ETV Bharat / state

মুখ্যমন্ত্ৰীলৈ বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াৰ পৰামৰ্শ পত্ৰ

author img

By

Published : Jun 20, 2021, 7:52 PM IST

মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত দেওবাৰে প্ৰথমবাৰলৈ ডঃ নগেন শইকীয়াৰ বাসগৃহত উপস্থিত হৈ বিশিষ্ট সাহিত্যিক গৰাকীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ উক্ত সময়ত বহু কেইটা গুৰুত্বপূৰ্ণ পৰামৰ্শ এখন পত্ৰ মুখ্যমন্ত্ৰী গৰাকীৰ হাতত প্ৰদান কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৷

advice-note-to-cm-himanta-bishwa-sarma-by-dr-nagen-saikia
মুখ্যমন্ত্ৰীলৈ নগেন শইকীয়া পৰামৰ্শ পত্ৰ

ডিব্ৰুগড়, 20 জুন : কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ সমৃদ্ধ এখন বিশেষ পত্ৰ নিজ হাতে লিখি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত তুলি দিলে বৰেণ্য সাহিত্যিক ডঃ নগেন শইকীয়াই ৷ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত দেওবাৰে প্ৰথমবাৰলৈ ডঃ নগেন শইকীয়াৰ বাসগৃহত উপস্থিত হৈ বিশিষ্ট সাহিত্যিক গৰাকীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ সাহিত্যিক গৰাকীৰ বাসৃহত উপস্থিত হোৱাৰ পাছতে ৰাজ্যৰ হকে কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ লিখি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত এখন পত্ৰ তুলি দিয়ে ডঃ শইকীয়াই ৷

মুখ্যমন্ত্ৰীলৈ নগেন শইকীয়াৰ পৰামৰ্শ পত্ৰ

নিজ বাসগৃহৰ পৰাই অসমক প্ৰাধান্য আৰু সৰ্বপ্ৰকাৰৰ অগ্ৰাধিকাৰ দিয়াৰ বিষয়েও মুখ্যমন্ত্ৰী গৰাকীক প্ৰদান কৰা পৰামৰ্শ সম্বলিত পত্ৰত লিখিত মতামত আগবঢ়াই ডঃ নগেন শইকীয়াই ৷ চাৰিদিনৰ বাবে উজনি আৰু উত্তৰ অসমৰ ভ্ৰমণত ব্যস্ত থকা মুখ্যমন্ত্ৰী গৰাকীয়ে দেওবাৰে ডিব্ৰুগড়ৰ মিলন নগৰস্থিত ডঃ নগেন শইকীয়াৰ বাসগৃহ 'বৰ্ণমালাত' উপস্থিত হৈছিল ৷ তাতেই অসমৰ হকে কেইবাটাও সু-পৰামৰ্শ থকা এই বিশেষ পত্ৰখন মুখ্যমন্ত্ৰী গৰাকীক প্ৰদান কৰে অসমৰ সাহিত্য জগতৰ বৰেণ্য ব্যক্তি ডঃ নগেন শইকীয়াই ৷ মোৰ অসমেই ধ্যান,অসমেই জ্ঞান,অসমেই প্ৰাণ ৷

সেয়ে মই অসমৰ পাছতেই খোজটো দিওঁ ভাৰতবৰ্ষক ৷ এইদৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৷ ইফালে পৰামৰ্শ পত্ৰত মিচিচিপি নদীক কেনেকৈ বান মুক্ত কৰি নিয়ন্ত্ৰণ কৰা হ'ল সেই বিষয়ে উল্লেখ কৰিছে বিশিষ্ট সাহিত্যিকগৰাকীয়ে ৷

ডঃ নগেন শইকীয়াৰ বাসগৃহত মুখ্যমন্ত্ৰী

লগতে তালৈ অসমৰ গৱেষকৰ দল পঠিয়াই ব্ৰহ্মপুত্ৰকো তেনেদৰে নিয়ন্ত্ৰণ কৰি বানমুক্ত অসম গঢ়ি তোলাৰ বাবে পৰামৰ্শ দিয়ে ডঃ শইকীয়াই ৷ ইয়াৰ ওপৰিও অসমখনক কেনেকৈ সমিলমিলৰ মাজেৰে, জাতি-জনগোষ্ঠী, ধৰ্মীয় লোকৰ মাজত সংঘাত নোহোৱাকৈ ৰাখিব পাৰি তথা কেনেকৈ সৰ্বাংগীণ উন্নয়ন আনিব পাৰি সেই বিষয়ে পৰামৰ্শ জনাইছে বৰেণ্য সাহিত্যিক ডঃ নগেন শইকীয়াই ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিচাপে আশীৰ্বাদ গ্ৰহণ কৰিবলৈ যোৱাৰ পৰত বেদ বেদান্ত, জ্যোতি প্ৰসাদ, বিষ্ণু প্ৰসাদ ৰাভাৰ লগতে ডঃ শইকীয়াৰ নিজস্ব ধ্যান-ধাৰণা আদি অৰাজনৈতিক কথা বতৰাও আলোচনা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে বিশিষ্ট সাহিত্যিক গৰাকীয়ে প্ৰদান কৰা লিখিত পৰামৰ্শৰ পৰা পৰাখিনি এটা এটাকৈ কাৰ্যকৰী কৰি যাম বুলি সংবাদ মাধ্যমৰ আগত প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়কঃ দীঘেলীৰে কি সম্পৰ্ক বিষ্ণুপ্ৰসাদ ৰাভাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.