ETV Bharat / state

Suspected Murder: টি এম পি কেৰ সদস্যৰ ৰহস্যজনক মৃত্যু; হত্যাৰ সন্দেহ

author img

By

Published : Jun 28, 2023, 8:28 PM IST

TMPK member suspected murder
নন্দেশ্বৰ কুলিৰ হত্যাৰ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী

টি এম পি কেৰ সদস্য নন্দেশ্বৰ কুলিৰ মৃত্যুৰ ঘটনাক লৈ উত্তাল চিলাপথাৰ ৷ যুৱকজনক হত্যাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ তিনি যুৱকৰ বিৰুদ্ধে হত্য়াৰ অভিযোগ

নন্দেশ্বৰ কুলিৰ হত্যাৰ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী

জোনাই, ২৮ জুন: শেষকৃত্য সম্পন্ন কৰা হ’ল আক্ৰমণৰ বলি হৈ মৃত্য়ুক আঁকোৱালি লোৱা টি এম পি কেৰ সক্ৰিয় কৰ্মী নন্দেশ্বৰ কুলিৰ ৷ এক শোকাকুল পৰিৱেশত সম্পন্ন কৰা হয় নন্দেশ্বৰ কুলিৰ অন্ত্যেষ্টিক্ৰিয়া ৷ যোৱা ২৫ জুনত তিনিজন যুৱকৰ নিৰ্মম আক্ৰমণৰ ফলত মৃত্যু ঘটিছিল চিচিবৰগাঁও ধূনাগুৰিৰ যুৱক তথা টি এম পি কেৰ চিলাপথাৰ জিলাৰ সক্ৰিয় কৰ্মী নন্দেশ্বৰ কুলিৰ ।

বুধবাৰে বিয়লি নন্দেশ্বৰৰ মৃতদেহ টি এম পি কেৰ সদস্যৰ সহযোগত বগীবিল দলঙৰ সমীপৰ পৰা সমদল কৰি আনি ওপজা গাঁৱলৈ অনা হয় ৷ নন্দেশ্বৰৰ মৃতদেহ ধূনাগুৰি পোৱাৰ লগে লগে সমগ্ৰ গাঁওখনতে কান্দোনৰ ৰোল উঠে । কিন্তু বানপীড়িত ধূনাগুৰিৰ মৃতকৰ ঘৰৰ ওচৰে-পাজৰে কৰিব পৰা নগ’ল সৎকাৰ ৷ ঘৰৰ পৰা প্ৰায় তিনিশ মিটাৰ আঁতৰত হাত নাৱৰ সহায়েৰে এডোখৰ ওখ স্থানলৈ নি বহু গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা নন্দেশ্বৰৰ শেষকৃত্য।

ইপিনে গাঁওখনৰ ভিতৰতে অমায়িক-স্বপ্লভাষী হিচাপে পৰিচিত টি এম পি কেৰ সক্ৰিয় কৰ্মী নন্দেশ্বৰ কুলিৰ হত্যাৰ ঘটনাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনটোৱে ৷ হত্যাকাৰীক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ বাবে সময় সীমা বান্ধি দিয়ে টি এম পি কেয়ে । ইয়াৰ অন্যথা সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব বুলি সকীয়াই দিয়ে ।

ইফালে গাঁৱৰ গিৰিধৰ কুলি নামৰ এজন লোকক সোধ-পোচৰ বাবে আটক কৰিছে চিলাপথাৰ আৰক্ষীয়ে ৷ ধূনাগুৰি কুলি গাঁৱৰ হিমংশু কুলি, চন্দ্ৰ কুলি আৰু টিংকল কুলি নামৰ তিনি যুৱকে মৰিয়াই হত্যা কৰাৰ অভিযোগ তুলি তেওঁলোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তিৰ দাবী তুলিছে টি এম পি কেয়ে ৷

লগতে পঢ়ক: Missing Case in Assam:বহিঃৰাজ্যত দুৰ্বৃত্তৰ কৱলত নাৰায়ণপুৰৰ যুৱক

২৫ জুনৰ সন্ধিয়া তেওঁৰ AS 22 H 8823 নম্বৰৰ বাজাজ পালচাৰখনেৰে এগৰাকী মহিলাক আগবঢ়াই থ’বলৈ যায় । কিন্তু আমগুৰি-বগীবিল পথৰ টঙানি নদীৰ ওপৰত থকা ভেকেলি দলঙৰ পৰা দুখন মটৰচাইকেলত যোৱা তিনিজন যুৱকৰ লগত কিবা কথাত তৰ্কাতৰ্কি হয় ৷ তাৰ পাচতেই হতাহতি লাগে নন্দেশ্বৰ আৰু যুৱকৰ দলটোৰ মাজত । মহিলগৰাকীক এৰি পলাই যাবলৈ চেষ্টা কৰে নন্দেশ্বৰে । কিন্তু যুৱকৰ দলটোৱে খেদি যায় তেওঁক ।

তাৰ পিচত সন্ধিয়া প্ৰায় ৭.৩০ মাজ-দেবেৰাস্থিত মিছিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়ৰ সমীপত স্থানীয় ৰাইজে নন্দেশ্বৰক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰে । নন্দেশ্বৰক ততাতৈয়াকৈ ডিব্রুগড়ৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে যদিও মঙলবাৰে নন্দেশ্বৰৰ মৃত্যু হয় ।

একমাত্ৰ উপাৰ্জনক্ষম যুৱকজনৰ অকাল মৃত্যুত দিক-বিদিক হেৰুৱাই পেলোৱা দুৰ্ভগীয়া পৰিয়ালটোক কিছু সকাহ দিবলৈ চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছে সংগঠনটোৱে । বৰ্তমানলৈকে এই ঘটনাৰ সৈতে জড়িত এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.