ETV Bharat / state

Attempt to rape in Dhubri: ধুবুৰীৰ আগমণিত নাৰী নিৰ্যাতনৰ ঘটনা

author img

By

Published : Oct 12, 2022, 8:16 AM IST

Attempt to rape minor girl in Dhubri
ধুবুৰীৰ আগমণিত সংঘটিত নাৰী নিৰ্যাতনৰ ঘটনা

ন্যায় বিচাৰি ধুবুৰীৰ থানাই থানাই ঘূৰিছে এগৰাকী নাবালিকা । নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক সুযোগ বুজি বলাৎকাৰৰ অপচেষ্টা এজন বিবাহিত লম্পটৰ (Attempt to rape Case) । আৰক্ষী থানাত গোচৰ দিও সঁহাৰি নোপোৱাৰ অভিযোগ দুৰ্ভগীয়া পৰিয়ালটোৰ ।

ধুবুৰী, 12 অক্টোবৰ: ৰাজ্যত অব্যাহত আছে এটাৰ পিছত আনটো নাৰী নিৰ্যাতনৰ জঘন্য ঘটনা (Rape Case in Assam) ৷ এচাম লম্পটৰ বাবে যেন অসুৰক্ষিত হৈ পৰিছে ৰাজ্যৰ কিশোৰী, যুৱতী কিম্বা মহিলা । প্ৰত্যেক দিনাই বাতৰি কাকতৰ শিৰোনাম দখল কৰা নাৰী ধর্ষণ কিম্বা নাৰী নির্যাতনৰ বাতৰি প্ৰকাশ পাই আহিছে ৷ নাৰীৰ ওপৰত অত্যাচাৰ, নির্যাতন আদি প্ৰসংগক লৈ চৰকাৰ তথা বিভিন্ন বেচৰকাৰী সংস্থাসমূহে বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণক সচেষ্ট কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ কিন্তু ইয়াৰ পাছতো সুৰক্ষিত হ’ব পৰা নাই নাৰী ৷

Attempt to rape minor girl in Dhubri
ধুবুৰীৰ আগমণিত সংঘটিত নাৰী নিৰ্যাতনৰ ঘটনা

শেহতীয়াকৈ ধুবুৰীৰ আগমণিত সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ আন এক ঘটনা (Attempt to rape Case) ৷ এজন লম্পট চৰিত্ৰৰ লোকে এগৰাকী 15 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলায় ৷ অভিযুক্ত লম্পটজনৰ নাম মিজাণুৰ ৰহমান ওৰফে বাচ্চা বাবু । এইজন ৪৫ বছৰীয়া লম্পটে বাৰে বাৰে লজ্জানত কৰি গৈছে আগমণি অঞ্চলৰ এখন ভিতৰুৱা গাঁৱৰ সভ্য সমাজক ।

ধুবুৰীৰ আগমণিত সংঘটিত নাৰী নিৰ্যাতনৰ ঘটনা

ঘটনাৰ বিৱৰণী অনুসৰি, একে গাঁৱৰেই এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক বলপূৰ্বভাৱে ধৰ্ষণৰ অপচেষ্টা চলাই মিজাণুৰ ৰহমান ওৰফে বাচ্চা বাবুয়ে (Attempt to rape minor girl in Dhubri) । ঘটনাটো সংঘটিত হৈছিল যোৱা ৫ অক্টোবৰত । জানিব পৰা মতে নাবালিকাগৰাকীৰ পিতৃ দিৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল ৷ সেয়ে পিতৃক এটুপি বিশুদ্ধ খোৱাপানী খোৱাবলৈ ঘৰৰ ওচৰতে থকা মিজাণুৰ ৰহমানৰ দমকলৰ পৰা পানী আনিবলৈ গৈছিল নাবালিকাগৰাকী । তেনে সময়তে ঘৰত কোনো নথকাৰ সুযোগ লৈ বলপূৰ্বকভাৱে নাবালিকাগৰাকীক নিৰ্যাতন চলায় লম্পট চৰিত্ৰৰ মিজাণুৰ ৰহমান ওৰফে বাচ্চা বাবুয়ে ।

কিন্তু নাবালিকাগৰাকীয়ে চিঞৰ-বাখৰ কৰি কোনোমতে নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয় ৷ পিছত এইসকলো কথা নাবালিকাগৰাকীয়ে বিৱৰী কয় পৰিয়ালবৰ্গক । ইয়াৰ পাছতেই ঘটনা সন্দৰ্ভত পৰিয়ালবৰ্গই আগমণি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ।

কিন্তু তাৰ পিছৰ পৰাই নাবালিকাগৰাকীৰ জীৱনত আৰম্ভ হ’ল মাতব্বৰীৰাজ । স্থানীয় পঞ্চায়ত সভানেত্ৰীৰ স্বামী জলিলৰ নেতৃত্বত আৰম্ভ হয় দুই পক্ষৰ মীমাংসাৰ আলোচনা । কিন্তু আলোচনাত নহ’ল কোনো মীমাংসা । মাতব্বৰে লাহে লাহে ৰহস্যজনক ভূমিকা লৈ বাচ্চা বাবুৰ পক্ষ লোৱাৰ পিছত উপায়ন্তৰ হৈ ন্যায় বিচাৰি এতিয়া বিভিন্ন আৰক্ষী থানাৰ দুৱাৰে দুৱাৰে ঘূৰিছে নিৰ্যাতিতা নাবালিকা আৰু পৰিয়ালবৰ্গ ।

ইফালে স্থানীয় ৰাইজৰ অভিযোগ পূৰ্বেও এনে বহু লজ্জানত ঘটনা সংঘটিত কৰি আহিছে লম্পট চৰিত্ৰৰ মিজাণুৰ ৰহমানে ৷ কিন্তু একাংশ মাতব্বৰৰ ছত্ৰছায়াত থকাৰ বাবেই আইনী মেৰপেছত নপৰে বুলি অভিযোগ স্থানীয় ৰাইজৰ ৷

শেহতীয়াকৈ ধুবুৰী সদৰ আৰক্ষী থানাৰ মহিলাৰ বাবে থকা বিশেষ কোষত নিৰ্যাতিতাগৰাকীৰ সাক্ষ্য গ্ৰহণ কৰে আৰক্ষীয়ে । কিন্তু এইক্ষেত্ৰত স্থানীয় আগমণি আৰক্ষীয়ে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । এতিয়া প্ৰশ্ন হয়, কেতিয়া আৰক্ষীৰ জালত পৰিব সভ্য সমাজক কুলসিত কৰা বিবাহিত লম্পট মিজাণুৰ ওৰফে বাচ্চা বাবু ? আৰক্ষীৰ তদন্তৰ আওতালৈ আহিবনে নাৰীৰ ওপৰত মাতব্বৰীৰাজ চলোৱা জলিল মাতব্বৰ ?

লগতে পঢ়ক: Gang Rape in Jharkhand: ঝাৰখণ্ডত নাবালিকাক দলবদ্ধ ধৰ্ষণৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.