ETV Bharat / state

চিলাপথাৰত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 26 গৰাকী, নিহত 1

author img

By

Published : Dec 8, 2021, 1:44 PM IST

Road accident at Silapathar
গুৰুতৰভাৱে আহত ২৬ জন

বুধবাৰে পুৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Tragic road accident on Silapathar NH-15)। শ্ৰমিক ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এজন শ্ৰমিকৰ মৃত্যু ৷ বাকী ২৬ জন গুৰুতৰভাৱে আহত ।

জোনাই, ৮ ডিচেম্বৰ : ধেমাজি জিলাৰ চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Silapathar)। শ্ৰমিক কঢ়িয়াই অনা ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ১ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে (Worker death in road accident at Silapathar) । চিলাপথাৰৰ চিলি ফ্ৰ'ণ্টিয়াৰ হাইস্কুলৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনাটো (Tragic road accident on Silapathar NH-15)।

পুৱা প্ৰায় ১০.৩০ মান বজাত সীমান্ত পথ নিৰ্মাণ সংস্থাৰ শ্ৰমিক লৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথতে বাগৰি পৰে WB-৬৫-C-২৬৫৪ নম্বৰৰ ট্ৰাকখন । দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী শ্ৰমিক লগতে প্ৰায় ২৬ গৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হয় (26 worker injured in road accident at Silapathar) । আহতসকলৰ বহু কেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

প্ৰাপ্ত খবৰৰ মতে পশ্চিমবংগৰ পৰা শ্ৰমিকসকল ৰেলেৰে আহি জোনাইত উপস্থিত হৈছিল । পুৱা সেইসকল শ্ৰমিকক সীমান্ত পথ নিৰ্মাণ সংস্থাৰ ট্ৰাকখনে চিলাপথাৰলৈ লৈ গৈ আছিল । তেতিয়াই দুৰ্ঘটনাগ্ৰস্ত হয় ট্ৰাকখন ।

ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰা দেখা গৈছে । ইফালে মৃত শ্ৰমিকজন আৰু আহতসকলৰ পৰিচয় বাতৰি সংগ্ৰহৰ সময়লৈ জানিব পৰা হোৱা নাই । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Deer Attack at Salbari : শালবাৰীত হৰিণাৰ আক্ৰমণত নিহত বৃদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.