ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত বিলাসীপাৰাত কৃষক মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Jan 7, 2021, 7:48 PM IST

দোষী সাব্যস্ত নোহোৱাকৈয়ে কাৰাৰুদ্ধ অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধুবুৰৰী জিলা উদ্যোগত বৃহস্পতিবাৰে বিলাসীপাৰাত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ প্ৰতিবাদস্থলীত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ বাবে ভাৰতবৰ্ষৰ সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চপাৰ লগতে গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ কৰি যোৱা হুংকাৰ দিয়ে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

dhubri-kmss-demanding-the-release-of-akhim-gogoi
অখিল গগৈৰ মুক্তিৰ দাবীত বিলাসীপাৰাত কৃষক মুক্তিৰ প্ৰতিবাদ

পশ্চিম বিলাসীপাৰা,7 জানুৱাৰী : কৃষক নেতা অখিল গগৈক ষড়যন্ত্ৰমূলক ভাৱে পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা অভিযোগ তুলি বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ধুবুৰী জিলা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ বিলাসীপাৰাৰ নিউ হাতীপোতা বজাৰত সংগঠনৰ সদস্য সদস্যা সকলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

dhubri-kmss-demanding-the-release-of-akhim-gogoi
অখিল গগৈৰ মুক্তিৰ দাবীত বিলাসীপাৰাত কৃষক মুক্তিৰ প্ৰতিবাদ

ইয়াৰ সমান্তৰালভাৱে কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰ হায় হায়,বিজেপি-আৰএছএছ মুৰ্দাবাদ,অখিল গগৈক মুক্তি দিয়ক আদি শ্ল'গানেৰে ৷ প্ৰতিবাদস্থলীৰ পৰা কৃষক মুক্তিৰ ধুবুৰী জিলাৰ নেত়ৃত্বই বিজেপি চৰকাৰে অতি স্বৈৰতান্ত্ৰিকভাৱে কৃষক নেতা জন কাৰাৰুদ্ধ কৰি ৰাখিছে বুলি মন্তব্য প্ৰকাশ কৰে ৷

উল্লেখ্য যে,কৃষক নেতা অখিল গগৈৰ মুক্তিৰ বাবে ভাৰতবৰ্ষৰ সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চপাৰ লগতে গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ কৰি যোৱা হুংকাৰ দিয়ে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

লগতে পঢ়ক: ভাৰতীয় মুলৰ ড৹ ৰাজ আয়াৰ আমেৰিকান সেনাৰ চিআইঅ’ নিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.