ETV Bharat / state

গোলকগঞ্জত কৰ'ণা ভাইৰাছত আক্ৰান্ত মহিলা

author img

By

Published : May 23, 2020, 11:16 PM IST

ধুবুৰী
গোলকগঞ্জত কৰ'ণা ভাইৰাছত আক্ৰান্ত মহিলা

শনিবাৰে ধুবুৰীৰ গোলকগঞ্জত এগৰাকী মহিলাৰ দেহত লাভ কৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । বিহাৰৰ ইটা ভাটাত কৰ্মৰত মহিলা গৰাকী বিগত ১৩ মে'ত ঘৰলৈ আহি ছাগলীয়া কোৱাৰেণ্টাইন কেম্পত আছিল বুলি জানিবলৈ দিয়ে প্ৰশাসনে ।

ধুবুৰী, ২৩ মে': ধুবুৰীৰ গোলকগঞ্জৰ অসম বংগ সীমান্তৰ কৈমাৰী ষষ্ঠ গাঁৱত শনিবাৰে এগৰাকী মহিলাৰ দেহত লাভ কৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । মহিলা গৰাকী বিহাৰৰ এটা ইটা ভাটাত কৰ্মৰত আছিল বুলি জানিবলৈ দিয়ে প্ৰশাসনে । বিগত ১৩ মে'ত ঘৰলৈ আহি ছাগলীয়া কোৱাৰেণ্টাইন কেম্পত আছিল মহিলা গৰাকী ।

গোলকগঞ্জ
গোলকগঞ্জত কৰ'ণা ভাইৰাছত আক্ৰান্ত মহিলা

১৭ মে' ত শ্লেষৰ নমুনা সংগ্ৰহ কৰাৰ পাচতে ১৮ মে'ত হোম কোৱাৰেইন্টাইন লৈ পঠায় জিলা প্ৰশাসনে ৷ কিন্তু শনিবাৰে মহিলা গৰকীৰ দেহত কৰ'ণাৰ উপস্থিতি লাভ কৰা পাচত স্বাস্থ্য বিভাগে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰে মহিলা গৰাকীক ৷ লগতে মহিলা গৰাকীৰ সংস্পৰ্শলৈ অহা ৯ জন লোকক চিনাক্ত কৰি কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰে প্ৰশাসনে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.