ETV Bharat / state

কঠালগুৰিত বন্যহস্তীৰ আক্ৰমণত এগৰাকী বৃদ্ধ নিহত

author img

By

Published : Jun 10, 2021, 12:49 PM IST

An old man died after being attacked by elephant in Dehing Patkai
কঠালগুৰিত বন্যহস্তীৰ আক্ৰমণত এগৰাকী বৃদ্ধ নিহত

ডিব্ৰুগড়ৰ ২ নং কঠালগুৰি গাঁৱত বন্যহস্তীৰ আক্ৰমণ(Elephant Attack)ত প্ৰাণ হেৰুৱালে এগৰাকী বৃদ্ধই । শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যান(National Park) হিচাপে স্বীকৃতিপ্ৰাপ্ত দিহিং পাটকাই(Dehing Patkai)ৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে আক্ৰমণ কৰে । নিহত লোকজনৰ নাম ভোলানাথ হাজৰিকা ।

মৰাণ,১০ জুন: হাতী-মানুহৰ সংঘাতৰ ভয়াৱহ পৰিণতি । ডিব্ৰুগড়ত বন্যহস্তীৰ আক্ৰমণ(Elephant Attack)ত প্ৰাণ গ'ল এগৰাকী বৃদ্ধৰ । দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান(National Park)ৰ সমীপৰ ডিব্ৰুগড়ৰ ২ নং কঠালগুৰি গাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনা । প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে নিশা ভোলানাথ হাজৰিকা নামৰ লোকজন ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সময়তে হাতীয়ে আক্ৰমণ কৰে ।

হাতীৰ জাকটো দিহিং পাটকাই(Dehing Patkai)ৰ পৰা ওলাই অহা বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত বন বিভাগৰ লোক আৰু স্থানীয় আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । এই ঘটনাৰ পিছতে নিহত বৃদ্ধগৰাকীৰ পৰিয়ালবৰ্গলৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে বন বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে । উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা বৃহত্তৰ অঞ্চলটোত বনৰীয়া হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছে । লগতে বহুলোকৰ ঘৰ, ভঁৰাল আদি ভাঙি লণ্ড-ভণ্ড কৰি আহিছে ।

কিন্তু আজি পৰ্যন্ত বন বিভাগ(Forest Department)ৰ লোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে । জনাঞ্চলত বন্যহস্তীৰ আক্ৰমণত লোকজনৰ মৃত্যু হোৱাৰ পাছতে প্ৰাণৰ সংশয়ত ভূগিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিহিং পাটকাইলৈ: উৎফুল্লিত ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.