এক লাখ বলিৰ বাবে সাজু মা মহামায়া মন্দিৰ

author img

By

Published : Sep 28, 2022, 1:39 PM IST

Preparation of Durga Puja at Mahamaya

মহামায়া ধাম অসমৰ কোকৰাঝাৰ জিলাৰ পৰ্বতযোৰা মহকুমাৰ বগৰীবাৰীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ । পৰম্পৰা অনুসৰি এই মন্দিৰটোত মহা নৱমীত দেৱীৰ চৰণত এক লাখ বলি নিবেদন কৰা হয় । ৰাজ্য়ৰ আন ঠাইৰ লগতে মা মহামায়া মন্দিৰতো (Preparation of Durga Puja at Mahamaya) শাৰদ বন্দনাৰ পুৰ্ণ প্ৰস্তুতি চলিছে ।

বিলাসীপাৰা, ২৮ ছেপ্টেম্বৰ: শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ দুদিন (Durga Puja 2022 in Assam)। এনে সন্ধিক্ষণত সমগ্ৰ ৰাজ্যতে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ বন্দনাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে । অনুৰূপ ভাবে বিলাসীপাৰা মহকুমাতো (Durga puja at Bilashipara) চলিছে পূজাৰ প্ৰস্তুতি । মহকুমাটোৰ সীমান্তৱৰ্তী শক্তিৰ পীঠস্থান মা মহামায়া মন্দিৰতো শাৰদ বন্দনাৰ পুৰ্ণ প্ৰস্তুতি চলিছে(Durga puja in Mahamaya Temple)। পূজা উপলক্ষে মন্দিৰখন ন ৰূপত সজাই পৰাই তোলাৰ যুদ্ধকালীন প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ।

শক্তিৰ পীঠস্থান মা মহামায়া মন্দিৰটোত বিগত পাঁচ শ বছৰ ধৰি সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত উদযাপন কৰি অহা হৈছে দেৱী বন্দনা । মৃন্ময় মুৰ্তি অবিহনে ঘট স্থাপন কৰিয়েই উদযাপন কৰা হয় দশভূজাৰ বন্দনা । ইতিমধ্যে পূজাৰ যাবতীয় প্ৰস্তুতি পূৰ্ণ গতিত চলিছে বুলি সদৰি কৰিছে আয়োজক সমিতিয়ে । পৰম্পৰা অনুসৰি ষষ্ঠীত বেদীত ঘট স্থাপন কৰি পূজা আৰম্ভ কৰাৰ পিছত মহা নৱমীত দেৱীৰ চৰণত এক লাখ বলি নিবেদন কৰা হয় । এইবাৰ মহা নৱমীত মহ বলি দিয়া হ'ব বুলি মহামায়া মন্দিৰৰ পুজাৰীগৰাকীয়ে সদৰি কৰিছে ।

এক লাখ বলিৰ বাবে সাজু মা মহামায়া মন্দিৰ

উল্লেখ্য় যে মহামায়া ধামত প্ৰতি বছৰে উলহ-মালহেৰে দুৰ্গা পূজা অনুষ্ঠিত হয় । বিশেষকৈ দুৰ্গা পূজাত পশু-পক্ষী যেনে ম'হ, ছাগলী, হাঁহ-পাৰ আদিৰ বলি দিয়া হয় । পৰম্পৰা অনুসৰি বৰবলিৰ প্ৰথম ভোগ বাঘ ভাণ্ডাৰত বাঘৰ উদ্দেশ্যে আগবঢ়োৱা হয় । পূজাৰ সমান্তৰালকৈ ইয়াত এখন মেলা অনুষ্ঠিত হয় । জানুৱাৰী মাহত ইয়াত এখন শক্তি যজ্ঞ অনুষ্ঠিত হৈ আহিছে । প্ৰতি বছৰে চ'ত মাহৰ সংক্ৰান্তিৰ দিনা মহামায়া মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ।

মহামায়া ধাম অসমৰ কোকৰাঝাৰ জিলাৰ পৰ্বতযোৰা মহকুমাৰ বগৰীবাৰীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ (Ancient temple of Hinduism at Bagribari)। মহালয়া দেৱী পাৰ্বতী, দুৰ্গা, কালি, কামাখ্যা আদি দেৱীৰে অন্য ৰূপ । মহামায়া ধাম নামনি অসমৰ গুৰুত্বপূৰ্ণ তীৰ্থস্থান তথা পৰ্যটনস্থলী । এই মন্দিৰ ধুবুৰী চহৰৰ পৰা ৩০ কিলো মিটাৰ পূবত আৰু বিলাসীপাৰাৰ পৰা ১০ কিলোমিটাৰ পশ্চিমত অৱস্থিত ।

লগতে পঢ়ক:লালকিল্লা আৰ্হিত যোৰহাটত নিৰ্মাণ পূজা মণ্ডপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.