ETV Bharat / state

মৰাণত CAAৰ বিৰোধিতাৰে গণ বিক্ষোভ কাৰ্যসূচী

author img

By

Published : Dec 31, 2019, 3:05 AM IST

যেতিয়ালৈকে চৰকাৰে জাতিধ্বংসী অভিহিত আইনখন বাতিল নকৰে, তেতিয়ালৈকে আন্দোলন চলাই নিয়াৰ হুংকাৰ প্ৰদান প্ৰতিবাদকাৰী সকলৰ ৷

গণ বিক্ষোভ কাৰ্যসূচী
গণ বিক্ষোভ কাৰ্যসূচী

মৰাণ, 30 ডিচেম্বৰ: সোমবাৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণৰ ৰাইদঙ্গীয়া উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হয় এক গণ বিক্ষোভ কাৰ্যসূচী ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোৱে CAA বাতিলৰ দাবীত অহিংস-গণতান্ত্ৰিকভাৱে আন্দোলন কৰা আন্দোলনকাৰীৰ ওপৰত দমন কাৰ্য নচলাবলৈ চৰকাৰক সকিয়নী প্ৰদান কৰে ৷

মৰাণত গণ বিক্ষোভ কাৰ্যসূচী

অনুষ্ঠানত উপস্থিত থকা মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড৹ যতীন চুতীয়া, সহযোগী অধ্যাপক তুলসী দাস, প্ৰাক্তন ছাত্ৰনেতা, মৰাণ মহকুমা সাংবাদিক মঞ্চৰ মুখ্য সম্পাদক যদুনাথ পুৰী, সমাজকৰ্মী লোকনাথ বুঢ়াগোঁহাই, বিশিষ্ট শিপিনী হেমপ্ৰভা চুতীয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে CAA কোনো কাৰণতে মানি লোৱা নহ'ব বুলি মন্তব্য কৰে ৷ লগতে, যেতিয়ালৈকে চৰকাৰে জাতিধ্বংসী অভিহিত আইনখন বাতিল নকৰে, তেতিয়ালৈকে আন্দোলন চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰে উপস্থিত প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক: ধেমাজিত গায়ন বায়নসহ ঢোল-তাল বজাই CAA বিৰোধী প্ৰতিবাদী সমদল

Intro:
প্ৰতিবেদক মৰাণ ; ৩০ ডিচেম্বৰ

বজেপি শাসনাধিস্থ কেন্দ্ৰীয় আৰু ৰাজ্যচৰকাৰে অসমৰ ওপৰত জাপি দিয়া নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিলৰ দাবীত সমগ্ৰ ৰাষ্ট্ৰজুৰি অবযাহত থকা আন্দোলন-প্ৰতিবাদ স্বৰূপে আজি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণৰ ৰাইদঙ্গীয় উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত গণ বিক্ষোভ কাৰ্যসূচীত অংশ লৈ সকলোৱে কা' বাতিলৰ দাবীত অহিংস-গণতান্ত্ৰিকভাৱে আন্দোলন কৰা আন্দোলনকাৰীৰ ওপৰত হিংসাৰে দমন কাৰ্য নচলাবলৈ চৰকাৰক সঁকিয়নী প্ৰদান কৰে ৷ মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড৹ যতীন চুতীয়া, সহযোগী অধ্যাপক তুলসী দাস, প্ৰাক্তন ছাত্ৰনেতা, মৰাণ মহকুমা সাংবাদিক মঞ্চৰ মুখ্য সম্পাদক যদুনাথ পুৰী, সমাজকৰ্মী লোকনাথ বুঢ়াগোঁহাই, বিশিষ্টা শিপিনী হেমপ্ৰভা চুতীয়া আদি ভালে কেইগৰাকী বিশিষ্ট নাগৰিকে নাগৰিকত্ব সংশোধনী আিন-২০১৯ কেনো পধ্যেই মানি লোৱা নহ'ব বুলি মন্তব্য কৰি শাসনাধিস্থ নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে অসমীয়া জাতিক নিঃশেষ কৰাৰ স্বাৰ্থত আইনখন অসমবাসীৰ ওপৰত জাপি দিছে ৷ জাতি আৰু ভাষা ৰক্ষা কৰিবলৈ ওলাই অহা প্ৰতিবাদীৰ ওপৰত চৰকাৰী নিৰাপত্তা বাহিনীয়ে আক্ৰমণ চলাই আন্দোলনটো মষিমূৰ কৰিবলৈ চেষ্টা কৰিছে ৷ অসমত ধৰ্মক লৈ অসমীয়া জাতি গঢ় উঠা নাই ৷ সকলো ধৰ্মাৱলম্বী লোকেৰে বৃহৎ অসমীয়ালজাতি গঢ়ি উঠিছে ৷ বৰ্মান চৰকাৰে তিনি প্ৰকাৰে অসমীয়া জাতিক নিঃশেষ কৰাৰ চক্ৰান্ত কৰাৰ অভযোগ উত্থাপন কৰে আন্দোলনকাৰীসকলে ৷ দমন, বিভাজন আৰু প্ৰলোভনেৰে এই আন্দোলন মষিমূৰ কৰাৰ কাৰ্ত চৰকাৰ লিপ্ত হোৱা বুলি উল্লেখ কৰে যদুনাথ পুৰীয়ে ৷ যেতিয়ালৈকে চৰকাৰে আইনখন বাতিল নকৰে তেতিয়ালৈকে আন্দোলন চলাই যোৱাৰ হুংকাৰ দিয়ে আন্দোলনকাৰীসকলে ৷ অসমৰ আন্দোলন চলিছে সম্পূৰ্ণ অহিংসা নীতিৰে ৷ অহিংসাৰে আন্দোলন কৰাৰ গণতান্ত্ৰিক অদিকাৰ প্ৰত্যেকগৰাকী নাগৰিকৰে আছে ৷ গতিকে অহিংসাৰে দমন নকৰিবলৈ চৰকাৰক সঁকিয়াই দিয়ে আজিৰ গণ বিক্ষোভ কাৰ্যসূচীত ৷


Byte - মৰাণ আছু নেতাBody: ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.