ETV Bharat / state

Cattle Smuggling: বিলাসীপাৰাত গৰুভৰ্তি বাহনসহ এজনক আটক

author img

By

Published : Jun 29, 2022, 9:48 PM IST

বিলাসীপাৰাত চোৰাং গৰু ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান(Smuggler arrested with cattle at Bilasipara) । অভিযানত বেলতলীৰ পৰা ব'লেৰো বাহনসহ ৯ টাকৈ গৰু জব্দ ।

one smuggler arrested with cattle at Bilasipara in Dhubri
বিলাসীপাৰাত গৰুভৰ্তি বাহনসহ এজনক আটক

বিলাসীপাৰা, 29 জুন : গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী (Cattle Smuggling in Assam)। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতেই আৰক্ষী তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন ৷ কিন্তু তাৰ মাজতেও একাংশ দুষ্ট চক্ৰই অব্যাহত ৰাখিছে গৰুৰ চোৰাং ছিণ্ডিকেট ।

বিলাসীপাৰাত গৰুভৰ্তি বাহনসহ এজনক আটক

ইফালে, বিলাসীপাৰাৰ বিভিন্ন ভিতৰুৱা পথেৰে গো-সৰবৰাহকাৰীয়ে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ সৰবৰাহ কৰি আহিছে গো-ধন । সেয়ে বিলাসীপাৰাৰ সাপটগ্ৰামত গৰু ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলায় আহিছে অভিযান ।

এক গোপন খবৰৰ ভিত্তিত সাপটগ্ৰাম আৰক্ষীয়ে চোৰাং গৰু ছিণ্ডিকেট বাহিনীক ধৰিবলৈ জাল পেলাইছিল ফুটকিবাৰী মূলপথত । কিন্তু আৰক্ষীক দেখি ছিণ্ডিকেট বাহিনীয়ে তীব্ৰ বেগে গাড়ী চলোৱাত পিছে পিছে আৰক্ষীয়ে খেদি অহাত গো মাফিয়াই বিলাসীপাৰাৰ বেলতলীৰ দ খাৱৈত বাহনখন নমাই দিয়ে ।

ইফালে, চোৰাং গৰুভৰ্তি ব'লেৰো বাহনসহ ৯ টাকৈ গৰু জব্দ কৰাৰ লগতে জহিৰুল ইছলাম নামৰ গো-মাফিয়াটোক আটক কৰে আৰক্ষীয়ে । গৰুভৰ্তি বাহন এৰি পলায়ন কৰে আন এটা গো-মাফিয়া জিন্নাত আলী । এই বাহনখনতে খুন্দা খাই মৃত্যু হয় এটি গো-ধনৰ । জব্দ কৰা গৰু ভৰ্তি বাহনখনৰ নম্বৰ AS 17C 2837 ৷ সম্প্ৰতি পলাতক গো-মাফিয়া জিন্নাত আলীক সন্ধানত অভিযান অব্যাহত ৰাখিছে সাপটগ্ৰাম আৰক্ষীয়ে ৷

লগতে পঢ়ক : হোজাই আৰক্ষীৰ বৃহৎ সফলতা: ৪খন বাহনৰ পৰা উদ্ধাৰ ২৬ টা চোৰাং গৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.