ETV Bharat / state

ABT members sent to police custody: ধুবুৰীত গ্ৰেপ্তাৰ হোৱা তিনি ABT সদস্যক এসপ্তাহৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

author img

By

Published : Apr 25, 2023, 10:51 PM IST

bangladesh organistion ABT
ABT সদস্য

ধুবুৰীত এবিটিৰ তিনি সদস্যক মাৰাথন জেৰা বিভিন্ন সংস্থাৰ । আদালতত হাজিৰ কৰোৱা হয় ছফিকুল, মোজাহিদুল, বাদশাক । তিনিওকে এসপ্তাহৰ বাবে ধুবুৰী আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে (ABT members arrested in Dhubri) ।

ধুবুৰী, 25 এপ্ৰিল : বাংলাদেশৰ নিষিদ্ধ মৌলবাদী সংগঠন আনছাৰুল্লা বাংলা টীমৰ ইজনৰ পিছত সিজনকৈ সদস্য গ্ৰেপ্তাৰ হৈছে অসমত । ধুবুৰীত মাদ্ৰাছাৰ শিক্ষক সহ বাংলাদেশৰ মৌলবাদী জেহাদী সংগঠনটোৰ তিনিজনকৈ সদস্য গ্ৰেপ্তাৰৰ পিছতেই জিলাখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ (ABT members arrested in Dhubri)।

ধুবুৰী সদৰ আৰক্ষী থানাত ৰুজু হোৱা ১৯১/২৩ নম্বৰৰ গোচৰৰ ভিত্তিত মঙলবাৰে ধৃত ছফিকুল ইছলাম, মোজাহিদুল মণ্ডল আৰু বাদশ্বা শ্বেখক ধুবুৰী আদালতত হাজিৰ কৰাই আৰক্ষীয়ে দহ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰে ৷ কিন্তু আদালতে এসপ্তাহৰ বাবে ধুবুৰী আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে তিনিওকে (ABT members in Dhubri) ।

উল্লেখ্য যে, যোৱা বৰ্ষত ৰাজ্যজুৰি পি এফ আই আৰু এ বি টিৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই কেইবাজনো সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । আনকি জেহাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ একাংশ মাদ্ৰাছা উচ্ছেদ কৰিছিল অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে । তাৰ পিছতেই এক গোপন তথ্যৰ ভিত্তিত ধুবুৰীৰ ভিন্ন অঞ্চলত অভিযান চলাই আনছাৰুল্লা বাংলা টীম নামৰ বাংলাদেশৰ নিষিদ্ধ ঘোষিত মৌলবাদী সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগত তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে (Bangladesh organistion ABT members arrested) ।

প্ৰথমে যোৱা দেওবাৰে নিশা ধুবুৰীৰ বগুলামাৰী অঞ্চলত অভিযান চলাই ছফিকুল ইছলাম নামৰ এজন মাদ্ৰাছা শিক্ষকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধুবুৰীৰ পানবাৰী অঞ্চলত অৱস্থিত এখন মাদ্ৰাছাৰ শিক্ষক ছফিকুল ইছলামৰ বিস্ফোৰক স্বীকাৰোক্তিৰ ভিত্তিত পিছদিনা ৰাতিপুৱাৰ ভাগত ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ সস্তাৰঘাট দ্বিতীয় খণ্ড গাঁৱৰ পৰা মোজাহিদুল মণ্ডল আৰু টাকিমাৰী গাঁৱৰ পৰা বাদশ্বাহ শ্বেখক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষীয়ে । লগতে একে সময়তে আন এজন মাদ্ৰাছা শিক্ষককো আটক কৰিছে যদিও নাম আৰু তথ্য সদৰী কৰা নাই আৰক্ষীয়ে । তদন্তৰ খাতিৰত চতুৰ্থজন ব্যক্তিৰ তথ্য আৰক্ষীয়ে গোপনে ৰাখিছে বুলি ধাৰণা কৰা হৈছে (Bangladesh organistion ABT) ।

ইপিনে যোৱা দুদিন ধৰি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধানৰ বিশেষ শাখাৰ এটি বৃহৎ দলে ধৃত আনছাৰুল্লা বাংলা টীমৰ সদস্য কেইজনক জেৰা কৰাৰ বিপৰীতে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ লগতে আন কেইবাটাও সংস্থাই যোৱা দুদিন ধৰি জেৰা অব্যাহত ৰাখিছে ধুবুৰী সদৰ আৰক্ষী থানাত । জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নাটৰাজনে উল্লেখ কৰা মতে, ধৃত কেইজনৰ পৰা মোবাইল, লেপটপকে আদি কৰি বিভিন্ন বৈদ্যুতিক আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰাৰ বিপৰীতে অনলাইন ট্ৰেনজেকচনৰ জৰিয়তে ধন সংগ্ৰহ কৰি অহাৰো তথ্য লাভ কৰা হৈছে ।

আনকি অল কায়েদাৰে সম্পৰ্ক থকাৰ কথা উল্লেখ কৰি অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইট কৰাৰ পিছতেই অসমত থাকি অসমখন ৰক্তাক্ত কৰাৰ যেন ভয়ংকৰ ব্লুপ্ৰিন্ট ৰচনা কৰা হৈছে বুলি ধাৰণা কৰা হৈছে (ABT linked with Al Qaeda) । অৱশ্যে এসপ্তাহৰ বাবে ধুবুৰী আৰক্ষীয়ে আনছাৰুল্লা বাংলা টীমৰ তিনি সদস্যক জেৰা কৰাৰ পিছত আৰু কি কি ভয়ংকৰ তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হ’ব সেয়াই লক্ষণীয় বিষয় (ABT members sent to police custody for a week) । আৰক্ষী আৰু বিভিন্ন সংস্থাৰ সফল জেৰাৰ অন্তত আনছাৰুল্লা বাংলা টীম নামৰ বাংলাদেশৰ নিষিদ্ধ মৌলবাদী সংগঠনৰ বৃহৎ চক্ৰৰ আন কেইবাজনো অসম আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : ABT members arrested in Dhubri: ধুবুৰীত গ্ৰেপ্তাৰ তিনি ABT ৰ সদস্য; আপত্তিজনক নথি পত্ৰ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.