ETV Bharat / state

মানকাচৰত দহ বছৰীয়া শিশু সন্ধানহীন

author img

By

Published : Dec 30, 2020, 4:32 PM IST

মানকাচৰৰ বাউশ কাটাত নিৰুদ্দেশ হৈছে এটি 10 বছৰীয়া শিশু ৷ যোৱা ১৩ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে বাউশ কাটা গাঁৱৰ বাদশ্বাহ শেখৰ পুত্ৰ বিদ্যুৎ শেখ ওৰফে শুমাৰ নামৰ শিশুটি ৷

mancachor-child-missing
মানকাচৰত দহ বছৰীয়া শিশু সন্ধানহীন

ধুবুৰী, 30 ডিচেম্বৰ : দক্ষিণ শালমাৰা মানকাচৰৰ বাউশ কাটাত এটি ১০ বছৰীয়া শিশু নিৰুদ্দেশ হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । জিলাখনৰ মানকাচৰ থানাৰ অন্তৰ্গত কালাপানী গাঁও পঞ্চায়তৰ বাউশ কাটা গাঁৱৰ বাদশ্বাহ শেখৰ পুত্ৰ বিদ্যুৎ শেখ ওৰফে শুমাৰ নামৰ 10 বছৰীয়া শিশুটি যোৱা ১৩ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে ৷

প্ৰায় ২০ দিন ধৰি শিশুটিৰ পৰিয়ালৰ লোকে বিভিন্ন ঠাইত খবৰ কৰিও শিশুটিক বিচাৰি নোপোৱাত পিতৃয়ে কালাপানী আৰক্ষী চকীত এজাহাৰো দাখিল কৰিছে ৷ কোনো সদাশয় ব্যক্তিয়ে শিশুটিৰ সন্ধান লাভ কৰিলে 9707712731 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পিতৃয়ে ৷

লগতে পঢ়ক: অৱশেষত বিধানসভাৰ মজিয়াত ক্ষমা খুজিলে ৰূপজ্যোতি কুৰ্মীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.