ETV Bharat / state

বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্যজুৰি পালন কৰা হ'ল মহাবীৰ চিলাৰায় দিৱস

author img

By

Published : Feb 9, 2020, 7:28 PM IST

মহাবীৰ চিলাৰায় দিৱস
মহাবীৰ চিলাৰায় দিৱস

আজি মহাবীৰ চিলাৰায়ৰ 510 তম জন্মজয়ন্তী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হয় বৰ্ণাঢ্য কাৰ্যসূচীৰ ৷ ধুবুৰীৰ গৌৰীপুৰত, তিনিচুকীয়াৰ কাকপথাৰত আৰু বাক্সাৰ তামুলপুৰ হৰি মন্দিৰ প্ৰাংগণতো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় চিলাৰায় দিৱস ৷

ধুবুৰী, 9 ফেব্ৰুৱাৰীঃ আজি মহাবীৰ চিলাৰায়ৰ 510 তম জন্ম জয়ন্তী উপলক্ষে ধুবুৰীৰ গৌৰীপুৰত, বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় চিলাৰায় দিৱস ৷ গৌৰীপুৰ চিলাৰায় উদ্যানত পালন কৰা এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে, গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ আৰু বিপিএফ নেতা তথা গৌৰীপুৰৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে ৷ এই অনুষ্ঠানত উপস্থিত থাকি বিধায়ক অশ্বিনী ৰায় সৰকাৰে, গোলকগঞ্জত এখন চিলাৰায় কলাক্ষেত্ৰ নিৰ্মাণৰ সিদ্ধান্ত লোৱাৰ লগতে বঙাইগাঁৱতো আন এক প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে ৷

বৰ্ণাঢ্য কাৰ্যসূচীৰে ধুবুৰীৰ গৌৰীপুৰত পালন কৰা হয় চিলাৰায় দিৱস

কাকপথাৰঃ ইফালে তিনিচুকীয়াৰ কাকপথাৰতো 510 তম চিলাৰায় দিৱস উপলক্ষে কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘত, পোনপ্ৰথম বাৰৰ বাবে তিনিচুকীয়া জিলা আৰু কাকপথাৰ আঞ্চলিক কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ লগতে কোচ ৰাজবংশী মহিলা সংগ্ৰাম সমিতিৰ উদ্যোগত চিলাৰায় দিৱস পালন কৰা হয় ৷ এই অনুষ্ঠানত শোভাযাত্ৰা, চিত্ৰাংকণ প্ৰতিযোগিতাৰ লগতে এখন মুকলি সভাও অনুষ্ঠিত কৰা হয় ৷

তিনিচুকীয়াৰ কাকপথাৰতো বীৰ চিলাৰায়ৰ 510 তম জন্মজয়ন্তী পালন

বাক্সাঃ বাক্সাৰ তামুলপুৰ হৰি মন্দিৰ প্ৰাংগণতো সদৌ অসম কোচ-ৰাজবংশী সন্মিলনী তামুলপুৰ জিলা সমিতিৰ উদ্যোগত, দিনযোৰা কাৰ্য্যসুচীৰে চিলাৰায় দিৱস পলন কৰা হয় ৷

বাক্সাৰ তামুলপুৰ হৰি মন্দিৰ প্ৰাংগণতো পালন মহাবীৰ চিলাৰায় দিৱস

এই কাৰ্যসূচীত দিনৰ ১২ বজাত বীৰ চিলাৰায়ৰ জীৱন আলোকপাত সম্পৰ্কীয় এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় ৷ আলোচনা চক্ৰত নলবাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ত্ৰিকেন্দ্ৰ দাস, অৰুণাচল বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অতুল তালুকদাৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক ঃ বঙাইগাঁও জিলা কৰ্তৃপক্ষৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি উন্মোচন

Intro:আজি বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১০ তম জন্ম জয়ন্তী। ধুবুৰীৰ গৌৰীপুৰত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পালন চিলাৰায় দিৱস।


Body: ধুবুৰীৰ গৌৰীপুৰত আন আন বছৰৰ দৰে এইবেলিও বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পালন কৰা হয় বিশ্ব মহাবীৰ ৰজা নৰনাৰায়ণ চিলাৰায়ৰ ৫১০ তম জন্ম জয়ন্তী। গৌৰীপুৰ চিলাৰায় উদ্যানত পালন কৰা এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ আৰু বি পি এফ নেতা তথা গৌৰীপুৰৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰী। উদযাপন সমিতিয়ে পালন কৰা চিলাৰায় জন্ম জয়ন্তীৰ কাৰ্য্যসূচী অনুসৰি প্ৰথমে পতাকা উত্তোলন কৰা হয়। তাৰ পিছত চিলাৰায়ৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হোৱাৰ বিপৰীতে ৰজা বিশ্ব মহাবীৰ নৰ নাৰায়ণ চিলাৰায়ৰ ৰজা জগদীশ লগতে নাৰায়ণ, ৰাজমতা গায়ত্ৰী দেৱী আৰু ৰাজ কুমাৰ জিতেন্দ্ৰ নাৰায়ণৰ আলোকচিত্ৰকে ধৰি যুদ্ধ ক্ষেত্ৰৰ কিছু আলোকচিত্ৰ সনম্বলীত এখন দেৱাল পেইণ্টিংৰ শুভ উদ্বোধন কৰে প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে। এই অনুষ্ঠানত উপস্থিত হৈ বিধায়ক অশ্বিনী ৰায় সৰকাৰে কয়ঃ মহাবীৰ চিলাৰায় কেৱল মহাবীৰেই নহয়। ভাষা সংস্কৃতিৰ এজন পৃষ্ঠপোষক আছিল। লগতে বিধায়ক গৰাকীয়ে চৰকাৰে মহাবীৰ চিলাৰায়ৰ ক্ষেত্ৰত বিভিন্ন পৰিকল্পনা হাতত লৈছে বুলি কৈ গোলকগঞ্জত এখন চিলাৰায় কোলাক্ষেত্ৰ নিৰ্মাণৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে বঙাইগাঁওত এখন প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে। আনহাতে অসম বিধান সভাৰ সন্মুখত মহাবীৰ চিলাৰায়ৰ এখন প্ৰতিমূৰ্তি স্থাপনৰ কৰাৰ বাবে চৰকাৰে পৰিকল্পনা হাতত লোৱা বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে।

Byte:- অশ্বিনী ৰায় সৰকাৰ, বিধায়ক।

ইপিনে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি বহু সংগ্ৰামৰ পিছত যোৱা সাত ফেব্ৰুৱাৰীত বি টি আৰ চুক্তি সম্ভৱ হৈছে বুলি কৈ এনেকৈ এটাৰ পিছত এটাকৈ চুক্তি কৰাৰ পিছতেই হয়তো এটা সময়ত কোচ ৰাজবংশী সকলৰ নিজৰ দাবী পূৰণ কৰিবলৈ সক্ষম হব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই বি পি এফ নেতা তথা প্রাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে।

Byte:- বনেন্দ্ৰ কুমাৰ মুছাহাৰী, প্ৰাক্তন বিধায়ক।




Conclusion:উল্লেখযোগ্য যে, গৌৰীপুৰৰ লগতে ধুবুৰী জিলা খনৰ বিভিন্ন স্থানত মহাবীৰ চিলাৰায়ৰ ৫১০ তম জন্ম জয়ন্তী পালন কৰা হয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.