ETV Bharat / state

জনশূণ্য ধুবুৰীৰ পূজা মণ্ডপ

author img

By

Published : Oct 23, 2020, 2:19 PM IST

সপ্তমী
জনশূণ্য ধুবুৰীৰ পূজা মণ্ডপ

আজি মহা সপ্তমীৰ দিনা দেৱী বন্দনাৰে মুখৰিত হ'ল ধুবুৰীৰ প্ৰতিটো পূজা মণ্ডপ ৷ প্ৰতিটো পূজা মণ্ডপত ধৰ্মীয় নীতি নিয়মেৰে কৰা হ'ল পূজা ৷ কৰ'ণাতঙ্কৰ বাবে প্ৰতিটো পূজা মণ্ডপত ভক্তৰ সমাগম যথেষ্ট কম ৷

ধুবুৰী, 23 অক্টোবৰ : আজি সপ্তমী ৷ দেৱী বন্দনাৰে মুখৰিত হৈ পৰিল ধুবুৰীৰ পূজা মণ্ডপসমূহ ৷ পুৱাৰে পৰা হিন্দু ধৰ্মীয় পৰম্পৰা আৰু নীতি নিয়ম অনুসৰি চলিছে পূজা পাৰ্বন।

সপ্তমী
ধুবুৰীৰ পূজা মণ্ডপ

ধুবুৰীৰ আৰক্ষী চাউনি খেল পথাৰৰ পূজা মণ্ডপ বন্দনা আৰু ঢাকৰ শব্দৰে মুখৰিত হৈ পৰিছে ৷ পূৰ্বে শ শ ভক্তই দেৱী দুৰ্গাক দৰ্শন কৰিবলৈ আহে যদিও এইবাৰ সম্পূৰ্ণ বিপৰীত পূজামণ্ডপৰ দৃশ্য ৷

জনশূণ্য ধুবুৰীৰ পূজা মণ্ডপ

আশীৰ্বাদ লোৱাৰ সেই পূৰ্বৰ দৃশ্য আৰু নাই আজিৰ পূজা মণ্ডপত ৷ মহামাৰী কৰ'ণাতংকৰ বাবে প্ৰশাসনে বান্ধি দিয়া নীতি নিৰ্দেশনা অনুযায়ী প্ৰতিটো পূজা কমিটিয়ে পূজা পাৰ্বন অনুষ্ঠিত কৰি গৈছে ৷ মুখত মাস্ক আৰু সামাজিক দূৰত্ব মানি কৰা হৈছে পূজা ৷

সপ্তমী
জনশূণ্য ধুবুৰীৰ পূজা মণ্ডপ

উল্লেখযোগ্য যে,কৰণাতংকৰ বাবেই ভক্তসকলৰ উপস্থিতি একপ্ৰকাৰ শূন্য হৈ থকা পৰিলক্ষিত হয় প্ৰায়বোৰ পূজা মণ্ডপত ৷ ভক্তৰ সমাগম নোহোৱা বাবে দুখ প্ৰকাশ কৰিছে পূজা মণ্ডপৰ পূজাৰীয়ে ৷

লগতে পঢ়ক : অনুষ্টুপীয়া কাৰ্যসূচীৰে দৰঙত দুৰ্গা পূজা পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.