ETV Bharat / state

যৌতুকৰ বাবে নিৰ্যাতনৰ বলি এগৰাকী ন-বোৱাৰী

author img

By

Published : Aug 31, 2021, 9:09 AM IST

যৌতুক(Dowry) বিচাৰি ন-বোৱাৰীক অত্যাচাৰ ৷ বিয়াৰ 15-20 পাচতেই যৌতুক বিচাৰি হাহাকাৰ এগৰাকী ন-বোৱাৰীৰ শহুৰৰ পৰিয়ালৰ ৷ ন-বোৱাৰীগৰাকীৰ অশ্লীল ভিডিঅ’ বনাই নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ ক’ত সংঘটিত হৈছে এই বোৱাৰী নিগ্ৰহৰ ঘটনা, জানিবলৈ সম্পূৰ্ণকৈ পঢ়ক...

daughter in law tortured for dowry at chapar
চাপৰত যৌতুকৰ বাবে নিৰ্যাতন

পূৱ বিলাসীপাৰা, 31 আগষ্ট : ৰাজ্যত পুনৰ সংঘটিত হৈছে বোৱাৰী নিগ্ৰহৰ ঘটনা ৷ অভিযোগ অনুসৰি, যৌতুক(Dowry) বিচাৰি ন-বোৱাৰীক চলোৱা হৈছে অকথ্য নিৰ্যাতন ৷ বোৱাৰীৰ পৰিয়ালে যৌতুক দিবলৈ অসমৰ্থ হোৱাত বিয়াৰ পাচতেই তেওঁ স্বামী আৰু স্বামীৰ পৰিয়ালৰ অত্যাচাৰৰ বলি হ’বলগীয়াত পৰে ৷

এই ঘটনা সংঘটিত হৈছে ধুবুৰীৰ চাপৰৰ ঘুনিমাৰী গাঁৱত ৷ জানিব পৰা মতে, বঙাইগাঁও জিলাৰ পশ্চিম ভাদ্ৰাগাঁৱৰ নিৱাসী এগৰাকী যুৱতী চাপৰৰ ঘুনিমাৰীৰ মিনাৰ আলীৰ সৈতে সম্পূৰ্ণ ইছলাম ধৰ্মৰ ৰীতি-নীতিৰে সামাজিকভাৱে বিবাহ পাশত আৱদ্ধ হৈছিল ।বিবাহৰ প্ৰায় 15-20 মানৰ অন্তত ন-বোৱাৰীৰ স্বামীৰ লগতে পৰিয়ালৰ লোকে যৌতুক বিচাৰে ৷

চাপৰত যৌতুকৰ বাবে নিৰ্যাতন

লগতে পঢ়ক: ঘৰৰ ভিতৰত হৰিণাৰ ছাল ৰাখি আৰক্ষীৰ জালত পৰিল ৰাজা আলি

কিন্তু বোৱাৰীগৰাকীৰ পৰিয়ালে যৌতুক দিবলৈ অসমৰ্থক হোৱাত তেওঁৰ ওপৰত আৰম্ভ হয় শাৰীৰিক আৰু মানসিক নিৰ্যাতন । প্ৰতি নিশাই যৌতুক বিচাৰি ন-বোৱাৰীগৰাকীৰ ওপৰত চলিছিল নিৰ্যাতন । অকল শাৰীৰিক আৰু মানসিক নিৰ্যাতনতে ক্ষান্ত নাথাকি স্বামীৰ সৰু ভায়েক সুমৰ আলীয়ে শালীনতা হানি কৰাৰ অপচেষ্টা কৰা বুলিও ভুক্তভোগী বোৱাৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে ৷

মাতৃ সমতুল্য নবৌৱেকৰ অশ্লীল ভিডিঅ’ বনাই নিৰ্যাতন চলাইছিল ন-বোৱাৰীগৰাকীৰ দেওৰেকে ৷ অৱশেষত অত্যাচাৰ সহিব নোৱাৰি অভিযুক্ত স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে চাপৰ থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী বোৱাৰীৰাকীয়ে ৷

যৌতুক নিদিয়াৰ বাবে বোৱাৰীগৰাকীক স্বামীৰ পৰিয়ালে হত্যাৰ চেষ্টা চলোৱা বুলিও তেওঁ জানিবলৈ দিয়ে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি স্বামী মিনাৰ আলীক আটক কৰে ৷

যৌতুক প্ৰথা এটি সামাজিক ব্যাধি । যৌতুক বিচাৰি ৰাজ্যত চলি নাৰী নিৰ্যাতন কোনো নতুন কথা নহয় । যৌতুকৰ বাবে ইতিমধ্যে বহু যুৱতীয়ে বিয়াৰ পাচত স্বামী আৰু তেওঁৰ পৰিয়ালৰ অকথ্য নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছে ৷ এই যৌতুক প্ৰথাৰ বিৰুদ্ধে চৰকাৰে আইন বলবৎ কৰিছে যদিও এই আইনলৈ যেন কেৰেপেই নকৰে একাংশ লোকে ৷

লগতে পঢ়ক: চাঞ্চল্য! বৰভাগত ডিঙি কটা অৱস্থাত উদ্ধাৰ এটা মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.