ETV Bharat / state

Protest in Dhubri: ধুবুৰীত উইমকো বচাও কমিটিৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jun 7, 2023, 8:55 PM IST

Updated : Jun 7, 2023, 9:00 PM IST

Wimco Bachao Committee Protest in Dhubri
উইমকো বচাও কমিটিৰ প্ৰতিবাদ

ধুবুৰীৰ জুইশলা কাৰখানাৰ মাটি বিক্ৰী কৰাক লৈ উত্তেজিত হৈ পৰিছে ধুবুৰীৰ বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজ ৷ বুধবাৰে উইমকো বছাও কমিটিৰ উদ্যোগত শতাধিক ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ (Wimco Bachao Committee Protest in Dhubri) ৷

ধুবুৰীৰ জুইশলা কাৰখানাৰ মাটি বিক্ৰী কৰাক লৈ উত্তাল প্ৰতিবাদ

ধুবুৰী, 7 জুন: ধুবুৰীৰ ঐতিহাসিক জুইশলা কাৰখানাৰ মাটি বিক্ৰী কৰাক লৈ উত্তেজিত হৈ পৰিছে ধুবুৰীৰ বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজ ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে উইমকো বছাও কমিটিৰ উদ্যোগত শতাধিক ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ জুইশলা কাৰখানাৰ মাটিত উদ্যোগ স্থাপনৰ দাবীত মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ (Wimco Bachao Committee Protest in Dhubri) ৷

ইতিহাস আৰু অস্তিত্বৰ সংকটত এতিয়া ধুবুৰীবাসী ৷ 1925 চনতেই ব্ৰিটিছৰ দিনত স্থাপিত নামনি অসমৰ ধুবুৰীৰ একমাত্ৰ জুইশলা কাৰখানা আছিল ধুবুৰীৰ পৰিচয় আৰু গৌৰৱ ৷ কিন্তু আজি অতীত হোৱাৰ পথত একমাত্ৰ কাৰখানাটো ৷ সম্প্ৰতি ধ্বংসৰ গৰাহলৈ গতি কৰা একমাত্ৰ জুইশলা কাৰখানাটো ITC কোম্পানীটোৱে একাংশ দালালৰ সৈতে মিলি কাৰখানাৰ মাটি বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ অতি গোপন ভাবে জুইশলা কাৰখানাৰ মাটি বিক্ৰী কৰাৰ এক তথ্য পোহৰলৈ অহাৰ পিছতেই উত্তেজিত হৈ পৰিছে স্থানীয় লোক আৰু বিভিন্ন দল-সংগঠন (Wimco Bachao Committee Protest) ৷

তথ্য অনুসৰি, কামৰূপ আইচ এণ্ড কোল্ড ষ্টোৰ্চ নামৰ এটা কোম্পানীৰ ওচৰত 110 বিঘা মাটি পাঁচটা ভাগত ভাগ কৰি বিক্ৰী কৰিছে আই টি চি কোম্পানীয়ে ৷ কাৰখানাৰ মাটি বিক্ৰীৰ বিৰুদ্ধে আৰু কাৰখানাৰ ঠাইত কাৰখানা স্থাপনৰ দাবীত বুধবাৰে উইমকো বছাও কমিটিৰ উদ্যোগত ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, 1925 চনত ধুবুৰী চহৰৰ এ এম.কো. ৰোড অঞ্চলত 132 বিঘা মাটিত স্থাপিত হৈছিল এই জুইশলা কাৰখানাটো (Wimco Bachao Committee) ৷

আসাম মেছ কোম্পানী চমুকৈ এ.এম.চি. নামৰ প্ৰখ্যাত চুইডিছ কোম্পানী এটাই ধুবুৰীত স্থাপন কৰিছিল জুইশলা কাৰখানা ৷ 1979 চনত জাথানী গ্ৰুপ অৱ ইন্ড্ৰাষ্টিজ নামৰ আন এটা কোম্পানীয়ে ধুবুৰীৰ জুইশলা কাৰখানা চুইডিছ কোম্পানীটোৰ পৰা ক্ৰয় কৰি ওৱেষ্টাৰ্ণ ইণ্ডিয়া মেচ কোম্পানী চমুকৈ "উইমকো" নামেৰে নতুনকৈ নামাকৰণ কৰিছিল ৷ 1997 চনত জুইশলা কাৰখানাটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ পিছত 2012 চনত আই টি চি নামৰ এটা কোম্পানীয়ে ক্ৰয় কৰে কাৰখানাটো (Protest in Dhubri) ৷

কিন্তু কাৰখানা স্থাপনৰ প্ৰতিশ্ৰুতি দিয়া আই টি চি কোম্পানীয়ে এতিয়া একাংশ দালালৰ সৈতে মিলি মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰি গোপনে ভাগে ভাগে মাটি বিক্ৰী কৰাৰ অভিযোগ তুলি আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কাৰ্যসূচীৰ পিছত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি মাটি বিক্ৰীৰ বিৰোধিতা কৰাৰ লগতে এই স্থানত উদ্যোগ স্থাপনৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে (Historic Wimco match factory in Dhubri) ৷

লগতে পঢ়ক: AASAA protest in Lakhimpur: জনজাতিকৰণৰ দাবীত আছাৰ প্ৰতিবাদ

Last Updated :Jun 7, 2023, 9:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.