Koch Rajbongshi Sahitya Sabha: কোচ ৰাজবংশী সাহিত্য সভাৰ ১২ সংখ্যক ভাষা দিৱস

author img

By

Published : Oct 28, 2022, 10:26 PM IST

12th Language Day of Koch Rajbongshi Sahitya Sabha

শুকুৰবাৰে ধুবুৰীত দিনজোৰা কাৰ্য্যসূচীৰে কোচ ৰাজবংশী সাহিত্য সভাৰ (Koch Rajbangshi Sahitya Sabha) ১২ সংখ্যক ভাষা দিৱস উদযাপন কৰা হয় ৷ কাৰ্যসূচী অনুসৰি প্ৰথমে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ সন্মুখত পুৱাৰ ভাগত কোচ ৰাজবংশী জনগোষ্ঠীৰ চুৱাচনী পূজা অৰ্চনা কৰা হয় ।

ধুবুৰী, 28 অক্টোবৰ:"কোচ ৰাজবংশী ভাষাৰ সজাগতাৰ বাবে এই ভাষা দিৱস পালন কৰা হয় ৷ এই ৰেলীৰ জৰিয়তে আমাৰ কোচ ৰাজবংশী জাতিটোৰ ঐতিহ্য তথা গৰিমাৰ লগতে কোচ ৰাজবংশীৰ সংস্কৃতিৰ বিষয়ে প্ৰতিফলিত কৰা হৈছে ৷ আমি এটা ট্ৰাইবেল জনগোষ্ঠী ৷ ইয়াৰ জৰিয়তে আমি জনাব বিচাৰিছো যে আমাক কিয় জনজাতিৰ স্বীকৃতি দিব লাগে ৷" 12 সংখ্যক ভাষা দিৱসৰ সন্দৰ্ভত এই মন্তব্য কৰে কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড৹ দ্বিজেন্দ্ৰ নাথ ভকতে (President Dr Dwijendra Nath Bhakat) ৷

কোচ ৰাজবংশী সাহিত্য সভাৰ ১২ সংখ্যক ভাষা দিৱস

শুকুৰবাৰে ধুবুৰীত দিনজোৰা কাৰ্য্যসূচীৰে কোচ ৰাজবংশী সাহিত্য সভাৰ (Koch Rajbangshi Sahitya Sabha) ১২ সংখ্যক ভাষা দিৱস উদযাপন কৰা হয় ৷ কাৰ্যসূচী অনুসৰি প্ৰথমে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ সন্মুখত পুৱাৰ ভাগত কোচ ৰাজবংশী জনগোষ্ঠীৰ চুৱাচনী পূজা অৰ্চনা কৰা হয়।

ইয়াৰ পিছতে এই অনুষ্ঠান উপলক্ষে পতাকা উত্তোলন, স্মৃতি তৰ্পন আৰু শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় ৷ তাৰ পিছতেই ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰৰ পৰা ৰাজবংশী জনোগোষ্ঠীৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ কাতি নৃত্য, চণ্ডী নৃত্য, কীৰ্তন আদি কৰি ১২ টা সাংস্কৃতিক দল আৰু সহস্ৰাধিক ৰাইজৰ উপস্থিতিত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত অধ্যাপক প্ৰমেশ্বৰ ৰায়ৰ সঞ্চালনাত ৰাজবংশী ভাষাৰ কবি সন্মিলন অনুষ্ঠিত হয় ৷

তাৰ পিছতেই কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড৹ দ্বিজেন্দ্ৰ নাথ ভকতৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয় ৷ ধুবুৰী শাখা, ধুবুৰী জিলা কোচ ৰাজবংশী সাহিত্য সভাৰ উদ্যোগত কোচ ৰাজবংশী সাহিত্য সভা আৰু ৰাজবংশী ভাষা শিক্ষা সংসদৰ সহযোগত উদযাপন কৰা ভাষা দিৱসতে ধুবুৰী জিলাৰ অন্য অঞ্চলৰ সকলো লোকক ৰাজবংশী ভাষাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ভকতে।

আনহাতে ৰাজ্যখনত বিতৰ্কৰ সৃষ্টি কৰা মিঞা মিউজিয়াম সন্দৰ্ভত কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি গৰাকীয়ে কয় যে, মিঞা মিউজিয়ামত ৰখা সামগ্ৰীৰ ভিতৰত নাঙল, ঢাৰি, বেতৰ দগা পাল্লা আদি অত্ৰ অঞ্চলৰ খিলঞ্জীয়া মানুহে ব্যৱহাৰ কৰা ৷ লগতে তেওঁ কয় যে মিঞা নামৰ কোনো জনগোষ্ঠী নাই ৷ সেয়ে চৰকাৰে লোৱা পদক্ষেপক আদৰণি জনায় সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক: AMFIRS 2022 in Darrang: মঙলদৈত মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত চেক বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.