ETV Bharat / state

ধুবুৰীত গ্ৰেপ্তাৰ সংখ্যালঘু বৃত্তি কেলেংকাৰীৰ সৈতে জড়িত যুৱক

author img

By

Published : Feb 25, 2021, 9:11 PM IST

ধুবুৰীত গ্ৰেপ্তাৰ সংখ্যালঘু বৃত্তি কেলেংকাৰীৰ সৈতে জড়িত যুৱক
ধুবুৰীত গ্ৰেপ্তাৰ সংখ্যালঘু বৃত্তি কেলেংকাৰীৰ সৈতে জড়িত যুৱক

সংখ্যালঘু বৃত্তি কেলেংকাৰীৰ সৈতে জড়িত এজন যুৱকক গ্ৰেপ্তাৰ । ভুৱা একাউন্টৰ জৰিয়তে যুৱকজনে বহু ধনৰ লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ে যুৱকজনক আটক কৰি গতালে ধুবুৰী আৰক্ষীক ।

ধুবুৰী,২৫ ফেব্ৰুৱাৰী: সংখ্যালঘু বৃত্তিৰ নামত ধুবুৰী জিলাত লাখ লাখ টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে ধুবুৰীত এজন যুৱকক জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ে আটক কৰি আৰক্ষীক গতাই দিয়া এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । অভিযোগ অনুসৰি যোৱা বৰ্ষত জিলা খনৰ সংখ্যালঘু বৃত্তিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ বিপৰীতে জিলাখনৰ বিভিন্ন আৰক্ষী থানাত একাধিক গোচৰ পঞ্জীয়ন হৈ আছে । তেনে সময়তে ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত উপস্থিত হোৱা ছয়গাঁৱৰ সৰুকাটি গাঁওৰ মিনহাজ উদ্দিন নামৰ এজন যুৱকক আটক কৰে জিলা কৰ্তৃপক্ষই । সোধাপোচাৰ অন্তত যুৱকজনক ধুবুৰী আৰক্ষীক গতাই দি এখন এজাহাৰ দাখিল কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়াই ।

অভিযোগ অনুসৰি ধুবুৰী জিলাৰ বিভিন্ন বিদ্যালয়ত উপস্থিত হৈ সংখ্যালঘু ছাত্ৰ-ছাত্ৰী সকলৰ স্কোলাৰশ্বিপ কৰি দিয়াৰ নামত দুশ টকাকৈ সংগ্ৰহ কৰি আহিছে এটা চক্ৰই । অনলাইনৰ জৰিয়তে আবেদন কৰাৰ সময়ত নকল বেংক পাছবুক আপলোড কৰাৰ বিপৰীতে বহু ভুৱা ছাত্ৰৰ নামত চৰকাৰে যোগান ধৰা লাখ লাখ টকা নিজৰ একাউণ্টত সোমাই লৈছে চক্ৰটোৱে। সেইদৰে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা লাখ লাখ টকা ভুৱা বেংক একাউন্টৰ জৰিয়তে লুণ্ঠনৰাজ চলাই গৈছে চক্ৰটোৱে। তেনে এক গোপন তথ্য জিলা প্ৰথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ে অৱগত হোৱাৰ পিছতেই যুৱকজনক আটক কৰি আৰক্ষীক গতাই দিয়ে ।

জিলা কৰ্তৃপক্ষৰ ফালৰ পৰা দাখিল কৰা এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰি যুৱকজনক গ্ৰেপ্তাৰ কৰি ধুবুৰী আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰে । ধৃত যুৱকজনে দিয়া স্বীকাৰোক্তি অনুসৰি মুক্তাৰ আলী আৰু ৰবিয়াল হুছেইনকে ধৰি তিনিজনীয়া এটা চক্ৰই এই কাৰ্য কৰি গৈছে ।

লগতে পঢ়ক:আগমনিত নিচাযুক্ত টেবলেটসহ ২ সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.