ETV Bharat / state

ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ভিতৰচৰাত কি চলিছে ?

author img

By

Published : Feb 10, 2021, 7:00 AM IST

কাৰ ভুলৰ বাবে গ্ৰেপ্তাৰ হ'ল লাট মণ্ডল নোমেজ উদ্দিন ?
কাৰ ভুলৰ বাবে গ্ৰেপ্তাৰ হ'ল লাট মণ্ডল নোমেজ উদ্দিন ?

ধুবুৰীত আদালতৰ পৰা জামিনত মুক্তি লাভ কৰি সংবাদমেল এজন লাট মণ্ডল । লাট মণ্ডলজনক গ্ৰেপ্তাৰৰ পিছতেই ওলাই পৰিছে ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ভিতৰুৱা বহু তথ্য ।

ধুবুৰী,10ফেব্ৰুৱাৰী : ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী মণ্ডলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই ফাদিল হৈছে বহু ভিতৰুৱা তথ্য ৷

উল্লেখ্য যে, ধুবুৰী ৰাজহ চক্ৰৰ অন্তৰ্গত গৌৰীপুৰ ৰাজহ চক্ৰত নিয়োজিত নোমেজ উদ্দিন শেখ নামৰ এজন লাট মণ্ডলক মাটি নামজাৰী সংক্ৰান্তীয় এটা গোচৰৰ ভিত্তিত মংগলবাৰে ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । গৌৰীপুৰৰ পৰিকান্দি অঞ্চলৰ ২২, ২৩ আৰু ২৪ নং দাগৰ পৰা চিৰাজুল হক নামৰ লোক জনে ১৩ বিঘা ২ কঠা ৩ লেছা মাটি ক্ৰয় কৰিছিল । কিন্তু ভুলক্ৰমে ২৬, ২৭ নং দাগ নামজাৰী কৰা হৈছিল চিৰাজুলৰ নামত ৷ পৰৱৰ্তী সময়ত উক্ত ভুল সংশোধন কৰা হয় যদিও উক্ত মাটিৰ নামজাৰী সংক্ৰান্তীয় গোচৰৰ ভিত্তিত মংগলবাৰে গ্ৰেপ্তাৰ কৰা হয় মণ্ডলজনক ৷ কিন্তু জামিনত মুক্তি লাভ কৰে লাট মণ্ডলজনে ।

ইপিনে, জামিনত মুক্তি লাভ কৰাৰ পিছতেই লাট মণ্ডলজনে এখন সংবাদমেলৰ আয়োজন কৰি তেওঁৰ কাৰ্যকালত কোনো ধৰণৰ ভুল হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে । মণ্ডলজনে সংবাদমেলত জনোৱা অনুসৰি, ২০১৭ চনত তদানীন্তন লাট মণ্ডল ৰমজান আলী শেখৰ কাৰ্যকালত গৌৰীপুৰৰ অন্তৰ্গত আশাৰীকান্দি অঞ্চলৰ এডোখৰ মাটি নামজাৰী কৰাৰ ক্ষেত্ৰত ত্ৰুটি ৰৈ গৈছিল । উক্ত ভুল সংশোধন কৰাৰ বাবেই এই খেলি-মেলি হৈছে বুলি উল্লেখ কৰে লাট মণ্ডল নোমেজ উদ্দিনে ।

সংবাদমেলত লাট মণ্ডল নোমেজ উদ্দিনে কয় যে, লাট মণ্ডল ৰমজান আলীৰ দিনত হোৱা ভুলখিনি বিভাগীয় নিৰ্দেশ অনুসৰি মোৰ কাৰ্যকালত শিল্পাৰ নামত নামজাৰী কৰি সংশোধনী কৰা হৈছে । লগতে তেওঁ গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভত দুখ প্ৰকাশ কৰি কয় যে, ''আনে কৰি যোৱা ভুল খিনিৰ বাবে আজি মই গ্ৰেপ্তাৰ হব লগীয়া হ'ল'' । ধুবুৰী আৰক্ষীয়ে লাট মণ্ডল নোমেজ উদ্দিনক দুটাকৈ জাননী প্ৰেৰণ কৰাৰ পিছতো নোমেজ উদ্দিনে সঁহাৰি নিদিয়াৰ বাবেই নোমেজ উদ্দিন গ্ৰেপ্তাৰ হ'ল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷

অন্য এক খবৰৰ বাবে: মহাজোঁটবন্ধনে বিজেপিৰ কোনোধৰণৰ ক্ষতি নকৰে:সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.