ETV Bharat / state

Protest in Dhubri : অসমৰ ঐতিহাসিক জুইশলা কাৰখানা বিক্ৰীৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 8:06 AM IST

এটা সময়ত ধুবুৰী কিয় বিখ্যাত বুলি ক’লে জুইশলা কাৰখানাৰ নামটো আহিছিল উত্তৰত । কিন্তু এতিয়া সেয়া অতীত হ’ল । ইতিহাস আৰু অস্তিত্বৰ সংকটত এতিয়া ধুবুৰীবাসী । ধুবুৰীৰ ঐতিহ্য ৰক্ষাৰ বাবে এতিয়া ওলাই আহিছে সকলো । একাংশ দালাল শ্ৰেণীৰে মিলি কাৰখানাৰ মাটি বিক্ৰী কৰাৰ অভিযোগ । উদ্যোগৰ মাটিত উদ্যোগ স্থাপনৰ দাবীত প্ৰতিবাদ উইমকো বছাও কমিটিৰ । হাতে হাতে বেনাৰ প্লেকাৰ্ড আৰু কোম্পানীৰ শ্বেয়াৰ হল্ডাৰৰ প্ৰমাণ পত্ৰ লৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷

Protest in Dhubri
ধুবুৰীৰ ঐতিহ্য ৰক্ষাৰ বাবে এতিয়া ওলাই আহিছে সকলো

ধুবুৰী, ১৬ নৱেম্বৰ : ঐতিহাসিক ধুবুৰীৰ একমাত্ৰ জুইশলা কাৰখানাৰ মাটি বিক্ৰী কৰাক লৈ উত্তেজিত হৈ পৰিছে ধুবুৰীৰ বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজ । বুধবাৰে উইমকো বছাও কমিটিৰ উদ্যোগত শতাধিক ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ । ১৯২৫ চনত ব্ৰিটিছৰ দিনত স্থাপন নামনি অসমৰ ধুবুৰীৰ একমাত্ৰ জুইশলা কাৰখানা আছিল ধুবুৰীৰ পৰিচয় আৰু গৌৰৱ । কিন্তু বুধবাৰে অতীত হোৱাৰ পথত একমাত্ৰ জুইশলা কাৰখানাটো ।

সম্প্ৰতি ধ্বংসৰ গৰাহলৈ গতি কৰা একমাত্ৰ জুইশলা কাৰখানাটো আই টি চি কোম্পানীটোৱে একাংশ দালাল শ্ৰেণীৰ লোকৰ সৈতে মিলি কাৰখানাৰ মাটি বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । কোম্পানীৰ সৈতে জড়িত হৈ থকা শ্বেয়াৰ হল্ডাৰক অন্ধকাৰত ৰাখি অতি গোপনভাৱে জুইশলা কাৰখানাৰ মাটি বিক্ৰী কৰাৰ এক তথ্য পোহৰলৈ অহাৰ পিচতেই উত্তেজিত হৈ পৰিছে স্থানীয় লোক আৰু বিভিন্ন দল সংগঠন ।

তথ্য অনুসৰি, কামৰূপ আইচ এণ্ড কোল্ড ষ্টোৰ্চ নামৰ এটা কোম্পানীৰ ওচৰত ১১০ বিঘা মাটি পাঁচটা ভাগত ভাগ কৰি বিক্ৰী কৰিছে আই টি চি কোম্পানীয়ে । কাৰখানাৰ মাটি বিক্ৰীৰ বিৰুদ্ধে আৰু কাৰখানাৰ ঠাইত কাৰখানা স্থাপনৰ দাবীত বুধবাৰে উইমকো বছাও কমিটিৰ উদ্যোগত ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে, ১৯২৫ চনত ধুবুৰী চহৰৰ এ এম কো ৰোড অঞ্চলত ১৩২ বিঘা মাটিত স্থাপিত হৈছিল এই জুইশলা কাৰখানাটো ৷ বৃহৎ উদ্যোগ আৰু কৰ্ম সংস্থাপনৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰীৰ স্থানীয় বহু পৰিয়ালে নিজৰ পৈত্ৰিক সম্পত্তি কোম্পানীক দান কৰিছিল । আসাম মেছ কোম্পানী চমুকৈ এ.এম.চি. নামৰ প্ৰখ্যাত চুইডিছ কোম্পানী এটাই ধুবুৰীত স্থাপন কৰিছিল জুইশলা কাৰখানাটো ৷

১৯৭৯ চনত জাথানী গ্ৰুপ অৱ ইন্ড্ৰাষ্টিজ নামৰ আন এটা কোম্পানীয়ে ধুবুৰীৰ জুইশলা কাৰখানাটো চুইডিছ কোম্পানীটোৰ পৰা ক্ৰয় কৰে ওৱেষ্টাৰ্ণ ইণ্ডিয়া মেচ কোম্পানী চমুকৈ ‘উইমকো’ক নামেৰে নতুন নামাকৰণ কৰিছিল ৷ যদিও ১৯৯৭ চনত জুইশলা কাৰখানাটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ পিচত ২০১২ চনত আই টি চি নামৰ এটা কোম্পানীয়ে ক্ৰয় কৰে কাৰখানাটো ।

কিন্তু কাৰখানা স্থাপনৰ প্ৰতিশ্ৰুতি দিয়া আই টি চি কোম্পানীয়ে এতিয়া একাংশ দালাল শ্ৰেণীৰে মিলি মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰি গোপনে ভাগে ভাগে মাটি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে । কিন্তু লক্ষণীয় বিষয় যে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে স্থানীয় কোনো এজন জনপ্ৰতিনিধি আজিলৈকে বুজি নাপালে ধুবুৰীবাসীৰ আবেগ ।

লগতে পঢ়ক : joining in BJP; চাহ বাগিচাত পৰিৱৰ্তন কেৱল বিজেপিয়েহে আনিব পাৰিব: পল্লৱ লোচন দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.