ETV Bharat / state

ৰাজহ চক্ৰ বিষয়াৰ সৈতে গোপন বুজাবুজিৰে জুইশলা কাৰখানাৰ মাটি দখলৰ গুৰুতৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 10:17 AM IST

ধুবুৰী জুইশলা কাৰখানাৰ মাটি ক্ৰয় কৰা কামৰূপ আইছ কোল্ড নামৰ কোম্পানীৰ বিৰুদ্ধে চৰকাৰী মাটি দখলৰ গুৰুতৰ অভিযোগ । ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ সৈতে গোপন বুজাবুজিৰ অভিযোগ উইমকো বচাও কমিটিৰ ৷

occupying government land in Dhubri
চৰকাৰী মাটি দখলৰ অভিযোগ
চৰকাৰী মাটি দখলৰ অভিযোগ

ধুবুৰী, 25 নৱেম্বৰ: চৰকাৰী মাটি দখলৰ অভিযোগ উত্থাপন হৈছে এটা কোম্পানীৰ বিৰুদ্ধে ৷ কামৰূপ আইচ কোল্ড নামৰ কোম্পানীটোৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ । উল্লেখ্য যে, ধুবুৰী জুইশলা কাৰখানাৰ মাটি বিক্ৰীৰ বিৰুদ্ধে উইমকো বচাও কমিটিয়ে ধাৰাবাহিকভাবে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ । তেনে সময়তে চৰকাৰী মাটি দখলৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে উল্লেখ কৰা কোম্পানীটোৰ বিৰুদ্ধে ।

জুইশলা কাৰখানাৰ এলেকাতেই থকা প্ৰায় 36 বিঘা চৰকাৰী মাটি কামৰূপ আইচ কোল্ড কোম্পানীয়ে দখল কৰা বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ তথ্য অনুসৰি 1392 চনলৈকে লীজত থকা প্ৰায় 36 বিঘা মাটি পৰৱৰ্তী সময়ত লিজৰ সময়সীমা উকলি যোৱাৰ পিছত চৰকাৰী খাচ মাটি হৈ পৰে । কিন্তু কামৰূপ আইচ কোল্ড নামৰ কোম্পানীয়ে ক্ৰয় কৰা জুইশলা কাৰখানাৰ মাটিখিনি কোনো মাপ-জোখ নকৰাকৈয়ে চৰকাৰী খাচ মাটিখিনি দখল কৰিবলৈ আৰম্ভ কৰে বুলি অভিযোগ তুলিছে কোম্পানীটোৱে ।

আনকি কামৰূপ আইচ কোল্ড নামৰ কোম্পানীটোৱে চাৰিসীমাৰ বেৰ নিৰ্মাণৰো যো-জা চলায় বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে । ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ সৈতে গোপন বুজাবুজি কৰি কোম্পানীটোৱে বিশাল চৰকাৰী মাটি দখল কৰিছে বুলি অভিযোগ উত্থাপন কৰে উইমকো বচাও কমিটিয়ে । শুকুৰবাৰে কোম্পানীৰ বেৰ নিৰ্মাণৰ কাম বন্ধ কৰি দি স্থানীয় বিধায়ক আৰু সাংসদৰ বিৰুদ্ধে সৰৱ হৈ পৰে উইমকো বচাও কমিটি ।

উল্লেখ্য যে, কেইবছৰমান পূৰ্বে ধুবুৰী জুইশলা কাৰখানাৰ 110 বিঘা মাটি ক্ৰয় কৰিছিল কামৰূপ আইচ কোল্ড নামৰ কোম্পানীটোৱে। কিন্তু জুইশলা কাৰখানাৰ অধীনত প্ৰায় দুশ বিঘা মাটি আছে যদিও মাত্ৰ 110 বিঘা মাটি ক্ৰয় কৰি সেই প্ৰায় দুশ বিঘা মাটি দখল কৰাৰ চেষ্টা চলাইছে বুলি কামৰূপ আইচ কোল্ড কোম্পানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে সমিতিয়ে ।

লগতে পঢ়ক: চৰকাৰী কাৰ্যালয় ভঙাৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ, নিৰ্বিকাৰ বিভাগীয় মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.