ETV Bharat / state

অখিল গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মিচিং জাতীয় ছাত্ৰ সংগঠন টিএমপিকে

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 9:09 PM IST

MLA Akhil Gogoi
অখিল গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে টিএমপিকে

অখিল গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মিচিং জাতীয় সংগঠন টিএমপিকে। আলি-আয়ে-লৃগাঙক লৈ ৰাজনীতি নকৰিবলৈ অখিল গগৈক সকীয়নি টিএমপিকেৰ সভাপতি তিলক দলেৰ।

আলিঃ আঃয়ে লৃগাঙক লৈ ৰাজনীতি নকৰিবলৈ অখিল গগৈক সকিয়নী

জোনাই, 25 নৱেম্বৰ : শেহতীয়াকৈ মিচিং জনগোষ্ঠী ৰাইজৰ জাতীয় উৎসৱ আলি-আয়ে-লৃগাঙত চৰকাৰী বন্ধৰ নিদিয়াৰ বাবে জনগোষ্ঠীটোৰ ৰাইজে কৰা প্ৰতিবাদক লৈ ৰাজ্যৰ সিমূৰ পৰা সিমূৰলৈ তীব্ৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে চিলাপথাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ মিচিং ছাত্ৰ সন্থাৰ সভাপতি তিলক দলেই ৷ একাংশই মিচিং ৰাইজৰ আলি-আয়ে-লৃগাঙক লৈ ৰাজনীতি কৰা বুলি অভিযোগ তুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টিএমপিকেৰ নেতাগৰাকীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক ৷

ৰাইজৰ দলৰ সদস্য নিৰ্মল পায়েং, আকাশ দলেৰ লগতে মিচিং ৰাইজক উচতনি দি মিচিং সমাজৰ কিছু সংখ্যক লোকক মিচিং সচেতন সমাজ নামেৰে সংগঠন খুলি ৰাজপথত চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰা কাৰ্যৰ নেতৃত্ব দিয়া অখিল গগৈৰ কৰ্মকাণ্ডক ধিক্কাৰৰ লগতে গৰিহণা জনায় সদৌ মিচিং ছাত্ৰ সন্থা চমুকৈ টিএমপিকেৰ সভাপতি তিলক দলেই ৷

তেওঁ কয় যে, বিধায়ক অখিল গগৈয়ে আলি-আয়ে-লৃগাঙৰ নামত ৰাজনীতি কৰি মিচিং জনগোষ্ঠীৰ ৰাইজক বিভাজন কৰিবলৈ এক গভীৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে ৷ তেওঁ পুনৰ কয় যে, 75 বছৰ শাসনত থকা কংগ্ৰেছে মিচিং ৰাইজৰ বাবে যি কৰিব নোৱাৰিলে সেয়া মন্ত্ৰী ডাঃ ৰণোজ পেগু, বিধায়ক ভুৱন পেগু, মিচি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই কৰিব পাৰিছে ৷ তেনেস্থলত তেওঁলোকৰ বিৰুদ্ধে অপ্ৰচাৰত লিপ্ত হোৱা অখিল গগৈ বাহিনীৰ কৰ্মকাণ্ড কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি মন্তব্য কৰে টিএমপিকেৰ সভাপতিজনে ৷

এইক্ষেত্ৰত শীঘ্ৰেই অখিল গগৈয়ে আৰম্ভ কৰা এই ৰাজনীতি অতি শীঘ্ৰে বন্ধ কৰিবলৈ সকিয়াই দিয়ে নেতাজনে ৷ অন্যথা ইয়াৰ পৰিস্থিতিৰ ভয়ানক হ'ব বুলি কয় টিএমপিকেৰ সভাপতি তিলক দলেই ৷

লগতে পঢ়ক : লোকসভা নিৰ্বাচনত ফলিয়াব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যদ্বাণী : শশীকান্ত দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.