ETV Bharat / state

Domestic violence effect: লুইতত মহিলাৰ মৰণ জাঁপ; জীৱন্তে পাৰলৈ তুলিয়েই পলাল স্বামী

author img

By

Published : Aug 11, 2023, 8:41 AM IST

Domestic violence effect
Woman attempts suicide

স্বামীৰ নিৰ্যাতন সহিব নোৱাৰি ব্ৰহ্মপুত্ৰৰ বুকুত মৰণ জাঁপ নিৰ্যাতিতা মহিলাৰ । পত্নীক জীৱিত অৱস্থাত উদ্ধাৰ কৰিয়েই পলায়ন স্বামীৰ ।

নৱবিবাহিতাৰ আত্মহত্যাৰ চেষ্টা

ধুবুৰী, 11 আগষ্ট: পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ ৰূপ ৷ স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি ব্ৰহ্মপুত্ৰত জঁপিয়ালে মহিলাই ৷ পত্নীক জীৱিত অৱস্থাত নদীৰ পৰা উদ্ধাৰ কৰিয়েই পলায়ন কৰিলে স্বামীয়ে । চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে ধুবুৰীত ৷

বৃহস্পতিবাৰে ধুবুৰীৰ এগৰাকী মহিলাই নেতাই ধুবুনী ঘাটৰ পৰা ব্ৰহ্মপুত্ৰত মৰণ জাঁপ দিয়াৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷ কিন্তু মহিলাগৰাকীৰ স্বামীয়ে তেওঁক জীৱিত অৱস্থাত পানীৰ পৰা উদ্ধাৰ কৰিয়েই পলায়ন কৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, ধুবুৰীৰ মাঝেৰ চৰ অঞ্চলৰ জনৈক আলীৰ সৈতে চাৰি মাহ পূর্বে বিবাহ পাশত আৱদ্ধ হৈছিল এইগৰাকী মহিলা ।

স্থানীয় লোকে জানিবলৈ দিয়া মতে, জনৈক আলীৰ আছে পূৰ্বৰ আন এগৰাকী পত্নী । প্ৰথমা পত্নীৰ আছে তিনিটাকৈ সন্তান । কিন্তু তাৰ পিচতো প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ বাবে বিবাহিত আলীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল বিলাসীপাৰাৰ যুৱতীগৰাকী । ঘৰৰ অমতত বিয়াখন সম্পন্ন হোৱা বুলি স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

ঘৰৰ সমৰ্থন নোহোৱাকৈ বিয়া সম্পন্ন হ’ল যদিও বিবাহৰ পিছৰে পৰা দুয়োৰে মাজত চলি আহিছিল সংঘাত । এনে পৰিয়ালকেন্দ্ৰিক সংঘাতৰ সময়তে ঘটনা সংঘটিত হোৱাৰ দিনটোত স্বামী-স্ত্ৰী দুয়ো পক্ষৰ পৰিয়াল তথা লোকৰ উপস্থিতিত ধুবুৰীৰ নেতাই ধুবুনী ঘাটত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । উক্ত সভা চলি থকাৰ সময়তেই আৰম্ভ হয় দুয়ো পক্ষৰ তৰ্ক বিতৰ্ক । তাৰ মাজতেই হঠাৎ ব্ৰহ্মপুত্ৰৰ বুকুত মৰণ জাঁপ দিয়ে স্বামীৰ দ্বাৰা নিৰ্যাতিত হোৱাৰ অভিযোগ উত্থাপিত হোৱা মহিলাগৰাকী ।

ইয়াৰ পিছত লগে লগেই ব্ৰহ্মপুত্ৰৰ বুকুত জঁপিয়াই নিজৰ পত্নীক অচেতন অৱস্থাত উদ্ধাৰ কৰে যদিও নেতাই ধুবুনী ঘাটত পেলাই থৈ পলায়ন কৰে স্বামীসহ দুয়ো পক্ষৰ লোকে । পিছত খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত মহিলাগৰাকীক ধুবুৰী চিকিৎসা হাস্পতাললৈ লৈ যায় ৷

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত । নৱবিবাহিতা মহিলাগৰাকীয়ে স্বামী আৰু পিতৃ পৰিয়ালৰ সন্মুখতে কিহৰ বাবে আত্মহত্যাৰ চেষ্টা চলাইছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : Amit Shah on Manipur: মণিপুৰ সন্দৰ্ভত গৃহমন্ত্ৰীৰ বক্তব্যক প্ৰশংসা মণিপুৰৰ বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.