ETV Bharat / state

Protest in Dhubri: নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে ধুবুৰীত প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 9:17 PM IST

Protest against recruitment scam in Dhubri
নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে ধুবুৰীত প্ৰতিবাদ

বিজেপি চৰকাৰৰ নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিৰোধী কংগ্ৰেছৰ । বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ধুবুৰী জিলা সদৰত অৱস্থিত ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জিলা যুৱ কংগ্ৰেছে ।

নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে ধুবুৰীত প্ৰতিবাদ

ধুবুৰী,৩১ আগষ্ট: নিযুক্তি কেলেংকাৰীক লৈ ৰাজ্যজুৰি অব্যাহত তীব্ৰ প্ৰতিবাদ । ধুবুৰীতো যুৱ কংগ্ৰেছে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । বিজেপি চৰকাৰৰ দিনত নিযুক্তি কেলেংকাৰী আৰু চাকৰিৰ বজাৰ খোলাৰ অভিযোগত উত্থাপন কৰি বৃহস্পতিবাৰে ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত ধুবুৰী ৰাজীৱ ভৱনৰ সন্মুখত হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।

ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী সমদল উলিয়ায় যদিও আৰক্ষীয়ে ৰাজপথত বেৰিকেড বহুৱাই বাধা প্ৰদান কৰে । পিছত আৰক্ষীৰ বেৰিকেডৰ ভিতৰতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ সময়তে জিলা যুৱ কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ পুত্তোলিকা দাহ কৰি উত্তাল কৰি তোলে পৰিস্থিতি ।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে তৎপৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দিনত চাকৰিৰ বজাৰ খোলাৰ বিপৰীতে একাংশ বিজেপি নেতা নিযুক্তি কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপিত কৰে জিলা যুৱ কংগ্ৰেছে । আনকি এই সমগ্ৰ নিযুক্তি কেলেংকাৰীত মুখ্যমন্ত্ৰী নিজেই জড়িত থকা বাবেই মুখ্যমন্ত্ৰী নীৰৱতা অৱলম্বন কৰি আহিছে বুলিও অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হয় । জিলা যুৱ কংগ্ৰেছৰ সভাপতি সম্পাদকৰ উপস্থিতিত প্ৰায় অৰ্ধ শতাধিক যুৱ কংগ্ৰেছীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত ।

উল্লেখ্য যে, মূল্যবৃদ্ধি, দুৰ্নীতি, নিয়োগ কেলেংকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন দল-সংগঠনে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । একাংশ বিজেপি কৰ্মীৰ নাম এনে কেলেংকাৰীত সাঙোৰ খাই পৰাক লৈ শাসনাধিষ্ঠ চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে । ইমানৰ পাছতো চৰকাৰ তথা প্ৰশাসনে এই ক্ষেত্ৰত কিবা বিশেষ ভূমিকা গ্ৰহণ কৰে নে নাই সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক: Creative story of Lakhimpur: লখিমপুৰৰ দুৰ্লভ গগৈৰ দুৰ্লভ সৃষ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.