ETV Bharat / state

ধুবুৰীত বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ মনোনয়ন পত্ৰ দাখিল

author img

By

Published : Mar 20, 2021, 1:38 PM IST

মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে
মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে

মনোনয়ন দাখিলৰ অন্তিম দিনটোত ধুবুৰীৰ গৌৰীপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । ধুবুৰীৰ জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্র দাখিল কৰে গৌৰীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ।

ধুবুৰী, ২০ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে ধুবুৰীৰ গৌৰীপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে । শুক্ৰবাৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত বিশাল সমদল উলিওৱা হয় ।

মনোনয়ন দাখিলৰ সময়ত গৌৰীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীক উৎসাহিত কৰিবলৈ শতাধিক বিজেপি কৰ্মকৰ্তাই সমদলত অংশ লয় । ধুবুৰীৰ জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্র দাখিল কৰে বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে ।

মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে
মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে

বিগত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ২০ হাজাৰ ভোটৰ ব্যৱধানত এ আই ইউ ডি এফৰ বিধায়ক নিজানুৰ ৰহমানৰ হাতত পৰাজিত হোৱাৰ পিছত এইবাৰ বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰি পুনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে বনেন্দ্ৰ কুমাৰ মুছাহাৰী ।

মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে
মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে

এইবাৰ মহাজোঁট সমৰ্থিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী নিজানুৰ ৰহমান মূল প্ৰতিদ্বন্দী হ'ব বুলি মন্তব্য কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ।


লগতে পঢ়ক:সাংসদ তপন গগৈ পুনৰ ক'ৰনাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.