ব অসম মুণ্ডা মহাসভাৰ সপ্তম পঞ্চবাৰ্ষিক অধিৱেশন ৷ গতিকে 15 নৱেম্বৰত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই ১২ ঘণ্টীয়া অসম বন্ধ(Assam Bandh) হ’লে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে বীৰ বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী উদযাপনত ব্যাঘাত জন্মিব বুলি উল্লেখ কৰে অসম মুণ্ডা মহাসভাই ৷

লগতে পঢ়ক : Assam Bandha : ১৫ নৱেম্বৰত ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান ছয় জনগোষ্ঠী যৌথ মঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.