ETV Bharat / state

Protest in Gauripur: ধুবুৰীৰ গৌৰীপুৰত শিল্পী সমাজৰ প্ৰতিবাদ

author img

By

Published : Oct 19, 2022, 7:39 AM IST

হস্তীৰ কন্যা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ কালজয়ী গীত বিকৃত ৰূপত পৰিৱেশন । দেশৰ ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ সময়ত অসম চৰকাৰৰ উদ্যোগত আয়োজিত এক সাংস্কৃতিক অনুষ্ঠানত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ এটি লোকগীত পৰিৱেশন কৰা হৈছিল বিকৃত ৰূপত(Pratima Barua Pandey Song Distortion) । ইয়াৰ বিৰুদ্ধে সোমবাৰে ধুবুৰীৰ গৌৰীপুৰত শিল্পী সমাজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(Artists community protests in Gauripur) ।

artists community protests in gauripur
ধুবুৰীৰ গৌৰীপুৰত শিল্পী সমাজৰ প্ৰতিবাদ

ধুবুৰী,১৯ অক্টোবৰ: গোৱালপৰীয়া লোক সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিছিল গৌৰীপুৰৰ ৰাজকন্যা তথা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেই(Padma Shri Pratima Barua Pandey) । ৰাজবংশী সম্প্ৰদায়ৰ গোৱালপৰীয়া লোকসংস্কৃতিৰ ওপৰত বহু লোকগীত ৰচনা কৰিছিল পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেই । তেনে এক দেহতত্ত্বমূলক গীত আছিল "একবাৰ হৰি বোলো মন ৰচনা, মানৱ দেহেৰ গৌৰৱ কৈৰণা" গীতটি ।

ধুবুৰীৰ গৌৰীপুৰত শিল্পী সমাজৰ প্ৰতিবাদ

কিন্তু এই গীতটি বৰ্তমান বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰিছে শিল্পীগৰাকীৰ পৰিয়াল তথা গৌৰীপুৰৰ শিল্পী সমাজে(Artists community protests in Gauripur) । দেশৰ ৰাষ্ট্ৰপতিৰ সন্মুখত গীতটি বিকৃত কৰি পৰিৱেশন কৰাৰ অভিযোগ উত্থাপন কৰি ধুবুৰীৰ গৌৰীপুৰত শিল্পী সমাজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । উল্লেখ্য যে দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে অসম ভ্ৰমণৰ বাবে গুৱাহাটীত উপস্থিত হোৱাৰ পিছত অসম চৰকাৰৰ উদ্যোগত খানাপাৰাত আয়োজন কৰা হৈছিল এক সাংস্কৃতিক অনুষ্ঠানৰ ।

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ সন্মুখতেই অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ গীত নৃত্য পৰিৱেশন কৰা হৈছিল । সমান্তৰালভাৱে নামনি অসমৰ ৰাজবংশী সম্প্ৰদায়ৰ গোৱালপৰীয়া সংস্কৃতি তুলি ধৰিবলৈ পৰিৱেশন কৰা হৈছিল এটি গোৱালপৰীয়া লোকগীত । গীতটি পৰিৱেশন কৰিছিল গীতাঞ্জলি দাস নামৰ কণ্ঠশিল্পী গৰাকীয়ে ।

কিন্তু, কন্ঠশিল্পীগৰাকীয়ে "একবাৰ হৰি বোলো মন ৰচনা, মানৱ দেহেৰ গৌৰৱ কৈৰণা" গীতটি ভুলকৈ বিকৃত ৰূপত পৰিৱেশন কৰা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে(Pratima Barua Pandey Song Distortion) । এই লৈ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মভূমি গৌৰীপুৰৰ লগতে সমগ্ৰ ধুবুৰী জিলাতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সোমবাৰে স্থানীয় শিল্পীসকলৰ লগতে স্থানীয় জ্যেষ্ঠ নাগৰিক আৰু ৰাজ পৰিয়ালৰ সদস্যৰ উপস্থিতিত গীতটি পৰিৱেশন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।

ক'লাবেজ পৰিধান কৰি গীতৰ মাজেৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি এইক্ষেত্ৰত উচিত তদন্তৰ দাবী উত্থাপন কৰিছে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ভাতৃ প্ৰবীৰ বৰুৱাৰ লগতে জ্যেষ্ঠ নাগৰিক সকলে । আনহাতে শিল্পী গৰাকীক শুদ্ধ ৰূপত সংগীতৰ শিক্ষা গ্ৰহণ কৰি অৰ্থ বুজি গীত পৰিৱেশন কৰিবলৈ দাবী জনাইছে স্থানীয় শিল্পী সকলে ।

উল্লেখ্য যে, ১৩ অক্টোবৰত অসমলৈ আহিছিল দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু(President Draupadi Murmu in Assaam) । ইয়াৰ পাছতেই তেঁও খানাপাৰাত থকা অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । য'ত ৰাাজ্যৰ বিভিন্ন কৃষ্টি-সংস্কৃতি দেখুওৱা হৈছিল ৰাষ্ট্ৰপতিগৰাকীৰ সন্মুখত ।

লগতে পঢ়ক: Thieves terror in Nalbari: স্বামীৰ সন্মুখৰ পৰাই মহিলাৰ ডিঙিৰ চেইন লৈ উধাও চিলনী চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.