ETV Bharat / state

Siang river become turbid: হঠাৎ ঘোলা হৈ পৰিছে চিয়াং নদীৰ পানী

author img

By

Published : Nov 6, 2022, 8:46 AM IST

Siang river become turbid
Siang river become turbid

শুকুৰবাৰে সন্ধিয়াৰ পৰা হঠাৎ চিয়াং নদীৰ পানী ঘোলা হৈ পৰে (Siang river in Arunachal Pradesh)। ৰঙা চীনে ব্ৰহ্মপুত্ৰৰ উৎস চাংপোত বান্ধ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰাৰ ফলতে নদীখনৰ এনে পৰিৱৰ্তন হৈছেনে নেকি ? নে তীব্ৰতৰ ভূমিস্খলনৰ ফলত চিয়াং নদীৰ পানী পৰিৱৰ্তন হৈছে ? ৰহস্যৰ আৱৰ্তত চিয়াঙৰ পানী ঘোলা হোৱাৰ ৰহস্য ৷

জোনাই 6 নৱেম্বৰ : হঠাৎ ঘোলা হৈ পৰিছে অৰুণাচল প্ৰদেশৰ চিয়াং নদীৰ পানী (Water of the Siang river suddenly become turbid)। আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ এতিয়াও অধিক তথ্য পোহৰলৈ অহা নাই যদিও চৰ্চ্চালৈ আহিছে ব্ৰহ্মপুত্ৰৰ উৎসত চীনে পুনৰ বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ শংকা ? চিয়াং নদীৰ জলস্তৰ বৃদ্ধি নোহোৱাকৈ কিহৰ বাবে এই পৰিৱৰ্তন হৈছে তাকে লৈ সৃষ্টি হৈছে অলেখ প্ৰশ্নৰ ৷

শুকুৰবাৰে সন্ধিয়াৰ পৰা হঠাৎ চিয়াং নদীৰ পানী ঘোলা হৈ পৰে (Siang river in Arunachal Pradesh)। ৰঙা চীনে ব্ৰহ্মপুত্ৰৰ উৎস চাংপোত বান্ধ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰাৰ ফলতে নদীখনৰ এনে পৰিৱৰ্তন হৈছেনে নেকি ? নে তীব্ৰতৰ ভূমিস্খলনৰ ফলত চিয়াং নদীৰ পানী পৰিৱৰ্তন হৈছে ? ৰহস্যৰ আৱৰ্তত চিয়াঙৰ পানী ঘোলা হোৱাৰ ৰহস্য ৷

হঠাৎ ঘোলা হৈ পৰিছে চিয়াং নদীৰ পানী

পানীখিনিলৈ লক্ষ্য কৰিলে দেখা গৈছে যে, পৰিষ্কাৰ হোৱাৰ বিপৰীতে কেনেকৈ হঠাৎ ঘোলা হৈ পৰিছে (Siang river become turbid) । ইয়াকৈ লৈ উদ্বিগ্নতা বৃদ্ধি পাইছে অৰুণাচলৰ লগতে অসমতো । সন্দেহ কৰা হৈছে চীনে পুনৰ বৃহৎ নদী বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ৷ ইয়াৰ বাবেই ঘোলা হৈছে নেকি চিয়াং নদীৰ পানী।

ইয়াৰ পূৰ্বেও কেবাবাৰো চিয়াং নদীৰ বিভিন্ন পৰিৱৰ্তন দেখা গৈছিল । প্ৰথমে চিমেণ্ট জাতীয় পদাৰ্থ মিশ্ৰিত পানী বৈছিল চিয়াঙৰ বুকুৰে ৷ তাৰ পিছতে সাগৰ সদৃশ ঢৌৰ সৃষ্টি হোৱা দেখা গৈছিল প্ৰায় তিনিবছৰ পূৰ্বে ৷ এইবাৰ আকৌ হঠাৎ পৰিৱৰ্তন হৈ বৈছে ঘোলাপানী ৷

সেয়ে অসম আৰু অৰুণাচল সীমান্তত কোনো বৰষুণ নোহোৱাকৈ চিয়াং নদীৰ এনে পৰিৱৰ্তন হোৱাক লৈ আতংকিত হৈ পৰিছে অসম-অৰুণাচল সীমান্তৰ নৈপৰীয়া ৰাইজ ।

লগতে পঢ়ক: DAC Election 2022: ৩২ টা প্ৰতিশ্ৰুতিৰে DAC নিৰ্বাচনৰ সংকল্প পত্র উন্মোচন বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.