ETV Bharat / state

অসমৰ কংগ্ৰেছ-বিজেপি সকলো দলৰ নেতাকে এ আই ইউ ডি এফলৈ আমন্ত্ৰণ আজমলৰ

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 10:27 PM IST

AIUDF chief Badruddin Ajmal
Badruddin Ajmal slams Bhupen Bora

ধুবুৰীত উপস্থিত হৈ লোকসভা নিৰ্বাচনক লৈ আজমলৰ ভৱিষ্যৎবাণী । কেন্দ্ৰত I.N.D.I.A ৰ চৰকাৰ হ’ব, প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী ৷ অসমৰ কংগ্ৰেছ আৰু বিজেপি দলৰ সকলো নেতাক এ আই ইউ ডি এফত যোগদানৰ বাবে আহ্বান আজমলৰ ৷

লোকসভা নিৰ্বাচনক লৈ আজমলৰ ভৱিষ্যৎবাণী

ধুবুৰী, ২৩ নৱেম্বৰ: ‘‘২০২৪ ৰ লোকসভা নিৰ্বাচনত কেন্দ্ৰত কংগ্ৰেছৰ নেতৃত্বাধীন I.N.D.I.A ৰ চৰকাৰ হ’ব । ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’ব ।’’ লোকসভা নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে ধুবুৰীত উপস্থিত হৈ এই ভৱিষ্যদ্বাণী কৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ।

উল্লেখ্য যে, আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ বাকী থকাৰ সময়তে সমষ্টিয়ে সমষ্টিয়ে ঘূৰিবলৈ আৰম্ভ কৰিছে শাসক-বিৰোধী বিভিন্ন ৰাজনৈতিক দলৰ নেতা-পালিনেতা সকল । বৃহস্পতিবাৰে নিজা সমষ্টি ধুবুৰীত উপস্থিত হৈ সাংবাদিকৰ আগত আগন্তুক নিৰ্বাচনকলৈ সাংসদ আজমলে I.N.D.I.A ৰ জয় হ’ব বুলি মন্তব্য কৰাৰ লগতে অসমৰ ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জ সমষ্টিক টাৰ্গেটত লৈ এ আই ইউ ডি এফে নিৰ্বাচন খেলিব বুলি সদৰী কৰে ।

লগতে এইবাৰ চতুৰ্থবাৰৰ বাবে কমেও ৭/৮ লাখ ভোটৰ ব্যৱধানত ধুবুৰীৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হ’ব বুলিও দাবী কৰি নিৰ্বাচনলৈ সম্পূৰ্ণ সাজু বুলি কয় আজমলে । ইপিনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লোকসভা নিৰ্বাচনলৈ আজমলে ভয় খাই আছে কৰা মন্তব্যৰ বিপৰীতে আজমলৰ ভয়ত ভূপেন বৰাৰ কাপোৰ বেয়া হৈছে বুলি কয় এ আই ইউ ডি এফৰ মুৰব্বীজনে ।

কংগ্ৰেছক সমালোচনা কৰি আজমলে কয়, ‘‘কংগ্ৰেছে চলাই আছে বিজেপিক ।’’ সেই কথা ভূপেন বৰাই স্বীকাৰ কৰা বুলি কৈ হিমন্ত বিশ্ব শৰ্মা আৰু ভূপেন বৰা ভাই-ককাই বুলি দাবী কৰে আজমলে । ইপিনে অসমত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ আসন ভাগ-বটোৱাৰাক লৈ চাঞ্চল্যকৰ মন্তব্য কৰে আজমলে ৷

তেওঁ কয়, ‘‘ঐক্যমঞ্চৰ আলোচনা শেষলৈকে নাথাকে । এটা সময়ত বাকী দলবোৰক কংগ্ৰেছে কৈ দিব যে, আপোনালোকৰ কোনো বিধায়ক নাই আপোনালোকক কিয় টিকট লাগে । বিধানসভা নিৰ্বাচনত আপোনালোকক টিকট দিয়া হ’ব ।’’

লগতে আজমলে কয় যে বিৰোধী ঐক্যমঞ্চৰ একোৱেই নাই, কেৱল মিডিয়াই জীয়াই ৰাখিছে বিৰোধী ঐক্যমঞ্চ । একেদৰে বিজেপিৰ সৈতে অগপৰ আসন বুজাবুজি সম্পৰ্কে অগপৰ ‘No Sacrifice’ ৰ প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত আজমলে কয়, ‘‘বিজেপিয়ে অগপক আসন দিলেও থাকিব, নিদিলেও থাকিব । অগপ বিজেপিৰ লগত থাকিবই লাগিব ।’’

আনহাতে, ভূপেন বৰাই কাজিৰঙাত নিৰ্বাচন খেলাক লৈ চৰ্চা চলি থকাৰ সময়তে এই প্ৰসংগত আজমলে কয়, ‘‘কাজিৰঙাত জীৱ-জন্তু থাকে । কাজিৰঙাত মানুহ কম জীৱ-জন্তু বেছি । তাত নিৰ্বাচন খেলিলে ভোট দিব কোনে, জীৱ জন্তুৱে ভোট দিব নেকি ?’’

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু কংগ্ৰেছৰ সকলো নেতাৰ লগতে মুখ্যমন্ত্ৰীসহ অসম বিজেপিৰ সকলোকে এ আই ইউ ডি এফত যোগদান কৰাৰ বাবে আহ্বান জনায় আজমলে । লগতে সকলোৰে বাবে এ আই ইউ ডি এফৰ দুৱাৰ খোলা আছে বুলি মন্তব্য কৰে আজমলে ।

লগতে পঢ়ক: ঔৰংগজেৱ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ পাৰ্থক্য বিচাৰি হায়ৰাণ ৰিপুণ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.