ETV Bharat / state

চৰাইদেউ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত নিযুক্তি কেলেংকাৰীৰ অভিযোগত আন এজনক আটক

author img

By

Published : Aug 23, 2022, 10:23 PM IST

Charaideu health joint director arrested
নিযুক্তি কেলেংকাৰীৰ অভিযোগত আন এজনক আটক

চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ মুখ্য গাণনিক বিষয়া অমৃত গগৈক গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰাৰ পাছতেই হাহাকাৰ লাগিছে স্বাস্থ্য বিভাগত (Chief Accounting Officer arrested)। পুনৰ সোণাৰি আৰক্ষীয়ে শিৱসাগৰ ষ্টেচন চাৰিআলিৰ পৰা গগৈৰ সহযোগী মামুদ ৰহমানক সোধপোছৰ বাবে আটক কৰিছে । সোণাৰি থানাত জেৰা অব্যাহত ৰাখিছে অভিযুক্ত মামুদ ৰহমানক ।

ডিব্ৰুগড়, 23 আগষ্ট : চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ত সংঘটিত হোৱা নিযুক্তি কেলেংকাৰীক লৈ আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে (Charaideo Health Department Recruitment Scam)। যোৱা তিনি আগষ্টত সোণাৰি আৰক্ষীয়ে চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ মুখ্য গাণণিক বিষয়া অমৃত গগৈক গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰাৰ পাছতেই হাহাকাৰ লাগিছে স্বাস্থ্য বিভাগত (Chief Accounting Officer arrested)। বৰ্তমানেও তদন্ত অব্যাহত সোণাৰি আৰক্ষীৰ ।

স্বাস্থ্য বিভাগত ধনৰ বিনিময়ত(Scam in Assam health department recruitment) ভুৱা নিযুক্তি প্ৰদান কৰা কুখ্যাত অমৃত গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত সোমবাৰে নিশা পুনৰ সোণাৰি আৰক্ষীয়ে শিৱসাগৰ ষ্টেচন চাৰিআলিৰ পৰা গগৈৰ সহযোগী মামুদ ৰহমানক সোধপোছৰ বাবে আটক কৰিছে । এই পৰ্যন্ত সোণাৰি থানাত (Sonari Police Station) জেৰা অব্যাহত ৰাখিছে অভিযুক্ত মামুদ ৰহমানক ।

ইফালে বৰ্তমানেও আৰক্ষীৰ হাতত পৰা নাই আন এজন অভিযুক্ত জনৈক ৰমিজ । মামুদ ৰহমানক আটক কৰা সম্পৰ্কত এই মূহুৰ্তলৈকে আৰক্ষীয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই সংবাদ মাধ্যমৰ আগত । কিন্তু চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ত সংঘটিত হোৱা নিযুক্তিৰ কেলেংকাৰীৰ তদন্ত সঠিক ৰূপত আগুৱাই গ'লে বহু ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: আদালতৰ শৌচালয়ৰ পৰা পলায়ন কৰা কয়দীক কৰায়ত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.