ETV Bharat / state

গৌৰীপুৰৰ বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ গোচৰ

author img

By

Published : Mar 25, 2021, 3:37 PM IST

ভোটৰ অংকত কিমান তললৈ নামিব পাৰে প্ৰাৰ্থী ? কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ আৰু সংখ্যালঘু ভোট বেংকৰ স্বাৰ্থত গো-মাংসক লৈ কিছুদিন পূৰ্বে আপত্তিজনক আৰু বিতৰ্কিত মন্তব্য কৰিছিল গৌৰীপুৰৰ বিজেপি প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে ৷ যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয় গুৰুত্ব সহকাৰে লৈ নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগত ধুবুৰী জিলা নিৰ্বাচন আয়োগে গৌৰীপুৰ থানাত বিতৰ্কিত বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ৪৪৪/২১ নম্বৰত এটা গোচৰ ৰুজু কৰিছে ৷

FIR Against bjp candidate
গৌৰীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ গোচৰ

ধুবুৰী,25 মাৰ্চঃ ভোটৰ অংকত কিমান তললৈ নামিব পাৰে প্ৰাৰ্থী ? কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ আৰু সংখ্যালঘু ভোট বেংকৰ স্বাৰ্থত গো-মাংসক লৈ কিছুদিন পূৰ্বে আপত্তিজনক আৰু বিতৰ্কিত মন্তব্য কৰিছিল গৌৰীপুৰৰ বিজেপি প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে ৷ এই সন্দৰ্ভত সামাজিক মাধ্যমৰ উপৰিও সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিল । আনকি গৌৰীপুৰ সমষ্টিৰ লগতে সমগ্ৰ জিলাখনৰ হিন্দু সমাজৰ উপৰিও আন সম্প্ৰদায়ৰ সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল ৷

গৌৰীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ গোচৰ

যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয় গুৰুত্ব সহকাৰে লৈ নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগত ধুবুৰী জিলা নিৰ্বাচন আয়োগে গৌৰীপুৰ থানাত বিতৰ্কিত বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ৪৪৪/২১ নম্বৰত এটা গোচৰ ৰুজু কৰিছে ৷ বিজেপি প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ মন্তব্য সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে যদিও পৰৱৰ্তী সময়ত মুছাহাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া লক্ষণীয় বিষয় ৷

লগতে পঢ়কঃ শালমৰা চাহ বাগিচাত বিজেপি প্ৰাৰ্থী মৃনাল শইকীয়াৰ পদযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.