ETV Bharat / state

তিনিখন আসনত বিজয়েৰে I.N.D.I.A.ক চৰকাৰ গঠনত সহায় কৰাৰ ইচ্ছা এ আই ইউ ডি এফৰ

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 10:28 PM IST

লোকসভা নিৰ্বাচনত 3 খন আসন জয়ী হ’ব এ আই ইউ ডি এফ ৷ এই মন্তব্য দলটোৰ এগৰাকী বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ ৷ এ আই ইউ ডি এফে চৰকাৰ গঠনত I.N.D.I.A. ক সহায় কৰিব বুলিও কয় বৰভূঞাই ৷

AIUDF workers meeting held in Bilasipara
Lok sabha polls 2024
এ আই ইউ ডি এফৰ কৰ্মী সভা

পশ্চিম বিলাসীপাৰা, 28 নৱেম্বৰ: লোকসভা নিৰ্বাচনৰ সময় যিমানেই চমু চাপি আহিছে, সিমানেই তৎপৰতা বৃদ্ধি পাইছে দলসমূহৰ মাজত ৷ নিজাববীয়াকৈ সকলোৱে কৰিছে ভোটৰ অংক ৷ শাসকীয় দলে ৰাইজক আকৰ্ষিত কৰিবলৈ ঘোষণা কৰিছে নতুন নতুন আঁচনি, স্থাপন কৰিছে বিভিন্ন প্ৰকল্পৰ আধাৰশিলা ৷ বিৰোধীয়েও বিজেপি মিত্ৰজোঁটৰ প্ৰতিশ্ৰুতি-আধাৰশিলা আদি কেৱল চমক বুলি ৰাইজক পতিয়ন নিয়াই নিজৰ ফলীয়া কৰাৰ যুঁজ চলাই আহিছে ৷ অসমতো একেই পৰিস্থিতি ৷ ৰাজনীতিৰ বতাহ বাৰুকৈয়ে বলিছে অসমত ৷

বিজেপিক পৰাভূত কৰিবলৈ একলগ হৈছে 15 টা বিৰোধী শক্তি ৷ কিন্তু তাত স্থান নাই এ আই ইউ ডি এফৰ ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত সংগঠিত বিৰোধী ঐক্যমঞ্চ I.N.D.I.A. তো স্থান নাপালে এ আই ইউ ডি এফে ৷ অতি সাম্প্ৰদায়িক বুলিয়েই এ আই ইউ ডি এফক কোনেও যেন বিশ্বাসত ল’ব খোজা নাই ৷ কিন্তু নাচোৰবান্দা দলটোৰ মুৰব্বী বদৰুদ্দিন আজমল, যিকোনো প্ৰকাৰে বিৰোধী ঐক্যত চামিল হোৱাৰ বাবে এতিয়াও প্ৰচেষ্টা অব্যাহত ৰাখিছে আজমলে ৷

ইয়াৰ লগে লগে এ আই ইউ ডি এফৰ জনভিত্তি থকা সমষ্টিবোৰত ৰাইজৰ কাষলৈ গৈছে দলটোৰ মুৰব্বী আজমলৰ লগতে বাকী বিধায়ক আৰু নেতাসকল ৷ ধুবুৰী সমষ্টিত বিগত কেইঠামান দিনত ব্যাপক তৎপৰতা দেখা গৈছে আজমলৰ ৷ ঠায়ে ঠায়ে সভা অনুষ্ঠিত কৰি ৰাইজৰ মন জয়ৰ চেষ্টা চলাইছে আজমলে ৷

মঙলবাৰেও ধুবুৰী জিলাৰ বিলাসীপাৰাত অনুষ্ঠিত হয় এ আই ইউ ডি এফৰ এখন কৰ্মীসভা ৷ য’ত উপস্থিত থাকে মানকাচৰ সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম, সোণাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা, ধুবুৰীৰ বিধায়ক নজৰুল হক, গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমান,পূব বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামছুল হুদাৰ লগতে দলৰ বহুতো নেতা-কৰ্মী ৷

সভাত ভাষণ দি মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে কয় যে ধুবুৰী সমষ্টিত এইবাৰ জয়ী হ’ব সাংসদ বদৰুদ্দিন আজমল ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে আন বাঘা বাঘা নেতাই প্ৰতিদ্বন্দিতা কৰিলেও ধুবুৰীত জয়ী হ’ব নোৱাৰে বুলি দৃঢ়তাৰে কয় বিধায়কগৰাকীয়ে ৷

ইফালে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও ফলাফলৰ পূৰ্বানুমান প্ৰকাশ কৰে সোণাই সমষ্টিৰ এ আই ইউ ডি এফ বিধায়ক কৰিমুদ্দিন বৰভূঞাই ৷ তেওঁ কয় যে লোকসভা নিৰ্বাচনত 14 খন আসনৰ ভিতৰত 3 খনত এ আই ইউ ডি এফ, 5 খনত বিজেপি, 5 খনত কংগ্ৰেছ আৰু 1 খনত অন্য দল জয়ী হ’ব ৷ তিনিখন আসনেৰে এ আই ইউ ডি এফে চৰকাৰ গঠনত I.N.D.I.A. ক সহায় কৰিব বুলিও কয় বৰভূঞাই ৷ কিন্তু ৰাজ্যিক বা ৰাষ্ট্ৰীয় কোনো এটা মিত্ৰজোঁটতে স্থান নোপোৱা এ আই ইউ ডি এফৰ সপোন সাকাৰ হয় নে নাই সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: বিপিএফক ৰুধিবলৈ চন্দন ব্ৰহ্মক আমদানি কৰিব নেকি বিজেপি মিত্ৰজোঁটে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.