ETV Bharat / state

নতুন বৰ্ষত ৰূপসী বিমানবন্দৰৰ পৰা উৰাজাহাজ উৰিবঃ সৰ্বানন্দ সোণোৱাল

author img

By

Published : Dec 29, 2019, 8:47 PM IST

ধুবুৰীৰ ছাগলীয়াত প্ৰথমখন বিদ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ ৰূপসী বিমানবন্দৰৰ পৰা উৰাজাহাজ উৰিব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

Sarbananda Sonawal in Dhubri
ধুবুৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ধুবুৰী, 29 ডিচেম্বৰঃ ধুবুৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ধুবুৰীৰ অসম-বংগ সীমান্তৰ ছাগলীয়াত এখন আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সোণোৱালৰ ৷ পিছপৰা সংখ্যালঘু সকলৰ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসম চৰকাৰে ধুবুৰী জিলাৰ গোলকগঞ্জ আৰু বিলাসীপাৰা পূৱ সমষ্টিত দুই স্থানত আদৰ্শ আৱাসিক বিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেইমৰ্মে ধুবুৰীৰ ছাগলীয়াত প্ৰথমখন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে ৷ গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ, বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহি আৰু ধুবুৰী জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীৰ উপস্থিতিত আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি শিক্ষাকে ধৰি বিভিন্ন সামৰি লৈ গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে সোণোৱালে ৷ লগতে অনাগত দিনত ধুবুৰীক আন তেত্ৰিশ খন জিলাৰ ভিতৰত এখন অন্যতম জিলা হিচাপে ঘোষণা কৰিব বুলি তেওঁ উল্লেখ কৰে ৷

ধুবুৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আনহাতে নতুন বৰ্ষত ৰূপসী বিমানবন্দৰৰ পৰা উৰাজাহাজ উৰিব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ লগতে সোণোৱাল চৰকাৰৰ কেবিনেটে ছয় জনগোষ্ঠীক লৈ লোৱা সিদ্ধান্ত সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে 2020 চনৰ আৰম্ভণিৰ পৰাই ইয়াৰ কাম আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰে ৷ ইফালে মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত সমালোচনাৰ লক্ষ্য কৰি লয় কংগ্ৰেছ আৰু বাওঁপন্থীক । তেওঁ কয় যে শান্তি অবিহনে প্ৰগতি সম্ভৱ নহয় ৷ শান্তিৰ বাতাৱৰণ থাকিলে সকলোৱে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব ৷ গতিকে আপোনালোকে কাৰো মিছা কথাত ভোল নাযাব ৷ মিছা কথা ফাঁকি কথা আৰু ভুল তথ্যৰে অশান্তিৰ বাতাৱৰণৰ সৃষ্টি কৰা হৈছে ৷ এইদৰেই আওপকীয়াকৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদীসকলক সমালোচনা কৰি কংগ্ৰেছ আৰু বাওঁপন্থীয়ে অশান্তিৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰে ৷

আৰু পঢ়কঃ ৰেচম বিভাগৰ জগদুৱাৰস্থিত মুগা সঁচ প্ৰকল্পৰ দুৰবস্থা

Intro:ধুবুৰীত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ধুবুৰীৰ অসম বংগ সীমান্তৰ ছাগলীয়াত এখন আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সোণোৱালৰ। মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত সমালোচনাৰ লক্ষ্য কৰি লয় কংগ্ৰেছ আৰু বাওঁপন্থীক।


Body: শান্তি অবিহনে প্ৰগতি সম্ভৱ নহয়। শান্তিৰ বাতাৱৰণ থাকিলে সকলোৱে নিজৰ লক্ষ্যত উপনীত হব পাৰিব।গতিকে আপোনালোকে কাৰো মিছা কথাত ভোল নাযাব। মিছা কথা ফাঁকি কথা আৰু ভুল তথ্যৰে অশান্তিৰ বাতাৱৰণৰ সৃষ্টি কৰা হৈছে। এইদৰেই আওপকীয়াকৈ কা' বিৰোধী প্ৰতিবাদী সকলক সমালোচনা কৰি কংগ্ৰেছ আৰু বাওঁপন্থীয়ে অশান্তিৰ সৃষ্টি কৰিছে বুলি ভাষণত সমালোচনা কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে। উল্লেখযোগ্য যে, আকাশমাৰ্গেৰে আজি আবেলি প্ৰায় তিনি মান বজাত উপস্থিত হয় ধুবুৰী জিলাৰ অসম বংগ সীমান্তৰ ছাগলীয়াত। পিছপৰা সংখ্যালঘু সকলৰ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসম চৰকাৰে ধুবুৰী জিলাৰ গোলকগঞ্জ আৰু বিলাসিপাৰা পূৱ সমষ্টিত দুখন স্থানত আদৰ্শ আৱাসিক বিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইমতে আজি ধুবুৰীৰ ছাগলীয়াত আজি প্ৰথমখন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে। গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ, বিলাসিপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহি আৰু ধুবুৰী জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীৰ উপস্থিতিত আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি শিক্ষাকে ধৰি বিভিন্ন সামৰি লৈ গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। লগতে অনাগত দিনত ধুবুৰীক আন তেত্ৰিশ খন জিলাৰ ভিতৰত এখন অন্যতম জিলা হিচাপে ঘোষণা কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

ইপিনে অহা নতুন বৰ্ষত ৰূপসী বিমানবন্দৰৰ পৰা উৰাজাহাজ উৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। লগতে সোণোৱাল চৰকাৰৰ কেবিনেটে ছয় জনগোষ্ঠীক লৈ লোৱা সিদ্ধান্ত সম্পৰ্কত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়ঃ ২০২০ ৰ প্ৰথমৰ পৰাই এই কাম আৰম্ভ কৰা হব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী সোণোৱালে।


Conclusion: উল্লেখযোগ্য যে, গোলকগঞ্জৰ বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ পৰিয়ালে আদৰ্শ আৱাসিক বিদ্যালয় খনৰ বাবে মুঠ ৫২ বিঘা মাটি দান কৰে। সেই মাটিডোৰাতেই নিৰ্মাণ হব বিদ্যালয় খন। একেলগে পাঁচ শ ছাত্ৰ ছাত্ৰী থকা আৰু শিক্ষা গ্ৰহণৰ সুবিধা থাকিব বিদ্যালয় খনত। জিলাখনৰ এইখন বিদ্যালয়ে নিশ্চয়কৈ সুখৰ বতৰা কঢ়িয়াই আনিব ধুবুৰী জিলাখনলৈ।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.