ETV Bharat / state

ডিব্ৰুগড় জিলাত এদিনতে ক’ভিড-19 ত আক্ৰান্ত 225 গৰাকী

author img

By

Published : Apr 28, 2021, 8:57 PM IST

225-people-covid-possitive-in-dibrugargh-in-single-day-etv-bharat-news
ডিব্ৰুগড় জিলাত এদিনতে ক’ভিড-19 ত আক্ৰান্ত 225 গৰাকী

ডিব্ৰুগড় জিলাত দ্ৰুত হাৰত বৃদ্ধি পাইছে ক’ভিড-19ৰ সংক্ৰমণ ৷ মঙলবাৰৰ দিনটোত জিলাখনত ক’ভিড-19 ত আক্ৰান্ত হৈছে 225 গৰাকীকৈ লোক ৷ এইপৰ্য্যন্ত জিলাখনত ক’ভিড আক্ৰান্তৰ সংখ্যা 1502 লৈ বৃদ্ধি ৷ সান্ধ্য আইন তথা চৰকাৰে বান্ধি দিয়া ক'ভিড প্ৰট’কলৰ নীতি নিৰ্দেশনাসমূহ সকলোকে মানি চলিবলৈ আহ্বান প্ৰশাসনৰ ৷

মৰাণ, 28 এপ্ৰিল : মঙলবাৰৰ দিনটোত ডিব্ৰুগড় জিলাখনত 225 গৰাকীকৈ লোক ক’ভিড-19 ত আক্ৰান্ত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ চলিত মাহত এইপৰ্য্যন্ত জিলাখনত ক’ভিড আক্ৰান্তৰ সংখ্যা 1502 লৈ বৃদ্ধি পালে ৷ মঙলবাৰৰ পৰা সমগ্ৰ অসমতে নিশা 8 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন জাৰি কৰাৰ পৰিপেক্ষিতত ডিব্ৰুগড়ত এতিয়া আৰক্ষী অধীক্ষক-দণ্ডাধীশসহ বৃহৎ আৰক্ষীৰ ৰাজপথত টহল । সান্ধ্য আইন যাতে কোনো লোকে ভংগ নকৰে, সমান্তৰালভাৱে চৰকাৰে বান্ধি দিয়া ক'ভিড প্ৰট’কলৰ নীতি নিৰ্দেশনাসমূহ যাতে সকলোৱে মানি চলে, তাৰ বাবে সকলোকে আহ্বান জনাই আৰক্ষীয়ে ৷ উল্লেখ্য যে, অতি দ্ৰুত হাৰত ক’ভিড-19ৰ সংক্ৰমণ বৃদ্ধি পাইছে জিলাখনত ৷

ডিব্ৰুগড় জিলাত এদিনতে ক’ভিড-19 ত আক্ৰান্ত 225 গৰাকী

কেৱল মঙলবাৰৰ দিনটোতে 225 গৰাকীৰ দেহত মাৰাত্মক ক'ভিড-19 ধৰা পৰাত শংকিত হৈ পৰিছে ডিব্ৰুগড়বাসী ৷ আনহাতে ক্ৰমান্বয়ে সংক্ৰমণ বৃদ্ধি হৈ থকাৰ পিছতো জিলাখনত জনসাধাৰণে যিধৰণে সাৱধানতা অৱলম্বন কৰিব লাগিছিল সেয়া পৰিলক্ষিত হোৱা নাই । সান্ধ্য আইনৰ প্ৰথমটো দিনত আৰক্ষী অধীক্ষক প্ৰতীক থৌবে আৰু দণ্ডাধীশ সুজাতা গগৈৰ নেতৃত্বত বৃহৎ আৰক্ষীয়ে চহৰৰ বিভিন্ন প্ৰান্তত সান্ধ্য আইন ভংগ কাৰী সকলৰ প্ৰতি সৰৱ হৈ উঠে । তদুপৰি পূৰ্বে নিৰ্ধাৰিত বিবাহ অনুষ্ঠান সমুহতো উপস্থিত হৈ সান্ধ্য আইন যাতে কোনো কাৰণতে ভংগ নহয় তাৰ প্ৰতি সকলোলৈকে আহ্বান জনাই প্ৰশাসনে ৷

লগতে পঢ়ক :অক্সিজেন প্ৰকল্প স্থাপনত অনুমোদন আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.