ETV Bharat / state

ধুবুৰীত মূল্যবৃদ্ধি ৰোধৰ দাবীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Feb 17, 2021, 8:35 PM IST

ধুবুৰীত মূল্যবৃদ্ধি ৰোধৰ দাবীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ
ধুবুৰীত মূল্যবৃদ্ধি ৰোধৰ দাবীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ দাবীত ধুবুৰীত জিলা যুৱ কংগ্ৰেছৰ প্ৰতিবাদ । জিলা যুৱ কংগ্ৰেছৰ সভাপতি আলতাপ হুছেইন মণ্ডলৰ নেতৃত্বত উত্তাল প্ৰতিবাদ সাব্যস্ত ।

ধুবুৰী, ১৭ ফেব্ৰুৱাৰী: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ দাবীত বুধবাৰে ধুবুৰীত জিলা যুৱ কংগ্ৰেছৰ প্ৰতিবাদ । মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিল শতাধিক যুৱ কংগ্ৰেছী । পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত বুধবাৰে ধুবুৰীত জিলা যুৱ কংগ্ৰেছৰ সভাপতি আলতাপ হুছেইন মণ্ডলৰ নেতৃত্বত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় । ৰাজপথত গাড়ী ৰচীৰে বান্ধি টানি নি হাতে-হাতে বেনাৰ পোষ্টাৰ লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ ।

ধুবুৰীত মূল্যবৃদ্ধি ৰোধৰ দাবীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ
ধুবুৰীত মূল্যবৃদ্ধি ৰোধৰ দাবীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

ইপিনে প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৫ টকা হ্ৰাস কৰি প্ৰতিটো চিলিণ্ডাৰত পঞ্চাশ টকাকৈ বৃদ্ধি কৰা বুলি বিজেপি চৰকাৰক সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে । বিজেপি চৰকাৰখন মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ শীঘ্ৰে হ্ৰাস নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলনৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে । উল্লেখ্য যে,অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ দাবীত ৰাজ্যৰ প্ৰতিটো দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:অসম বচাওঁ শ্ল'গানেৰে কাছাৰত নিৰ্বাচনীক ৰণডংকা সুস্মিতা দেৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.