Deer Attack at Salbari : শালবাৰীত হৰিণাৰ আক্ৰমণত নিহত বৃদ্ধ

author img

By

Published : Dec 8, 2021, 8:40 AM IST

Updated : Dec 11, 2021, 11:29 AM IST

one-person-dead-by-deer-attack-at-salbari-baksa

দিনকদিনে বাঢ়িবলৈ ধৰিছে বন্যপ্ৰাণীৰ আক্ৰমণৰ পৰিঘটনা ৷ মঙলবাৰে বাক্সা জিলাৰ শালবাৰীত মানাহৰ পৰা ওলাই অহা এটা হৰিণাই আক্ৰমণ কৰে এগৰাকী বৃদ্ধক(Deer Attack at Salbari) ৷ থিতাতে নিহত হয় বৃদ্ধগৰাকী ৷

বাক্সা, 8 ডিচেম্বৰ : বন্যপ্ৰাণীসমূহ ক্ৰমাগতভাৱে জনাঞ্চললৈ আহি একপ্ৰকাৰ উপদ্ৰৱৰ লগতে আতংক সৃষ্টি কৰি আহিছে ৷ হাতী-মানুহৰ সংঘাত দীৰ্ঘদিনীয়া হোৱাৰ বিপৰীতে বিগত কেইমাহমান পূৰ্বৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত আতংকৰ সৃষ্টি কৰি আহিছে নাহৰফুটুকীয়ে ৷ খোদ মহানগৰীৰ মাজমজিয়াতে নিশাৰ এন্ধাৰত বনৰজাই মুক্ত বিচৰণ কৰি থকাৰ দৃশ্য ধৰা পৰিছিল সংবাদ মাধ্যমৰ কেমেৰাত ৷ ডিব্ৰুগড় জিলাৰো ভিন্ন প্ৰান্তত বিগত প্ৰায় তিনিমাহৰ খতিয়ান দাঙি ধৰিলে দেখা পোৱা যায় যে, কেইবাটাও নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰিছে বন বিভাগে ৷

লগতে চাওক: Leopard Caged in Dibrugarh : ডিব্ৰুগড়ত পুনৰ পিঞ্জৰাবদ্ধ নাহৰফুটুকী

শেহতীয়াকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা ক’লা ভালুকৰ উপদ্ৰৱেও শংকিত কৰি তুলিছে বাক্সা জিলাৰ কিছু কিছু অঞ্চলৰ লোকক ৷ ইয়াৰ মাজতে মঙলবাৰে বাক্সা জিলাৰ শালবাৰী অঞ্চলত দিন-দুপৰতে একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰে এটা হৰিণাই ৷

শালবাৰীত হৰিণাৰ আক্ৰমণত নিহত বৃদ্ধ

শালবাৰী অঞ্চলৰ নিচেই সমীপতে থকা মানাহ ৰাষ্ট্ৰীয় উদ্যান(Manas National Park)ৰ পৰা ওলাই অহা এটি প্ৰকাণ্ড হৰিণাই আক্ৰমণ কৰে এগৰাকী বৃদ্ধ লোকক(Deer Attack at Salbari) ৷ হৰিণাৰ আক্ৰমণত তিষ্ঠিব নোৱাৰাত নিমিষতে প্ৰাণবায়ু বাহিৰ হয় বৃদ্ধগৰাকীৰ ৷ বীৰছা খাড়িয়া নামৰ প্ৰায় 70 বছৰীয়া বৃদ্ধগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰি হৰিণাটোৱে আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে ৷

কিছুদিনৰ পৰা হৰিণাটোৱে অঞ্চলটোত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আহিছিল ৷ বৃদ্ধগৰাকীৰ মৃত্যুৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ এটা দল ৷ দলটোৱে হৰিণাটোক ট্ৰেংকুলাইজ কৰি পৰৱৰ্তী সময়ত মানাহৰ ঘন জংঘলত এৰি দিয়ে ৷

লগতে চাওক: Man elephant conflict : সোণাৰিৰ অসম নাগালেণ্ড সীমান্তত বন্যহস্তীৰ তাণ্ডৱ

Last Updated :Dec 11, 2021, 11:29 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.