ETV Bharat / state

Boat sinks in Brahmaputra: অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী সহ ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল নাও

author img

By

Published : Aug 11, 2022, 10:02 PM IST

Boat sinks in Brahmaputra in Dhubri
অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী সহ ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল এখন যন্ত্ৰ চালিত নাওঁ

পুনৰ যন্ত্ৰ চালিত নাও দুৰ্ঘটনা। অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী সহ ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল এখন যন্ত্ৰ চালিত নাও । কথমপি প্ৰাণ ৰক্ষা আটাইকেইজন শিক্ষাৰ্থীৰ । আহত হৈছে দুগৰাকী ছাত্ৰী ৷

ধুবুৰী, 11 আগষ্ট: পুনৰ ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা ৷ ধুবুৰীৰ হাউৰাৰপাৰ অঞ্চলত সংঘটিত হৈছে সংঘটিত হৈছে এই দুৰ্ঘটনাটো (Boat accident in Dhubri) ৷ যন্ত্ৰচালিত নাও দুৰ্ঘটনাৰ ফলত দুগৰাকী ছাত্ৰী আহত হোৱাৰ বিপৰীতে প্ৰায় পঞ্চাশ গৰাকী ছাত্ৰ-ছাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী সহ ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল এখন যন্ত্ৰ চালিত নাওঁ

উল্লেখ্য যে, ধুবুৰীৰ হাওৰাৰপাৰ অঞ্চলৰ খোদাৰচৰ এম ই মাদ্ৰাছা আৰু শোনাৰাম পাটামাৰী হাই স্কুলৰ প্ৰায় পঞ্চাশ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্কুল ছুটীৰ পিছত বিয়লিৰ ভাগত ব্ৰহ্মপুত্ৰ বুকুত নাওৰে সদায়ে যাত্ৰা কৰে ঘৰলৈ (Boat sinks in Brahmaputra)। কিন্তু হঠাৎ আজি যন্ত্ৰ চালিত নাওখন আধা বাটতেই ডুব যায়।

ফলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতিৰ। কিন্তু সৌভাগ্যক্ৰমে স্থানীয় একাংশ ৰাইজৰ তৎপৰতাত আটাইকেইটা ছাত্ৰ-ছাত্ৰীক সুকলমে উদ্ধাৰ কৰা হয় যদিও ইয়াৰে কেইজনমান শিক্ষাৰ্থী আহত হয় । ইয়াৰে দুগৰাকী ছাত্ৰী গুৰুতৰ আহত হোৱাত ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

আনহাতে কথমপি প্ৰাণ পৰা ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ কৰি নৈ পাৰত অনাৰ পিছতে আতংকিত হৈ কান্দোনত ভাগি পৰে ছাত্ৰ-ছাত্ৰীসকল । স্থানীয় ৰাইজৰ তৎপৰতাত আটাইকেইজনক উদ্ধাৰ কৰে যদিও ঘটনাস্থলীত খবৰ পোৱাৰ পিছতো উপস্থিত নহয় কোনো আৰক্ষী প্ৰশাসনৰ লোক । ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰাইজৰ মাজত । অৱশ্যে বিদ্যালয়ৰ শিক্ষক আৰু স্থানীয় একাংশ ৰাইজৰ তৎপৰতাত আন এখন যন্ত্ৰচালিত নাওৰে ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰা হয় ।

উল্লেখ্য যে, এনেদৰেই বছৰ বছৰ ধৰি ধুবুৰীৰ সীমান্তৱৰ্তী বিভিন্ন চৰাঞ্চলৰ পৰা শ-শ ছাত্ৰ-ছাত্ৰীয়ে হাওৰাৰপাৰ অঞ্চলৰ লগতে ধুবুৰীৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়লৈ প্ৰতিদিনে বিপদসংকূল ভাৱে যাতায়ত কৰে । কিয়নো যাতায়তৰ একমাত্ৰ মাধ্যম হৈছে নদী পথৰ যন্ত্ৰচালিত নাও। কিন্তু এনে নাওসমূহৰ নাই কোনো ফিটনেছ আনকি বিপদৰ পৰা ৰক্ষা পাবলৈ নাই কোনো লাইফ জেকেট অথবা লাইফ বয় ।

আজি সংঘটিত হোৱা এই দুৰ্ঘটনাত কণ-কণ শিশুসহ অৰ্ধ শতাধিক শিক্ষাৰ্থীৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে যদিও এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নহ’লে অনাগত দিনত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

লগতে পঢ়ক: Boat sinks in Brahmaputra: ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত বুৰ গ’ল মালবাহী নাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.