ETV Bharat / state

ধুবুৰীত চিলনী চোৰে থপিয়াই নিলে 1.96 লাখ টকা

author img

By

Published : Apr 30, 2021, 9:54 AM IST

Updated : Apr 30, 2021, 10:51 AM IST

ধুবুৰীত চিলনী চোৰে থপিয়াই নিলে 1.96 লাখ টকা
ধুবুৰীত চিলনী চোৰে থপিয়াই নিলে 1.96 লাখ টকা

ক্ৰমাৎ ধুবুৰীত ত্ৰাসৰ সৃষ্টি কৰিছে চিলনী চোৰে ৷ প্ৰতিদিনে সংঘটিত হৈছে ইটোৰ পাচত সিটো চোৰ-ডকাইতিৰ ঘটনা ৷ বৃহস্পতিবাৰে এগৰাকী লোকৰ পৰা চিলনী চোৰে থপিয়াই নিলে প্ৰায় 1.96 লাখ টকাৰ এখন বেগ ৷

ধুবুৰী, 30 এপ্ৰিল: দীৰ্ঘদিনৰ পৰা ধুবুৰীত ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ বিগত কিছুদিন ধৰি ধুবুৰীত ত্ৰাসৰ সৃষ্টি কৰিছে চিলনী চোৰে ৷ প্ৰতিদিনে সংঘটিত হৈছে ইটোৰ পাচত সিটো চোৰ-ডকাইতিৰ ঘটনা ৷ বৃহস্পতিবাৰে এগৰাকী লোকৰ পৰা চিলনী চোৰে থপিয়াই নিলে প্ৰায় 1.96 লাখ টকা নগদ ধনৰ এখন বেগ ৷

ধুবুৰীত চিলনী চোৰে থপিয়াই নিলে 1.96 লাখ টকা

উল্লেখ্য যে, ধুবুৰী জিলাৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ আইৰকাটাৰ শিৰাজুল হক মোল্লা নামৰ এজন শিক্ষকে ভাৰতীয় ষ্টেট বেংকৰ ধুবুৰী শাখাৰ পৰা 1.96 লাখ টকা উলিয়াই ঘৰলৈ আহিব লওতেই পাছফালৰ পৰা অহা দুজনীয়া দুৰ্বৃত্তৰ দল এটাই শিক্ষক গৰাকীৰ হাতত পৰা বেগটো থপিয়াই লৈ যায় ৷

ইপিনে টকাভৰ্তি বেগখন টানি নিয়াৰ সময়ত কিছুদূৰলৈ চুচৰি যায় চিৰাজুল হক নামৰ শিক্ষকগৰাকী । ফলত শিক্ষকগৰাকীয়ে শৰীৰৰ বিভিন্ন স্থানত আঘাত প্ৰাপ্ত হৈছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ভুক্তভোগী শিক্ষক গৰাকীয়ে ।

লগতে পঢ়ক: ৰূপহীহাটত অবৈধভাৱে মাটি কঢ়িওৱা ট্ৰেক্টৰ জব্দ

Last Updated :Apr 30, 2021, 10:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.