ETV Bharat / state

Congress countered Assam CM: দিছপুৰৰ গাদীৰ পৰা হিমন্ত বিশ্ব শৰ্মাক ৰাইজে খেদিব; ৰকিবুল হুছেইনৰ ভৱিষ্যদ্বাণী

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 10:40 AM IST

Congress Meets at Bilashipara
মূল্যবোধেৰে প্ৰদুষণমুক্ত ৰাজনীতি গঢ়িব কংগ্ৰেছে

‘‘মুখ্যমন্ত্ৰী আৰু আজমলে প্ৰদূষিত ৰাজনীতি কৰিছে ৷ চৰকাৰে ৰাইজক টেঁটু চেপি হাৰাশাস্তি কৰিছে ৷ ইয়াৰ পৰা মুক্তি বিচাৰিছে ৰাইজে ৷’’ এই মন্তব্য বিধায়ক ৰকিবুল হুছেইনৰ ৷

মূল্যবোধেৰে প্ৰদুষণমুক্ত ৰাজনীতি গঢ়িব কংগ্ৰেছে

পশ্চিম বিলাসীপাৰা, 21 ছেপ্টেম্বৰ : বুধবাৰে বিলাসীপাৰাত কংগ্ৰেছৰ পৰ্যায়লোচনা সভা অনুষ্ঠিত হয় । সন্ধিয়া বিলাসীপাৰাৰ প্ৰতিমা পাণ্ডে বৰুৱা প্ৰেক্ষাগৃহত আগন্তুক লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সভা অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানত বিধায়ক ৰকিবুল হুছেইন, বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ লগতে জিলা পৰ্যায়ৰ কংগ্ৰেছৰ নেতাসকলে অংশ গ্ৰহণ কৰে ৷

উক্ত সভাৰ পাচতে বৰ্তমানৰ চৰকাৰক সমালোচনা কৰে বিধায়ক ৰকিবুল হুছেইনে ৷ ৰাজ সাহায্য আৰু ভূমি কেলেংকাৰীত মুখ্যমন্ত্ৰী পৰিয়ালৰ নাম সঙোৰ খোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছ নেতা হুছেইনে ৷

তেওঁ কয়, ‘‘ৰাইজে গমে পাইছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত কিমান কেলেংকাৰী হৈছে ৷ চৰকাৰে ৰাইজক টেঁটু চেপি হাৰাশাস্তি কৰিছে ৷ যাৰ বাবে ৰাইজে পৰিত্ৰাণ বিচাৰিছে ৷ স্বেচ্ছাচাৰী শাসকক গাদীৰ পৰা ওফৰাই ধুঁৱলি-কুঁৱলী তথা প্ৰদূষিত ৰাজনীতিৰ পৰা মুক্ত হ’ব বিচাৰে ৰাইজে ৷ সেয়ে আগন্তুক দিনত দিছপুৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খেদিব ৰাইজে ৷’’

বিধায়ক হুছেইনে আৰু কয়, ‘‘মুখ্যমন্ত্ৰীগৰাকীৰ নলে-গলে লগা ৰাজনৈতিক বন্ধু আজমলকো ধুবুৰীৰ পৰা খেদিব ৰাইজে ৷ দুয়োজনে মিলি ৰাজনীতি প্ৰদূষিত কৰিছে ৷ ৰাইজে বিচাৰে মূল্যবোধৰ ৰাজনীতি ৷ আমি দুখীয়া লোকৰ কথা শুনিম ৷ আমাৰ দুখীয়াৰ চৰকাৰ হ’ব ৷ ধুবুৰীৰ পৰা শদিয়ালৈকে কৰা ভাৰত জোড়ো যাত্ৰাত ৰাইজে যি সহযোগিতা কৰিছে সেয়া দেখি চৰকাৰে ভয় খাইছে ৷’’

মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা জীৱন ত্যাগ কৰিম বুলি কৰা মন্তব্য সন্দৰ্ভক ওভতি ধৰি বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয়, ‘‘সদনত তেওঁলোকৰ মন্ত্ৰীয়ে ইতিমধ্যে প্ৰমাণ দিছে, আৰু কিমান প্ৰমাণ লাগে ! ইতিমধ্যে সাংসদ গৌৰৱ গগৈয়ে প্ৰমাণ দিছে ৷ সাংসদ গগৈয়ে কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷ সকলোৱে দেখিছে, সকলোৱে জানে ৷’’

লগতে পঢ়ক:Badruddin Ajmal: ধুবুৰীত আজমল আৰু একালৰ সতীৰ্থ ৰছুল হ’কৰ পুনৰ মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.