ETV Bharat / state

বিলাসীপাৰাত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Mar 20, 2021, 9:33 PM IST

সমগ্ৰ ৰাজ্যৰ লগতে বিলাসীপাৰাতো 'কা' ৰ বিৰুদ্ধে বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাই বাইক ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰেলীত সন্থাৰ কেইবাজনো আছু সদস্যই অংশগ্ৰহণ কৰে ৷

বিলাসীপাৰাত ছাত্ৰ সন্থাৰ 'কা' বিৰোধী প্ৰতিবাদ
বিলাসীপাৰাত ছাত্ৰ সন্থাৰ 'কা' বিৰোধী প্ৰতিবাদ

পশ্চিম বিলাসীপাৰা,20 মাৰ্চ: ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰাতো 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আছুই ৷ সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশমৰ্মে আজি বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাই বাইক ৰেলী উলিয়াই 'কা' ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিলাসীপাৰাত ছাত্ৰ সন্থাৰ 'কা' বিৰোধী প্ৰতিবাদ
বিলাসীপাৰাত ছাত্ৰ সন্থাৰ 'কা' বিৰোধী প্ৰতিবাদ

বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা চহৰখনৰ মূলপথৰে 'কা' বিৰোধী বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাৰ সদস্যসকলে ৷ বিলাসীপাৰা আৰক্ষীয়ে আছুৰ দলটোক আগভেটা দিয়াত সংগঠনটোৰ কৰ্মকৰ্তাসকলে আদবাটতে ৰেলী সামৰিবলৈ বাধ্য হয় ৷

লগতে পঢ়ক : লখিমপুৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.