ETV Bharat / state

Scam in Dhubri Zilla Parishad: ধুবুৰী জিলা পৰিষদত পৰ্বতসম দুৰ্নীতি; সভাপতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

author img

By

Published : Mar 9, 2023, 10:55 PM IST

Scam in Dhubri Zilla Parishad
ধুবুৰী জিলা পৰিষদত পৰ্বতসম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

পোহৰলৈ আহিছে ধুবুৰী জিলা পৰিষদত সংঘটিত হোৱা ভয়ংকৰ দুৰ্নীতি আৰু অনিয়মৰ তথ্য ৷ বছৰ বছৰ ধৰি জিলা পৰিষদৰ সভাপতি সহিতে কেইবাগৰাকীও ব্যক্তিয়ে কোটি কোটি টকা আত্মসাৎ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে জিলা পৰিষদৰ কনিষ্ঠ সহায়ক নিপন ৰায়ে ৷ এই অভিযোগৰ পাচতে জিলাখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ধুবুৰী জিলা পৰিষদত পৰ্বতসম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

ধুবুৰী, 9 মাৰ্চ: ধুবুৰী জিলা পৰিষদত সংঘটিত হোৱা ভয়ংকৰ দুৰ্নীতি আৰু অনিয়মৰ বহু তথ্য পোহৰলৈ অহাৰ পাচতে জিলাখনত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ জিলাখনত চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি জিলা পৰিষদৰ কণিষ্ঠ সহায়ক নিপন ৰায়ে 27 ফেব্ৰুৱাৰীত দাখিল কৰে এখন এজাহাৰ ৷ লগতে, দুৰ্নীতি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীলৈকো প্ৰেৰণ কৰে ই-মেইল ৷ ইয়াৰ পাচতেই ধুবুৰী জিলা পৰিষদত সৃষ্টি হৈছে ধুমুহাৰ (Scam in Dhubri Zilla Parishad) ৷

অভিযোগ অনুসৰি চতুৰ্থ বিত্তীয় সাহায্য আঁচনিৰ জৰিয়তে ষ্ট্ৰীট লাইটৰ আঁচনি ৰূপায়ণৰ নামত কেইবা লাখ টকা হৰলুকী কৰা হৈছে ৷ লগতে বিভিন্ন কামৰ বাবে আহ্বান কৰা নিবিদাৰ বাকচ সাল-সলনি কৰাৰো অভিযোগ উত্থাপন হৈছে ৷ সভাপতি আশ্বাদুল ৰহমান, জিলা পৰিষদৰ প্ৰাক্তন সদস্য আব্দুৰ ৰেজ্জাক আৰু মৃণালকান্ত সৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ (Scam in Dhubri) ৷

আনহাতে, প্ৰতিদিনে সভাপতি আশ্বাদুল ৰহমানৰ গাড়ীৰ বাবদ যোৱা বৰ্ষৰ 27 জানুৱাৰীৰ পৰা 28 এপ্ৰিললৈকে প্ৰতিদিনে 40 ৰ পৰা 60 লিটাৰ পেট্ৰ’লৰ নামত 1 লাখ 69 হাজাৰ 951 টকা আদায় কৰাৰো অভিযোগ উত্থাপন হৈছ ৷ সভাপতিয়ে বিভিন্ন আঁচনিৰ বয়বস্তু যোগান ধৰাৰ নামত নিজৰেই ফাৰ্ম (ভেণ্ডৰ) ব্যৱহাৰ কৰি 10 হাজাৰ টকাৰ বয়বস্তু চৰকাৰী নথি পত্ৰত 30 ৰ পৰা 40 হাজাৰ টকা দেখুৱাই কোটি কোটি টকা আত্মসাৎ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কনিষ্ঠ সহায়ক নিপন ৰায়ে ।

কেৱল ইমানেই নহয়, জিলা পৰিষদৰ সভাপতিগৰাকীয়ে দুই সহযোগীক লগত লৈ বিলাসীপাৰাৰ ৰফিকুল ইছলাম নামৰ এজন ব্যক্তিৰ বেংক একাউণ্টত ছলাৰ লাইট আঁচনিৰ নামত ব্যক্তিগতভাৱে এবাৰ 7 লাখ, এবাৰ 9 লাখটকা দিয়াৰ লগতে কোনো ধৰণৰ কাম বা নিবিদা নোপোৱাকৈয়ে ৰহস্যজনকভাৱে চৰকাৰী নিয়ম-নীতি উলংঘা কৰি 2020 চনৰ 3 মাৰ্চত প্ৰথমতে 33 লাখ 17 হাজাৰ 170 টকা আৰু 2020 চনৰ 12 মে’ত 25 লাখ 53 হাজাৰ 88 টকা আদায় দিবলৈ জিলা পৰিষদৰ একাউণ্ট কমিটিক বাধ্য কৰায় বুলিও চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে ৷

ধুবুৰী জিলা পৰিষদৰ সভাপতি কক্ষৰ বাবে চৰকাৰী টকাৰে 2018 চনত ক্ৰয় কৰা ফ্ৰীজ, বিচনা, ষ্টীলৰ অলমিৰা, AC কে ধৰি বহু বয়বস্তু ইতিমধ্যে নিজৰ বিলাসীপাৰাৰ ভৱনলৈ স্থানান্তৰ কৰা কাৰ্যই হতভম্ভ কৰি তুলিছে জিলা পৰিষদৰ সকলো বিষয়া-কৰ্মচাৰীক। ইফালে, জিলা পৰিষদৰ প্ৰাক্তন সদস্য আব্দুৰ ৰেজ্জাকৰে বহু আঁচনিত প্ৰাক্তন সভানেত্ৰীৰ চহী জাল কৰাৰো ভয়ংকৰ তথ্য সংবাদমেলযোগে উদঙাই দিয়ে নিপন ৰায়ে । এনে অভিযোগ উত্থাপন কৰাৰ পাচতেই সভাপতি আশ্বাদুল ৰহমানে নিপন ৰায়ক বিভিন্ন প্ৰকাৰে ভাবুকি প্ৰদান কৰি অহাৰো অভিযোগ উত্থাপন হৈছে ।

আনহাতে, জিলা পৰিষদৰ 2015-16 চনত 34,42,380 টকীয়া সভাকক্ষ নিৰ্মাণৰ নামতো ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰা বুলি প্ৰাক্তন সদস্য আব্দুৰ ৰেজ্জাক আৰু মৃণালকান্ত সৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ ।

বৃহস্পতিবাৰে ধুবুৰী প্ৰেছ ক্লাৱত নিপন ৰয়ে আয়োজন কৰা সংবাদমেলত এনে বিভিন্ন চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি আৰক্ষী আৰু প্ৰশাসনৰ সঁহাৰি পোৱা নাই বুলি দুখ প্ৰকাশ কৰি এইক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্তৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে । লগতে বৃহস্পতিবাৰে সন্ধিয়া ধুবুৰী সদৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম গগৈৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ধুবুৰী প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা প্ৰকল্প বিষয়া তথা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী আৰু এজাহাৰকাৰী নিপন ৰয়ক মাতি নি জেৰা কৰে ৷

লগতে পঢ়ক: Guinness World Records: গিনিজ বুকত স্থান লাভ কৰিলে মহাবীৰ লাচিত বৰফুকনৰ ওপৰত আধাৰিত ৰচনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.