ETV Bharat / state

বাঘজানবাসীৰ প্ৰতিবাদত পুনৰ উত্তপ্ত দুলীয়াজান

author img

By

Published : Nov 21, 2020, 4:44 PM IST

বাঘজানবাসীৰ প্ৰতিবাদত পুনৰ উত্তপ্ত দুলীয়াজান
বাঘজানবাসীৰ প্ৰতিবাদত পুনৰ উত্তপ্ত দুলীয়াজান

নায্য বিচাৰি পুনৰ প্ৰতিবাদত বহিল বাঘজানবাসী ৰাইজ ৷ বাঘজানবাসী আৰু আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদত অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি ৷ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে উচিত ক্ষতিপূৰণৰ দাবী প্ৰতিবাদকাৰীৰ ৷

দুলীয়াজান, 21 নৱেম্বৰ: নায্য বিচাৰি পুনৰ প্ৰতিবাদ বাঘজানবাসীৰ ৷ দুলীয়াজানত সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন চলি থকাৰ মাজতে শুকুৰবাৰে অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আদিবাসী ছাত্ৰ সন্থাৰ লগতে বাঘজানবাসী ৰাইজে প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰী সকলৰ অভিযোগ একাংশ ক্ষতিগ্ৰস্ত ৰাইজে তিনিটা কিস্তিলৈকে ক্ষতিপূৰণ পাইছে যদিও অন্য একাংশ ক্ষতিগ্ৰস্ত ৰাইজে ক্ষতিপূৰণৰ বঞ্চিত হৈ ৰৈ গৈছে ৷

বাঘজানবাসীৰ প্ৰতিবাদত উত্তাল অইলৰ মুখ্য কাৰ্যালয়

বিগত 27 মে'ৰ পৰা বাঘজানৰ অইলৰ বিজিআৰ 5 নং খাদত ধাৰাবাহিকভাৱে সংঘটিত অগ্নিকাণ্ডৰ ফলত কাষৰীয়া অঞ্চলসমূহৰ ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষতিপূৰণৰ দাবীৰে তিনিচুকীয়া জিলাৰ আদিবাসী ছাত্ৰ সন্থাই দুলীয়াজান অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদত পৰিৱেশ উত্তাল হৈ পৰাত প্ৰতিবাদস্থলীত বৃহৎ সংখ্যক আৰক্ষী, চি আই এচ এফ আৰু অইল নিৰাপত্তা বাহিনী মোতায়েন কৰা হয় ৷ অইল কৰ্তৃপক্ষক বাঘজানবাসীৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দাবী উত্থাপন কৰাৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে উচিত ক্ষতিপূৰণৰ বাবে আদিবাসী ছাত্ৰ সন্থাৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজে দাবী জনায় ৷

লগতে পঢ়ক: দহ বছৰে কৰ্মচাৰী উপস্থিত নোহোৱা বনবিভাগৰ এটা কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.