ETV Bharat / state

গৰুৰ ছিণ্ডিকেটৰ খলনায়ক আদম আলীক পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ

author img

By

Published : Oct 21, 2020, 10:00 PM IST

যোৱা 11 অক্টোবৰত গুৱাহাটীৰ পৰা ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আদম আৰু তেওঁৰ সহযোগী মুন্নাক। তাৰ পিছতেই ধুবুৰী আৰক্ষীয়ে দুয়োকে পিছদিনা ধুবুৰী আদালতত হাজিৰ কৰাই আদালতৰ পৰা দহ দিনৰ জিম্মাত নিছিল। বুধবাৰে দহ দিনৰ মূৰত পুনৰ আদালতত হাজিৰ কৰাই আদমক চাৰি দিনৰ বাবে জিম্মালৈ নিবৰ বাবে আৰক্ষীয়ে আবেদন কৰে। যদিওঁ আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

cattle-smuggler-adom-ali-send-to-police-custody
পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আদম আলীক

ধুবুৰী, 21 অক্টোবৰ : আন্তঃৰাষ্ট্ৰীয় চোৰাং গৰুৰ ছিণ্ডিকেটৰ খলনায়ক আদম আলীৰ পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে । দহ দিনৰ পিছত বুধবাৰে পুনৰ ধুবুৰী আদালতত হাজিৰ কৰোৱা হৈছিল আদম আলী আৰু আব্দুল জাহিদ ওৰফে মুন্নাক। আদালতে আদম আলীক পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। আনহাতে আদমৰ লগতে গ্ৰেপ্তাৰ হৈ আৰক্ষীৰ জিম্মাত থকা আব্দুল জাহিদ ওৰফে মুন্নাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

cattle-smuggler-adom-ali-send-to-police-custody
পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আদম আলীক
উল্লেখ্য যে, যোৱা 11 অক্টোবৰত গুৱাহাটীৰ পৰা ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আদম আৰু তেওঁৰ সহযোগী মুন্নাক। তাৰ পিছতেই ধুবুৰী আৰক্ষীয়ে দুয়োকে পিছদিনা ধুবুৰী আদালতত হাজিৰ কৰাই আদালতৰ পৰা দহ দিনৰ জিম্মাত নিছিল ।
cattle-smuggler-adom-ali-send-to-police-custody
পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আদম আলীক

বুধবাৰে দহ দিনৰ মূৰত পুনৰ আদালতত হাজিৰ কৰাই আদমক চাৰি দিনৰ বাবে জিম্মালৈ নিবৰ বাবে আৰক্ষীয়ে আবেদন কৰে যদিওঁ আদালতে দুদিনৰ বাবেহে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। আনহাতে সহযোগী মুন্নাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

আদমৰ পক্ষৰ অধিবক্তাই জনোৱা অনুসৰি, আদমৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু কৰা হৈছে। কিন্তু লক্ষণীয় বিষয় যে, আদমৰ ঘৰৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাৰ পিছতেই দেশদ্ৰোহী চক্ৰৰ সৈতে আদম জড়িত থকা বুলি আৰক্ষীয়ে দাবী কৰিছিল যদিওঁ আজিলৈকে আৰক্ষীয়ে কি তথ্য লাভ কৰিলে সেই তথ্য সদৰী কৰা নাই সংবাদ মাধ্যমক।
লগতে পঢ়ক: কৰ্কট ৰোগৰ যুদ্ধখনত জয়ী সঞ্জয় দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.