ETV Bharat / state

আন্তঃজিলা যাতায়ত বন্ধৰ বাবে বিপদত পোনা মাছ ব্যৱসায়ী

author img

By

Published : Jun 24, 2021, 1:51 PM IST

বিলাসীপাৰাৰ শালকোচাত আৰক্ষীৰ অভিযানত জব্দ পোনা মাছ ভৰ্তি এখন বাহন । আৰক্ষীৰ জিম্মাত থকা বাহনখনৰ পোনা মাছসমূহ মৰি যোৱাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

fish dealers in trouble due to suspension of inter district transport
আন্তঃজিলা যাতায়ত ব্যৱস্থা বন্ধৰ বাবে বিপদত পৰিল পোনা মাছ ব্যৱসায়ী

বিলাসীপাৰা, 24 জুন: বিলাসীপাৰাত ৰমৰমীয়াকৈ পোনা মাছৰ অবৈধ ব্যৱসায় অভিযোগ উত্থাপিত হৈছে । সম্প্ৰতি এই ব্যৱসায়ৰ বিৰুদ্ধে শালকোচা আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । বুধবাৰে মাজ নিশা চলোৱা অভিযানত বৰপেটা জিলাৰ পৰা অহা চিৰাকুটা অঞ্চলত পোনা মাছ ভৰ্তি AS-01-HC-8874 নম্বৰৰ এখন টাটা ম’বাইল বাহন আৰক্ষীয়ে জব্দ কৰে ৷

আন্তঃজিলা যাতায়ত ব্যৱস্থা বন্ধৰ বাবে বিপদত পৰিল পোনা মাছ ব্যৱসায়ী

ইফালে বাহনখনত কোনো বৈধ নথি পত্ৰ নথকাৰ বাবে পোনা মাছসহ চালকজনক আটক কৰি আৰক্ষী চকীলৈ লৈ যায় । আৰক্ষীয়ে থানালৈ লৈ যোৱাৰ বহু সময়ৰ পাচত পোনা মাছৰ নথি-পত্ৰ আৰক্ষীক দাখিল কৰে ব্যৱসায়ীৰ দলটোৱে। আৰক্ষীয়ে পোনা মাছৰ গাড়ীখন আটক কৰি বহু সময় ৰখাই থোৱাৰ ফলত বাহনখনত থকা প্ৰায় ডেৰ কুইণ্টল পোনা মাছ মৰি যোৱাক লৈ পোনা মাছ ব্যৱসায়ীৰ মাজত সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ ।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীৰ ভাষ্য মতে, সান্ধ্য আইন বলবৎ হৈ থকাৰ সময়ত নথি-পত্ৰবিহীনভাৱে পোনা মাছৰ বাহনখনে আন্ত:জিলা সীমা অতিক্ৰম কৰি অহাৰ বাবে জব্দ কৰা হৈছিল । মন কৰিবলগীয়া যে, বহু পলমকৈ হ'লেও পোনা মাছ ব্যৱসায়ীয়ে নথি-পত্ৰ দাখিল কৰাত বাহনখন এৰি দিয়ে আৰক্ষীয়ে । একেদৰে এই ক্ষেত্ৰত পোনা মাছ ব্যৱসায়ীয়ে আৰক্ষীৰ বিৰুদ্ধে অনা অভিযোগ ভিত্তিহীন বুলি উল্লেখ কৰিছে আৰক্ষীয়ে ৷

এনেদৰে কেৱল পোনা মাছ ব্যৱসায়ীয়েই নহয় বিভিন্ন ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকল ক’ভিড মহামাৰীৰ বাবে বিপদত পৰা দেখিবলৈ পোৱা গৈছে ৷ ৰাজ্য চৰকাৰে ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰৰ বাবে ইখনৰ পাচত সিখন ক’ভিডৰ নিৰ্দেশনা জাৰি কৰিছে ৷ যাৰ ফলত বিভিন্ন ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকল যথেষ্ট লোকচানৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে ৷

এই ক্ষেত্ৰত বিশেষকৈ কৃষকসকলৰ লগতে কেঁচা সামগ্ৰীৰ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকল ক্ষতিগ্ৰস্ত হৈছে ৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক কিছু শিথিলতা ঘোষণা কৰি ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলক ৰেহাই দিবলৈ আহ্বান জনোৱা দেখা গৈছে ৷

লগতে পঢ়ক: ঘৰে ঘৰে গৈ বিদ্যুৎ বিভাগে কৰ্তন কৰিছে অবৈধ বিদ্যুৎ সংযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.