Assam Panja players: ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যৰ পাঞ্জা খেলুৱৈৰ চমক

author img

By

Published : May 27, 2023, 7:55 PM IST

Accivement of Assam Panja players at national level

বৰ্ড অফ কণ্ট্ৰল ফৰ আৰ্ম ৰেছলিং ইন ইণ্ডিয়া চমুকৈ বিচিএআই'ৰ অধীনত বেংগালুৰুত অনুষ্ঠিত তৃতীয় আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপত জিলিকিল অসমৰ কেইবাগৰাকীও খেলুৱৈ (Accivement of Assam Panja players at national level) । গৌৰৱ কঢ়িয়াই আনিলে মহিলা গৃহৰক্ষী জোৱানেও ।

ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যৰ পাঞ্জা খেলুৱৈৰ চমক

নামৰূপ/ডিব্ৰুগড়,২৭ মে': ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা প্ৰতিযোগিতাত জিলিকিছে অসমৰ কেইবাগৰাকীও খেলুৱৈ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও খেলুৱৈয়ে গৌৰৱ কঢ়িয়াই আনিলে নিজৰ দক্ষতাৰে (Accivement of Assam Panja players at national level) । বৰ্ড অফ কণ্ট্ৰল ফৰ আৰ্ম ৰেছলিং ইন ইণ্ডিয়া (Board of Control for Arm Wrestling in India) চমুকৈ বিচিএআই'ৰ অধীনত বেংগালুৰুত অনুষ্ঠিত তৃতীয় আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপত (3rd National Arm Wrestling Championship) নামৰূপ পাঞ্জা ক্লাবৰ ৯ গৰাকী খেলুৱৈয়ে সফলতা অৰ্জন কৰে ।

নামৰূপৰ কেইজনমান উদ্যমী যুৱকৰ উদ্যোগত ২০২০ চনৰ পৰা আৰম্ভ হোৱা এটা ক্লাৱত প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰতিযোগীসকলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় (Accivement of Assam Panja players) ৷ এই সফলতা অৰ্জন কৰাৰ পাচতেই ক্লাৱটোত নামৰূপ আছু উপস্থিত হৈ প্ৰতিযোগীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ।

উল্লেখ্য যে বেংগালুৰুত লাভ কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সফলতাৰ পাচতেই আটাইকেইগৰাকী খেলুৱৈয়ে ২৬ ছেপ্তেম্বৰৰ পৰা মালেছিয়াত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড আৰ্মৰেছলিং চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিছে ৷ খেলুৱৈ কেইগৰাকীৰ সফলতাত উৎফুল্লিত হৈ পৰে প্ৰশিক্ষকসকল ।

ইফালে, ৰাষ্ট্ৰীয় পাঞ্জাত উজলিল মহিলা গৃহৰক্ষী জোৱান । দুটাকৈ স্বৰ্ণ পদক জয় কৰিলে নিজৰা বৰুৱাই । বেংগালুৰুত বিগত ১৮ মে'ৰ পৰা ২১ মে'লৈ আয়োজিত ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ৭০ কেজিৰ শাখাত সোঁ হাত আৰু বাওঁ হাত উভয় হাতেৰে প্ৰতিদ্বন্দিতা আগবঢ়াই দুটাকৈ সোণৰ পদক জয় কৰি নাহৰকটীয়া থানাৰ লগতে সমগ্ৰ নাহৰকটীয়া সমষ্টিটোলৈ গৌৰৱ কঢ়িয়াই আনিছে মহিলা গৃহৰক্ষী জোৱান নিজৰা বৰুৱাই ।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও নিজৰা বৰুৱাই কেইবাবাৰো ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল । নিজৰা বৰুৱাই ৭০ কেজিৰ শাখাত অসমৰ আৰু কেৰেলাৰ বিপক্ষক হৰুৱাই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ পিচত নাহৰকটীয়াৰ ক্ৰীড়া ক্ষেত্ৰত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে ।

সমান্তৰালভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ত দুটাকৈ পদক লাভ কৰি ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে মৰাণৰ ৰক্তিম গগৈয়ে । বেংগালুৰুত ১৮ ৰ পৰা ২১ মে'লৈকে অনুষ্ঠিত তৃতীয় আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপত দুটাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে । প্ৰতিযোগিতাখনত ৭০ কেজি শাখাৰ বাওঁহাতত সোণৰ পদক আৰু সোঁহাতত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় । মৰাণৰ কুশল নগৰৰ পবিত্ৰ গগৈ আৰু জুৰী মহন গগৈৰ পুত্ৰ ৰক্তিম গগৈৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সফলতাই ক্ৰীড়া অনুৰাগী সকলক আনন্দিত কৰি তুলিছে ।

লগতে পঢdক: Poor condition of govt school: শিক্ষাখণ্ডৰ ফোঁপোলাস্বৰূপ; এজাক বৰষুণতেই পানীৰ ডোঙা বান্ধে শ্ৰেণীকোঠাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.